গোৰেশ্বৰঃ বাঙালীক হাৰাশাস্তি কৰিলে নাগৰিকত্বৰ ভিত্তিবৰ্ষ ১৯৭১ চন মানি নলও৷ আমাৰ ওপত অত্যাচাৰ হলে সকলো সংগঠন বহি থাকে৷ বিভিন্ন সংগঠনে কয়, ১৯৭১ চনৰ ২৫ মাৰ্চৰ পূৰ্বে অহা সকলো লোকেই ভাৰতীয়৷ কিন্তু বহু লোকক ডি-ভোটাৰ, ডিটেনছন কেম্পত ৰখা হৈছে কিন্তু কোনেও মাত নিদিয়ে৷

যদি বাঙালীক ডি-ভোটাৰৰ নামত হাৰাশাস্তি কৰা হয় তেন্তে ১৯৭১ চন আৰু কেতিয়াও মানি নলও৷ এই মন্তব্য সদৌ অসম বাঙালী যুৱ-ছাত্ৰ ফেডাৰেছনৰ কেন্দ্ৰীয় সভাপতি দীপক দে’ৰ। দেওবাৰে গোৰেশ্বৰৰ গড়কাপ্তানি পৰিদৰ্শন বঙলাৰ প্ৰাংগনত অসম আন্দোলনত নিহত ব্যক্তিৰ ক্ষতিপূৰণ দাবী সমিতিৰ উদ্যোগত অনুষ্ঠিত গোৰেশ্বৰৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত অংশ লৈ এই মন্তব্য আগবঢ়ায়৷