খাৰুপেটীয়াঃ নামনি অসমত আজিও অব্যাহত আছে বন ধ্বংস যজ্ঞ৷ কৰবাত পাহাৰৰ গছ কাটি তহিলং কৰিছে আন কৰবাত নদীৰ বুকুত খনন কৰি তলি উদং কৰিছে একাংশ প্ৰশাসন-চৰকাৰৰ খাচ মানুহে৷ ৰাজ্যত এটা বিয়াগোম বন বিভাগ থকাৰ পিছতো এফালৰ পৰা বনজ সম্পদ ধ্বংস কৰি গৈছে একাংশ লোকে৷ এতিয়া বন বিভাগক কোনেও কেৰেপ নকৰি এফালৰ পৰা ধ্বংস বন কৰিলেও ধৰোতা কোনো নাই৷

বনজ সম্পদ ৰক্ষাৰ প্ৰতিশ্ৰুতি দি ৰাইজৰ পৰা ভোট ভিক্ষা কৰি শাসনৰ গাদী দখল কৰা ৰাজ্যৰ বিজেপি নেতৃত্বাধীন চৰকাৰে বনজ সম্পদ ৰক্ষা কৰিব পাৰিছেনে৷ এয়া এতিয়া বহু ডাঙৰ প্ৰশ্ন৷ আজিও কাজিৰঙাৰ গঁড় আৰু ৰাজ্যৰ বিভিন্ন ঠাইত হাতীৰ মৃত্যু হৈ আছে৷ ৰাজ্যৰ বিভিন্ন ঠাইত হাতী-গঁড় হত্যা হৈ থকাৰ লগতে সেউজীয়া পাহাৰ, নৈৰ বালি-মাটি খনন কৰি আজিও ব্যৱসায় চলাই গৈছে একাংশ লোকে৷ ইয়াৰ মাজতে নামনিৰ দৰং জিলাত ব্যাপক হাৰত নৈৰ খনন অব্যাহত থকা বুলি অভিযোগ উত্থাপন হৈছে৷

জিলা খনৰ মঙলদৈ চহৰত সময়ে সময়ে বন বিভাগে অবৈধ শিল-বালি কড়িওৱা ট্ৰাক-ডাম্পাৰ-ট্ৰাক বিৰুদ্ধে অভিযান চলাই যদিও সেয়া ফোটেকাৰ ফেনত পৰিণত হয়৷ সেয়া বন বিভাগে কেৱল ৰাইজক দেখুৱাই চমক সৃষ্টি কৰে যদিও আন এপালে মুক্ত মনেৰে একাংশ লোকে শিল-বালিৰ ব্যৱসায় কৰাৰ লগতে নৈৰ বুকুত খনন অব্যাহক ৰাথে৷ বন বিভাগৰ লোকৰ আৰ্শীবাদত খনন অব্যাহত থকাৰ অভিযোগ উত্থাপিত হৈ আহিছে৷

ৰাইজে ৰাজ্যৰ অগপ, বিজেপি আৰু বিপিএফৰ মিত্ৰ জোটৰ চৰকাৰে অবৈধ বালিৰ ব্যৱসায় তথা তথা বনজ সম্পদ ধ্বংস কৰিবলৈ হে ককালত টঙালি বান্ধিছে৷ অগপ, বিজেপি বিপিএফৰ মিত্ৰজোঁটৰ চৰকাৰে ২৫ বছৰ পূৰ্বে বনজ সম্পদ ৰক্ষাৰ প্ৰতিশ্ৰুতি দিছিল৷ বনজ সম্পদৰ ৰক্ষা শ্ল’গান যেন শ্ল’গান হৈ থাকিল৷ চৰকাৰ খনৰ প্ৰায় ২২ মাহ পাৰ হ’ল যদিও ৰাজ্য চৰকাৰে বনজ সম্পদ ৰক্ষা কৰিবলৈ সক্ষম হোৱা নাই৷ বিভিন্ন ঠাইৰ লগতে দৰং জিলাতো অব্যাহত আছে বন ধ্বংস যজ্ঞ৷

জিলাত খনত আজিও অব্যাহত আছে নৈৰ বুকুত অবৈধ খনন৷ দৰং জিলাৰ বিভিন্ন প্ৰান্তৰ লগতে খাৰুপেটীয়াৰ কৌপাতিত নিতৌ শ-শ ডাম্পাৰ, ট্ৰাক, ট্ৰেক্টৰ আদিয়ে ধনশিৰি নৈৰ পৰা বালি কঢ়িয়াই থকা পৰিলক্ষিত হৈছে৷ নৈ খনৰ বুকুত নিতৌ খনন কৰি বন বিভাগৰ লোকৰ চকুৰ সন্মুখেৰে ডাম্পাৰ, ট্ৰাক, ট্ৰেক্টৰ আদিৰে অবৈধ ভাৱে বালি কঢ়িয়াই আছে যদিও ধৰোতা কোনো নাই৷ নৈ খন এনেদৰে খনন কৰাত নৈৰ দুয়ো পাৰৰ ৰাইজ শংকিত হৈ পৰিছে৷ বাৰিষা তীব্ৰ গৰা খহনীয়াৰ কৱলত পৰাৰ আশংকা কৰি আতংকিত হৈ পৰিছে ৰাইজ৷ ৰাইজে বন বিভাগক নৈ খনৰ বুকুত খনন কৰি থকাৰ সন্দৰ্ভত বন বিভাগক জনোৱাৰ পিছতো গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ উত্থাপন হৈছে৷