ওদালগুৰিঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ ফটো ব্যৱহাৰ কৰি দেশৰ চৰকাৰে ব্যাপক হাৰত ডিজিটেল ইণ্ডিয়াৰ প্ৰচাৰ কৰি আহিছে৷ ডিজিটেল ইণ্ডিয়াৰ ধাৰণা প্ৰকট হোৱাৰ পিছৰে পৰা দেশত ন’ ন’ কথা প্ৰচাৰ হৈ আহিছে৷ ২৫১ টকাত ফ্ৰিডম স্মাৰ্ট ফোন দিয়াৰ বাবে এটি কোম্পানীয়ে ব্যাপক হাৰত প্ৰচাৰ চলাইছিল৷ ২৫১ টকাত ফ্ৰিডম স্মাৰ্ট ফোন সন্দৰ্ভত বিজেপি দলৰ একাংশ সমৰ্থকে ব্যাপক প্ৰচাৰ চলাই এয়া নৰেন্দ্ৰ মোডীৰ চিন্তাৰ প্ৰতিফলন বুলি প্ৰচাৰ চলাইছিল যদিও অৱশেষত সকলো ফোটোকাৰ ফেনত পৰিণত হয়৷

এইবাৰ মোডীৰ ফটো ব্যৱহাৰ কৰি আন এক চমক দিবৰ বাবে চেষ্টা অব্যাহত ৰাখিছে এটি অখ্যাত ৱেবছাইটে৷ এটা বিশেষ ৱেবছাইটে নিজকে জনপ্ৰিয় কৰা তথা বিশ্বাসযোগ্যতাৰ প্ৰমাণ দিবলৈ গৈ ডিজিটেল ইণ্ডিয়া নামটো ব্যৱহাৰ কৰাৰ লগতে মোডীৰ ফটো ব্যৱহাৰ কৰি থকা পৰিলক্ষিত হৈছে৷ অখ্যাত ৱেব লিংকটো হ'ল www.cashpayz.in। কেৱল ইমানতে ক্ষান্ত নাথাকি এই ৱেব লিংকটোৱে নিজকে জনপ্ৰিয় কৰাৰ মানসিকতাৰে উটি ভাহি গৈ বিনামূলীয়াকৈ ২০০ টকাৰ ৰিচাৰ্জ প্ৰতিগৰাকী লোকৰ মোবাইলত ভৰাই দিয়াৰ কথা লিংকটোত উল্লেখ কৰে।

ৰিচাৰ্জ পাবলৈ হ'লে আপুনি পূৰণ কৰিব লাগিব এখন আৱেদন। যিখন আৱেদনত আপোনাৰ সম্পূৰ্ণ নাম, ফোন নম্বৰ বহুৱাই আপুনি ছ'চিয়েল মিডিয়াৰ মাধ্যমেৰে ১৫গৰাকী বন্ধু অথবা হোৱাটচএপৰ ১৫টা গ্ৰুপলৈ প্ৰেৰণ কৰিব লাগিব। তাৰ পাছত আপুনি ২০০ টকাৰ মোবাইল ৰিচাৰ্জ লাভ কৰিব বুলি ৱেবছাইডত উল্লেখ আছে৷ কিন্তু এয়া হ'ল এক ভূৱা প্ৰলোভন। লিংকটোৰ নিৰ্দেশ অনুসৰি আপুনি আগুৱাই গৈ থাকিলেও লাভ নকৰে কোনো ধৰণৰ মোবাইল ৰিচাৰ্জৰ টকা।

আন এক গুৰুত্বপূৰ্ণ বিষয় এয়ে যে উক্ত লিংকটো খোলাৰ লগে লগে তাত জিলিকি থাকে ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ ফটোসহ ডিজিটেল ইণ্ডিয়াৰ সেই আশাৰ শ্ল’গানটো। যাক লৈ এতিয়া বিভিন্ন মহলত হৈছে ব্যাপক চৰ্চা। এগৰাকী প্ৰধানমন্ত্ৰীৰ ফটো এনেদৰে বিকৃত কৰি দেশৰ কোটি কোটি জনসাধৰণক মিছা প্ৰলোভন দিয়া কাৰ্যক সকলোৱে একেমুখে ধিক্কাৰ দিছে। ডিজিটেল যুগলৈ গতি কৰি থকা দেশখনত প্ৰধানমন্ত্ৰীগৰাকীৰ ফটো এনেদৰে সংলগ্ন কৰি জনপ্ৰিয় কৰিব খোজা ৱেবচাইটোৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবী উত্থাপিত হৈছে। আগন্তুক দিনত চৰকাৰে ৱেবছাইটটোৰ বিৰুদ্ধে কি ব্যৱস্থা লয় সেয়া লক্ষণীয় হ’ব৷