গোৰেশ্বৰঃ আছুৰ অধিৱেশনত জনগোষ্ঠী সমূহৰ সমস্যাৰ ওপৰত এঘন্টা-দুঘন্টা হলেও আলোচনা হ’ব লাগিছিল৷ যদি কাৰ্বি, মিচিং সাহিত্য সভাৰ চৰ্চা নহয় সেই সাহিত্য সভাৰ লগত কোনে থাকিব৷ সেইকাৰণে বড়ো সাহিত্য সভা, ৰাভা সাহিত্য সভা, কাৰ্বি সাহিত্য সভা বেলেগ৷

তেন্তে অসম সাহিত্য সভা কাক লৈ৷ কেনেকৈ হ’ব বৃহত্তৰ অসমীয়া গঠন প্ৰক্ৰিয়া৷ ক’ত আছে বৃহত্তৰ অসমীয়া গঠন প্ৰক্ৰিয়া৷ সাহিত্য সভাৰ পৰা আছুৰ মজিয়াৰ পৰা বৃহত্তৰ অসমীয়াৰ প্ৰক্ৰিয়া আৰম্ভ হ’ব লাগিছিল৷ আছু আৰু সাহিত্য সভাই মানুহ ধৰি ৰাখিব পৰা নাই৷

নিজে নিজে গুচি গৈছে৷ এই মন্তব্য বিটিচিৰ ইএম মহেশ্বৰ বসুমতাৰীৰ। দেওবাৰে গোৰেশ্বৰৰ গড়কাপ্তানি পৰিদৰ্শন বঙলাৰ প্ৰাংগনত অসম আন্দোলনত নিহত ব্যক্তিৰ ক্ষতিপূৰণ দাবী সমিতিৰ উদ্যোগত অনুষ্ঠিত গোৰেশ্বৰৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত অংশ লৈ এই মন্তব্য আগবঢ়ায়৷ বসুমতাৰীয়ে বৃহত্তৰ অসমীয়া গঠন প্ৰক্ৰিয়াক লৈ প্ৰশ্ন উত্থাপন কৰাত প্ৰতিক্ৰিয়াৰ সৃষ্টি হয় গোৰেশ্বৰত৷

ইয়াৰ পূৰ্বেও গোৰেশ্বৰ সমষ্টিৰ জিএম তথা কাৰ্যবাহী সদস্য মহেশ্বৰ বসুমতাৰীয়ে ২০১৭ চনৰ ১৮ ফেব্ৰুৱাৰীত গোৰেশ্বৰ গড়কাপ্তানি বিভাগৰ পৰিদর্শন বঙলা প্ৰাংগণত আয়োজিত এক জনসভাত অসম আন্দোলনৰ শ্বহীদক অপমানসূচক মন্তব্য কৰিছিল।

অসম আন্দোলনত দেশ মাতৃৰ অস্তিত্ব ৰক্ষাৰ লগতে দেশৰ হকে প্ৰাণ বলিদান দিয়া শ্বহীদক লৈ যি মন্তব্য কৰি অসম আন্দোলনৰ শ্বহীদক হত্যাকাৰী বুলি অভিহিত কৰিছিল।