তুলসীবাৰীঃ তৰণী আৰিমত্ত ফুটবল ক্লাবৰ উদ্যোগত তৰণী মিনি ষ্টেডিয়ামত চলি থকা প্ৰাইজমানি ফুটবল প্ৰতিযোগিতাত হাজো মিলনজ্যোতি সংঘই ফাইনেলত প্ৰবেশ কৰে৷

মঙলবাৰে অনুষ্ঠিত উত্তেজনা পূৰ্ণ  অন্তিম খন চেমি ফাইনেলত নিৰ্দ্ধাৰিত সময়ত গল শূণ্য ভাবে সমাপ্ত হয়৷ পৰবৰ্তী সময়ত ট্ৰাইব্ৰেকাৰত ৩-১ গলৰ ব্যৱধানত হাজো মিলনজ্যোতিয়ে এলেভেন ষ্টাৰ তৰণীক পৰাস্ত কৰিবলৈ সক্ষম হয়৷