বিশেষ প্ৰতিবেদনঃ সৌন্দৰ্য-সুগন্ধিৰ কাব্যিক বিৱৰণেৰে হয়তো অনাগত সময়ত কোনো গীতিকাৰে ৰচিব নোৱাৰিব সুৱদি গীত। ভৱিষ্যতে বহুদিন বকুলৰ মালা গোঁথা নাইৰ দৰে কালজয়ী গীতৰ সৃষ্টিৰ সম্ভাৱনাও শূন্য।

কবি-গীতিকাৰৰ হৃদয়ত আলোড়ন তুলিব পৰাকৈ এতিয়া পূৰ্বৰ শকতিও হেৰুৱাইছে বকুলে। একেই দশা খৰিকাজাইৰো। বতাহৰ বোকোচাত উঠি দশোদিশ ভ্ৰমণ কৰা ফুলৰ সুগন্ধি এতিয়া তেনেই কম।

♦ এতিয়া নোগোন্ধায় বকুল-খৰিকাজাই 
♦ বকুল-তগৰক পাহৰি পেলাব নতুন প্ৰজন্মই
♦ সকলো মগ্ন ছিজন ফ্লাৱাৰৰ প্ৰেমত 

প্ৰদূষণৰ বিষয়ত বিশ্বজুৰি সৰব চৰ্চাৰ সময়ত পৰিলক্ষিত হৈছে এনে পৰিৱৰ্তন। আশ্বৰ্যৰ কথা এয়ে যে, আগৰ দৰে গোন্ধে আমোলমোলাই নাথাকে বকুল ফুলে।

চহৰাঞ্চলৰ দৰে গ্ৰামাঞ্চলতো অনেক ফুলৰ সুগন্ধ হ্ৰাস হৈছে। পূৰ্বতে একোটা এলেকাত সুঘ্ৰাণ বিয়পোৱা ফুলৰ এইবাৰ নাই মুঠেও গোন্ধ।

বিশেষকৈ সমগ্ৰ নামনি আৰু মধ্য অসমত এইবাৰ ফুলিছে গোন্ধহীন ফুল। ৰমক-জমককৈ ফুলি থকা তগৰ নতুবা খৰিকাজাইৰো নাই পূৰ্বৰ সুগন্ধি। প্ৰকৃতিবিদৰ মতে বতাহ ক্ৰমে বিষাক্ত হৈ পৰাৰ ফলতে গোন্ধ হেৰুৱাইছে ফুলে।

"জলবায়ু পৰিৱৰ্তন আৰু প্ৰদূষণৰ বিৰূপ প্ৰভাৱে সুগন্ধি ফুলবোৰকে চুই গৈছে। পৰাগ সংযোগৰ সময়ত কেতবোৰ প্ৰদূষক গেছীয় পদাৰ্থৰ সংযোগলৈ অহাৰ ফলতে ফুলবোৰে স্বাভাৱিক গোন্ধ হেৰুৱাই পেলাইছে বুলি কিছুদিন পূৰ্বে এদল উদ্ভিদ বিজ্ঞানীয়ে মন্তব্য কৰিছে। পাৰিপাৰ্শ্বিক উষ্ণতা বৃদ্ধিও ইয়াৰ আন এক কাৰণ।"-এইদৰে কয় ফুলৰ খেতিৰ লগতে ফুল সম্পৰ্কীয় তথ্যৰ সন্ধান কৰি ভাল পোৱা সোণাপুৰৰ হৰিচৰণ দত্ত নামৰ লোকজনে।

তেওঁ আৰু কয়, "কিছুদিন পূৰ্বে মই ছায়েন্স ডেইলীত এটি গৱেষণামূলক প্ৰবন্ধ পঢ়িছিলো। তাত কোৱা হৈছে যে তৃতীয় বিশ্বৰ অধিকাংশ দেশতে ফুলৰ গোন্ধ হ্ৰাস পাইছে। জধে-মধে কল-কাৰখান স্থাপন ইয়াৰ এক অন্যতম কাৰণ। গৱেষণামূলক লেখাটোৰ আঁত ধৰি ক'ব পাৰি যে অসমতো ফুলৰ গোন্ধ হ্ৰাস পোৱাৰ এয়াই মূল কাৰণ।"

