কাজিৰঙাঃ  ৰাজ্যখনৰ চৌদিশে বলীয়া বানৰ বিভীষিকা । বন্যাৰ্তৰ মাজত এক হাহাকাৰ পৰিস্থিতি । বন্যাৰ্তই নিজৰ ঘৰ বাৰী এৰি পথৰ দাঁতিত আৰু আশ্ৰয় শিবিৰত থাকিব লগা হৈছে । বানাক্ৰান্ত ৰাইজক কিছু সকাহ দিয়াৰ মানসৰে আজি শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘৰ বোকাখাত জিলা শাখাৰ  অন্তৰ্গত কাজিৰঙা আঞ্চলিক শাখাই বছৰৰ প্ৰথমটো  বানত বৰ বেয়াকৈ বিধস্ত হোৱা বিশ্ব ঐতিহ্য কাজিৰঙা বানাক্ৰান্তক এসাঁজ এক সিদ্ধান্ন আগবঢ়ায় ।  

উল্লেখযোগ্য যে কাজিৰঙা আঞ্চলিক শাখাৰ সেৱাবাহিনীৰ তত্বাৱধানত আঞ্চলিক শাখাটিৰ পাঁচখন প্ৰাথমিক শাখাৰ সহযোগত আজি পুৱা ৮ বজাৰ পৰা আবেলিলৈকে  কাজিৰঙাৰ ১২ টা বান শিবিৰত আশ্ৰয় লৈ থকা প্ৰায় পোন্ধৰশ বন্যাৰ্তৰ মাজত এই আহাৰ আগবঢ়োৱাৰ উপৰিও বান শিবিৰত থকা কন কন শিশুৰ পৰা বয়োজ্যেষ্ঠ সকলৰ দুখ-দুৰ্দশাৰ বুজ লয় । 

আজি এই কাৰ্যসূচীত শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘৰ বোকাখাত জিলাৰ সভাপতি যোগেশ লইং , কেন্দ্ৰীয় সেৱাবাহিনীৰ সাহিত্য উপ সচিৱ শ্ৰীমন্ত হাজৰিকা , জিলাধিনায়ক চন্দন বৰা , উপ জিলাধিনায়ক জয়ন্ত নাথ , পুতুল শইকীয়া, প্ৰাক্তন জিলাধিনায়ক নিৰাময় তামুলী ,   কাজিৰঙা আঞ্চলিক শাখাৰ সভাপতি সম্পাদক বিষয়ববীয়া লগতে  সেৱাবাহিনীৰ বিষয়ববীয়া সকল উপস্থিত থাকে ।