newsnextone.com | শিৱসাগৰঃ যোৱা কেইবাটাও দিন ধৰি চুবুৰীয়া ৰাজ্য নাগালেণ্ডৰ পাহাৰত দি থকা বৰষুণে বিপত পেলাইছে নাগালেণ্ড-অসম সীমান্তৰ জিলা শিৱসাগৰক। নগা পাহাৰত নেৰেনেপেৰা বৰষুণ দি থকাৰ ফলত দিখৌ নৈ ফেনে ফোটোকাৰে বাঢ়ি অহাত কেইবাখনো গাঁৱৰ লোক পানীৰ মাজত আবদ্ধ হৈ পৰিছে। ৰাস্তা-ঘাট ডুব যোৱাৰ লগতে খাদ্যৰ সংকটত পৰা বুলি খবৰ আহিছে।

 ইতিমধ্যে শিৱসাগৰ জিলাৰ বিভিন্ন ঠাই ডুবা ৰাইজে ওখ ঠাই বিচাৰি হাহাকাৰ কৰিব লগা হৈছে। বিভিন্ন ঠাইত বাট-পথ ডুবাই পেলোৱাৰ ফলত হাহাকাৰ সদৃশ পৰিবেশৰ সৃষ্টি হয়। বিভিন্ন ঠাইৰ পৰা একাংশ পৰিয়ালক অন্য ঠাইলৈ স্থানান্তৰিত কৰাৰ লগতে শিবিৰ স্থাপনৰ বাবেও সাজু হৈছে প্ৰশাসন। মঙলবাৰৰ পৰা ক্ৰমান্বয়ে পানী বাঢ়ি অহা পৰিলক্ষিত হৈছে।

জিলা খনত সৃষ্টি হোৱা অভাবনীয় পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবৰ বাবে সাজু থাকিবৰ বাবে বিভিন্ন চৰকাৰী বিভাগক জিলা উপায়ুক্তই নিদেৰ্শ জাৰি কৰিছে।চৰকাৰী বিষয়া-কৰ্মচাৰীসকলে বানাক্ৰান্ত ৰাইজক সহায় কৰিবৰ বাবে সষ্টম হোৱা পৰিলক্ষিত হৈছে। অতি স্পৰ্শকাতৰ হৈ পৰিব পৰা অঞ্চলত জিলা প্ৰশাসনৰ বিষয়া কৰ্মচাৰী আৰু সেনাবাহিনীৰ জোৱানসকলে তীক্ষ্ণ দৃষ্টি ৰাখিছে। জিলা উপায়ুক্তই নিজেই বিভিন্ন বানাক্ৰান্ত অঞ্চল ভ্ৰমণ কৰি পৰিস্থিতিৰ বুজ লোৱাৰ লগতে প্ৰয়োজনীয় সকলো সহযোগিতা আগবঢ়াবৰ বাবে জিলা প্ৰশাসন সাজু বুলি কয়। ইতিমধ্যে এছডিআৰএফ বাহিনীয়ে উদ্ধাৰ অভিযান চলাই আছে।

আনহাতে গোলাঘাট ধনশিৰি দিখৌ নৈৰ বাঢ়নী পানীয়ে আতংকৰ কৰি সৃষ্টি কৰিছে। ধনশিৰি নৈ ফেনে ফোটাকাৰে বাঢ়ি অহাত গোলাঘাট জিলাত বানে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে। নীপকোৱে পানী এৰি দিয়াৰ ফলত ফেনে ফোটোকাৰে ধনশিৰিৰ জলপৃষ্ঠ বৃদ্ধি হোৱাত ঘৰ-দুৱাৰ এৰি শ-শ লোকে  ৰাজপথত আশ্ৰয় ল'বলগীয়া হৈছে। গোলাঘাট জিলাৰ নগৰৰ পৰা কিছু নিলগৰ লুৰুকিহাত, দুখুটিমুখ, ঢুলীয়া গাঁও, চেঁচামুখ, মিঠাআম, ৰংদৈ অঞ্চলৰ ৰাইজ বানৰ কৱলত পৰিছে যদিও প্ৰশাসনে খবৰ নোলোৱাৰ অভিযোগ উত্থাপন হৈছে। জলবন্দী ৰাইজে ওখ ঠাই বিচাৰি হাহাকাৰ কৰিব লগা হৈছে।