"উত্তৰ গুৱাহাটীৰ ফুলবোৰৰ গোন্ধ বহুত হ্ৰাস পাইছে। স্বাভাৱিক গোন্ধ প্ৰয়া নাই বুলিবই পাৰি। তাৰ স্থানীয় বহু লোকে এই কথাটো মন কৰা বুলি মোক জানিবলৈ দিছে। একেদৰে ইটাভাটা থকা মধ্য অসমৰ প্ৰায়োৰ ঠাইতে ফুলবোৰ গোন্ধহীন হৈ পৰিছে।"-হৰিচৰণে কয়।

"এক সাংঘাটিক পৰিৱৰ্তন দেখিবলৈ পাইছো কামৰূপ জিলাৰ কমলপুৰ অঞ্চলত। তাত লোক এজনে এখন ক্ষুদ্ৰ নাৰ্ছাৰী চলায়। তেখেতে জনোৱা মতে কাষতে এটা কক উদ্যোগ আৰু কাগজ প্ৰস্তুতৰ উদ্যোগ গঢ়ি উঠাৰ পিছতে হেনো ফুলৰ গোন্ধ আচৰিত ধৰণে কমি আহিছে। মই অঞ্চলটোলৈ নিজে গৈও স্পষ্ট প্ৰমাণ পাইছো। অঞ্চলটোত গোলাপ ফুলৰ গোন্ধ প্ৰায় নোহোৱা হোৱাৰ দৰে হৈ পৰিছে।"- জৈৱ সংশ্লেষণৰ প্ৰসংগ উল্লেখ কৰি নিউজ নেক্সট ৱানৰ আগত এইদৰে কয় হৰিচৰণে।

একেদৰে ফুলৰ থলুৱা ফুলৰ গছৰ পৰিমাণ হ্ৰাস পাই আহিছে বুলিও হৰিচৰণে আক্ষেপ কৰে। বকুল, তগৰ, গুটিমালতী, খৰিকাজাই, মাধৈমালতী, গধূলি গোপাল আদিৰ দৰে থলুৱা ফুলবোৰৰ পৰিৱৰ্তে মানুহে এতিয়া বিদেশী ফুলবোৰৰ প্ৰতিহে আকৰ্ষিত হোৱা বুলি তেওঁ কয়।

উল্লেখ্য যে জনসংখ্যা বৃদ্ধিৰ লগে লগে জনবসতি ঘন হৈ পৰাত ঘৰৰ আগফাল-পিছফালৰ বহল ঠাই প্ৰায় নাইকিয়া হৈ পৰিছে। এনে কাৰণতে  অাগতে অসমীয়া গৃহস্থৰ পদূলিত বা ঘৰৰ পিছফালত দেখিবলৈ পোৱা বকুল, তগৰ, চম্পা আদিৰ দৰে ফুলবোৰ প্ৰায় নাইকিয়া হৈ পৰিছে।

ইয়াৰ পৰিৱৰ্তে অকণমান ঠাইতে আৰ-বেৰ দি বহু ফুলৰ গছ একেলগে ৰোপণ কৰি বাগিছা পাতিবলৈ আৰম্ভ কৰিছে বহু লোকে। অকণমান ঠাইত বহু ফুলৰ গছ হোৱাৰ বাবেও ফুলবোৰৰ গোন্ধ হ্ৰাস পোৱা বুলিও ভবাৰ থল নথকা নহয়। বহু লোকে আকৌ থলুৱা ফুলৰ পৰিৱৰ্তে বিদেশী ছিজন ফ্লাৱাৰ টাবত লগোৱাৰ প্ৰতিহে অধিক আগ্ৰহী হৈ পৰা দেখা গৈছে। নগৰাঞ্চলৰ লগতে গ্ৰামাঞ্চলৰ লোকসকলৰ মাজতো এনে প্ৰৱণতা বৃদ্ধি পোৱাতো দুৰ্ভাগ্যজনক আখ্যা দিছে ফুল ভাল পোৱা হৰিচৰণে।

"ছিজন ফ্লাৱাৰৰ প্ৰতি মানুহৰ আকৰ্ষণ ইমান বাঢ়িছে যে কেইবছৰমান পিছত নতুন প্ৰজন্মই বকুল, তগৰ, খৰিকাজাই আদিৰ দৰে ফুলবোৰ চিনিয়েই নাপাব।"-সকলোকে অসমৰ চিনাকি ফুলৰ গছ ৰোপণ কৰিবলৈ আহ্বান জনাই এইদৰে আক্ষেপ প্ৰকাশ কৰে হৰিচৰণ দত্তই।