newsnextone.com | গুৱাহাটীঃ উত্তৰ পূৰ্বাঞ্চল তথা অসমত বানে ভয়াবহ ৰূপ ধাৰণ কৰিছে৷ প্ৰায় ৫ লাখ লোক গৃহহাৰা হৈছে৷ খাদ্যৰ সংকটত পৰিছে বানাক্ৰান্ত লোকসকল৷ শিবিৰত খাদ্য সংকতে দেখা দিছে৷ উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যত এতিয়া চৌদিশে হাহাকাৰ৷ কিন্তু ৰাজ্য সমূহৰ চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰে যেনেদৰে সহায় কৰিব লাগিছিল তেনেদৰে সহায় নকৰাৰ অভিযোগ উত্থাপন হৈছে৷ 

দেশৰ আন প্ৰান্তত যেনেদৰে বান নতুবা প্ৰাকৃতিক দুৰ্যােগ হলে কেন্দ্ৰীয় চৰকাৰে খবৰ লয় নতুবা সাহায্য প্ৰদান কৰে তেনেদৰে উত্তৰ পূৰ্বাঞ্চলৰ তথা অসমৰ ক্ষেত্ৰত কৰা দেখা যোৱা নাই বুলি অভিযোগ উত্থাপন হৈছে৷

তাৰ মাজতে দেওবাৰে বৰাক উপত্যকা ভ্ৰমণ কৰে জলসম্পদ মন্ত্ৰী কেশৱ মহন্তই৷ দেওবাৰেই কাছাৰ জিলাত বানৰ কৱলত পৰি মৃত্যু হয় তিনিজন লোকৰ৷ কৰিমগঞ্জ আৰু হাইলাকান্দি জিলাত ২ জন লোকৰ মৃত্যু হয়৷ আনহাতে হোজাই-নগাঁও-কাৰ্বি আংলং জিলাৰ বিভিন্ন প্ৰান্ত কপিলী নৈৰ পানীয়ে ডুবাই৷ ইপিনে শনিবাৰৰ পৰা ব্ৰহ্মপুত্ৰ-ধনশিৰী নদী বিপদসীমাৰ ওপৰেৰে বৈ আছে৷ ফলত আতংকত দিন পাৰ কৰিছে ৰাইজে৷ 

হোজাই, কাৰ্বি আংলং, গোলাঘাট, কৰিমগঞ্জ, হাইলাকান্দি আৰু কাছাৰ জিলা বৈছিকৈ ক্ষতিগ্ৰস্থ হয়৷ বানৰ কৱলত পৰি ৫ লাখ মানুহে ককবকাব লগা হৈছে৷ দেওবাৰে অসম চৰকাৰে প্ৰকাশ কৰা তথ্য মতে, দেওবাৰে ৫জন লোকৰ বানৰ কৱলত পৰি মৃত্যু হয়৷ অসমত বানৰ কৱলত পৰি এতিয়ালৈ ১২ জন লোকৰ মৃত্যু হয়৷