ধুবুৰীঃ ধুবুৰী জিলাত কেইবাগৰাকী ৰেলৱে ঠিকাদাৰৰ বিৰুদ্ধে বন ধ্বংস কৰাৰ অভিযোগ উত্থাপন হৈছে৷ কোটি কোটি টকাৰ ঠিকা লাভ কৰে ঠিকাদাৰে ৰেল পথ নিৰ্মাণৰ নামত পাহাৰ, সমতল ভূমি, খেতি পথাৰ ধ্বংস কৰাৰ অভিযোগ উত্থাপন হয়৷ একাংশ ঠিকাদাৰ নিজ খেয়াল খুচি মতে চৰকাৰী-বেচৰকাৰী ভূমি খনন কৰি অহাৰ অভিযোগ উত্থাপন হৈছে৷

ধুবুৰীৰ বিভিন্ন এলেকাত ১০-১২ ফুট পৰ্যন্ত দ’কৈ একো একো খন পথাৰ খান্দি পেলোৱাৰ অভিযোগ উত্থাপন হৈছে৷ ইয়াৰ দ্বাৰা প্ৰমাণ হয় বিজেপি চৰকাৰখনে ৰাজ্যবাসীক প্ৰদান কৰা দুৰ্নীতি মুক্ত ৰাজ্য গঢ়াৰ লগতে বনজ সম্পদ ৰক্ষাৰ প্ৰতিশ্ৰুতি ফুটুকাৰ ফেনত পৰিণত হৈছে৷ সেউজীয়া পাহাৰ, গছ-গছনি, খেতি-পথাৰ এফালৰ পৰা ধ্বংস কৰি চলাই আছে ৰেল পথৰ নিৰ্মাণৰ কাৰ্য৷

ঠিকাদাৰে তাণ্ডৱ চলাই যোৱাৰ পিছতো ধৰোতা কোনো নাই৷ একাংশ বিষয়া-অভিযন্তাই মুনাফা লাভৰ আশাতেই পাহাৰ তথা সমতলভূমিত খনন কাৰ্য চলাই থকাৰ পিছতো গুৰুত্ব আৰোপ নকৰাৰ অভিযোগ উত্থাপন হৈছে৷ জানিব পৰা মতে, কেন্দ্ৰীয় চৰকাৰে মইনাগুৰিৰ পৰা যোগীঘোপালৈ নতুনকৈ ব্ৰডগজ ৰেলপথ নিৰ্মাণৰ বাবে আঁচনি গ্ৰহণ কৰে৷

ৰেল বিভাগৰ ঠিকা লাভ কৰে এন চি দাস, শিৱম, চন্দন ডেকা, ডোৱাৰৰ্ছ কোম্পানীয়ে৷ ঠিকাদাৰ তথা নিৰ্মাণ প্ৰতিষ্ঠানসমূহৰ বিৰুদ্ধে বনজ সম্পদ ধ্বংস কৰাৰ অভিযোগ উত্থাপন হৈছে৷ উল্লেখ্য যে, ৰেলপথ নিৰ্মাণ কাৰ্যত ব্যৱহাৰ কৰিবৰ বাবে অবৈধভাৱে পাহাৰ তথা শস্য ভূমিৰ মাটিত খনন কাৰ্য চলাই থকাৰ পৰিপ্ৰেক্ষিতত খেতিৰ বাবে উপযোগী মাটিসমূহ দ-পুখুৰীত পৰিণত হৈছে৷ ধুবুৰী জিলাৰ পাণবাৰী, আলমগঞ্জ আদি অঞ্চলত পাহাৰ, খেতি-পথাৰৰ লগতে নৈ সমূহত খনন কৰি থকা দেখা যায়৷

যাৰ ফলত কৃষকসকলে হাহাকাৰ কৰিব লগা হৈছে৷ ইতিমধ্যে কেইবাগৰাকী দৰিদ্ৰ খেতিয়কে ধুবুৰীৰ আটানী উপ-আৰক্ষী চকীত এজাহাৰ দাখিল কৰে৷ তৎসত্বেও আৰক্ষী প্ৰশাসনে বিষয়টোক কাণসাৰ নিদিয়াৰ বাবে বৰ্তমানেও দৈনিক শ-শ ট্ৰাক-ডাম্পাৰেৰে মাটি কঢ়িয়াই আছে বুলি অভিযোগ উত্থাপন কৰে৷ ইয়াৰোপৰি ৰেল পথৰ নিৰ্মাণত কোম্পানীসমূহে অনিয়ম কৰাৰ অভিযোগ উত্থাপন কৰে ৰাইজে৷ লাইন নিৰ্মাণ কৰোঁতে ব্যৱহাৰ কৰিব লগা শিল সমূহ নিম্নমানৰ বুলি অভিযোগ উত্থাপন কৰিছে একাংশ ৰাইজে৷

গৃহ নিৰ্মাণতো নিম্ন মানদণ্ডৰ কাঠ ব্যৱহাক কৰাৰ অভিযোগ উত্থাপিত হৈছে৷ জানিব পৰা মতে, ধুবুৰী জিলাৰ বন বিষয়া আব্দুছ ছবুৰ তালুকদাৰ আৰু ৰেলৱে অভিযন্তা পৰশমনি হাজৰিকাৰ একাংশ লোকে এতিয়া মুক্ত মনে পাহাৰ তথা শস্য ভূমি  খনন কৰি চলাই গৈছে তাণ্ডৱ৷ ৰাইজে বন বিষয়া আৰু ৰেলৱে বিষয়াৰ বিৰুদ্ধে ক্ষোভ ব্যক্ত কৰি বন মন্ত্ৰী প্ৰমিলা ৰাণী ব্ৰহ্মক ধুবুৰী জিলাৰ পাণবাৰী, আলমগঞ্জ অঞ্চল পৰিদৰ্শন কৰি বন ধ্বংসৰ প্ৰকৃত ছবিখন প্ৰত্যক্ষ কৰিবলৈ আহ্বান জনায়৷