newsnextone.com | চাবুৱাঃ ফুটবল খেলক বহিঃ ক্ৰীড়া বুলি কোৱা হয়। বিশ্বৰ কোনো কোনো দেশত ফুটবলক ‘চ’কাৰ’ বুলিও কয়। বিশ্বৰ সবাতোকৈ জনপ্ৰিয় খেলসমূহৰ মাজৰ অন্যতম ফুটবল খেল। জনপ্ৰিয় ফুটবলক খেলক লৈ অসমৰ জকাইচুকৰ এনেক যুৱকৰ দুৰ্বলতা আছে। তাৰকা খেলুৱৈৰ ভৰিৰ যাদু প্ৰত্যক্ষ কৰি অসমৰ বুহ যুৱকে ফুটবলৰ তাৰকা হ'ব খোজে। বিশ্বক দেখুৱাব খোজে ভৰিৰ যাদু৷ 

অসমৰ গাঁৱৰ হৰি, ৰহিম, মানস, ৰমেন আব্দুল হতে নিজৰ মাজত লুকাই থকা প্ৰতিভা নিশ্চয়কৈ বিকাশ কৰিব খোজে। অসমৰ যুৱকে ৰাজ্যিক, ৰাষ্ট্ৰীয় আৰু বিশ্বকাপ ফুটবললৈকে খোজ দিব খোজে। একাংশ লোকে গ্ৰাম্য অঞ্চলৰ ফুটবলৰ প্ৰতিভাক চিনাক্ত কৰি উপযুক্ত প্ৰশিক্ষণ দিবলৈ আহ্বান জনাই আহিছে৷

কিয়নো যোৱা ৬-৭ বছৰত ৰাজ্যৰ কেইবাগৰাকী প্ৰতিভাৱান যুৱ খেলুৱৈয়ে ফুটবল খেলত উজলি উঠা পৰিলক্ষিত হৈছে৷ চৰকাৰে গাঁৱে-ভূঞে সিচৰিত হৈ থকা প্ৰতিভাক গুৰুত্ব দিলে যথেষ্ট যুৱ খেলুৱৈয়ে উজলি উঠিব এয়া খাতং৷  

নাইজেৰিয়াৰ খেলুৱৈ চানডে অগ্ৰেয়ে অসমৰ বিভিন্ন প্ৰান্তত গাঁৱৰ যুৱকক ফুটবলৰ প্ৰশিক্ষণ প্ৰদান কৰি আহিছে। নগাঁও জিলাৰ যুৱকক ফুটবলৰ প্ৰশিক্ষণ প্ৰদান কৰাৰ পিছত ডিব্ৰুগড় জিলাৰ চাবুৱাত গাঁও অঞ্চলৰ যুৱকক ফুটবল প্ৰশিক্ষণ প্ৰদান কৰি আহিছে চানডেই।

চাবুৱাৰ জকাইচুকৰ যুৱকে ভৰিৰে যাদু দেখুৱাব খোজাৰ সপোনক দিঠকত পৰিণত কৰিব খুজিছে এগৰাকী যুৱকে। চাবুৱা ক্ৰীড়া সন্থাৰ সভাপতি মৃদুল ৰাজখোৱাই সপোন সফল কৰিবলৈ আগভাগ লৈছে। মৃদুল ৰাজখোৱাৰ নেতৃত্বত চাবুৱাৰ যুৱকক ফুটবলৰ প্ৰশিক্ষণ দিছে অগ্ৰেয়ে। 

চাবুৱাৰ চেতিয়া পথাৰ গাঁৱৰ নবোদয় সংঘই অনুষ্ঠিত কৰা প্ৰশিক্ষণ শিবিৰত বহু যুৱকে অংশগ্ৰহণ কৰে। খেলপথাৰত ঘণ্টাৰ পিছত ঘণ্টা ধৰি প্ৰশিক্ষণ দি আহিছে প্ৰশিক্ষক অগ্ৰেয়ে। চেতিয়া গাঁও , চাবুৱা ক্ৰীড়া সন্থাৰ খেল পথাৰ, পুলুঙা গাও ,জেৰাই গাঁও, কলিয়াপানী, বৰগুৰি, জানমুখ পানীতোলা আদি ঠাইত ফুটবলৰ প্ৰশিক্ষণ প্ৰদান কৰিবলৈ সাজু হৈছে অগ্ৰেয়ে। 

অসমত যথেষ্ট প্ৰতিভাৱান খেলুৱৈ আছে তেওঁলোকক উপযুক্ত প্ৰশিক্ষণ প্ৰদান কৰিলে বিশ্বৰ ফুটবলত উজলি উঠিব বুলি কয় অগ্ৰেয়ে। অসমীয়া লোকে যিদৰে সন্মান, মৰম, চেনেহ যাচিছে তাৰ বাবে সুখী বুলি কয় প্ৰশিক্ষকগৰাকীয়ে। মৃদুল ৰাজখোৱাৰ প্ৰচেষ্টাত উঠি অহা খেলুৱৈসকলক উপযুক্ত প্ৰশিক্ষণ প্ৰদান কৰাক সফল হ'ব বুলি কয়।

চাবুৱা ত্ৰিনয়নজ্যোতি এফচিয়ে অসম প্ৰিমিয়াৰ লিগত সুন্দৰ প্ৰদৰ্শন কৰাৰ পিছত চাবুৱাৰ খেলুৱৈসকলে অধিক আকৰ্ষিত হৈ পৰে ফুটবলৰ প্ৰতি। আগষ্ট মাহত ডিব্ৰুগড়-তিনিচুকীয়া জিলাৰ বিভিন্ন স্থানত প্ৰশিক্ষণ প্ৰদান কৰিব ।