ডিজিটেল ডেস্কঃ নৰকলৈ স্বাগতম- এনেধৰণৰেই শ্লোগানেৰে জাৰ্মানীত আৰম্ভ হৈছে তীব্ৰ বিক্ষোভ। ১২ হাজাৰৰো অধিক লোকে অংশগ্ৰহণ কৰা এই আন্দোলনে ক্ৰমে হিংসাত্মক ৰূপ লৈছে। এফালে আৰক্ষীয়ে বিক্ষোভকাৰীক ছত্ৰভংগ দিয়াবলৈ জলকীয়া গুড়ি মিহলি পানী ছটিওৱাৰ বিপৰীতে বিক্ষোভকাৰীয়ে বটল, শিলৰ টুকুৰাৰে দিছে প্ৰত্যুত্তৰ।

Protests in Hamburg

দৰাচলতে জাৰ্মানীৰ হেমবাৰ্গ চহৰত জি-২০ সন্মিলনক লৈ আয়োজক দেশ জাৰ্মানী বিপাঙত পৰিছে। কিয়নো আলহী হিচাপে আহিছে বিতৰ্কৰ শীৰ্ষত থকা বিয়াগোম নেতা। ডোনাল্ড ট্ৰাম্প, ভলাডিমিৰ পুটিনৰ দৰে বিতৰ্কিত নেতাৰ আগমনক লৈ ক্ষুণ্ণ হৈ পৰা দেখা গৈছে হাজাৰ হাজাৰ জাৰ্মান নাগৰিক।  

বিক্ষোভকাৰীৰ সৈতে আৰক্ষীৰ সংঘৰ্ষত ৭৬ জনকৈ আৰক্ষী আহত হৈছে। তিনিজন আৰক্ষীক চিকিৎসালয়ত ভৰ্তি কৰিবলগীয়া হৈছে। ভালেকেইজন বিক্ষোভকাৰীও আহত হৈছে বিক্ষোভৰ সময়ত। 

German riot policemen catches protester during the demonstrations during the G20 summit in Hamburg

জি-২০ সন্মিলনত বিশ্বৰ ২০ খন সদস্য দেশৰ শীৰ্ষ নেতাই অংশগ্ৰহণ কৰিবলগীয়া এই সন্মিলনৰ তালিকাত আছে আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পো। 

বিশ্বৰ অৰ্থনীতি সংক্ৰান্তত আলোচনাৰ বাবে একগোট হোৱা এই দেশকেইখনে এইবাৰ জলবায়ু পৰিবৰ্তন, বাণিজ্যকে ধৰি বিভিন্ন গুৰুত্বপূৰ্ণ সমস্যাৰ ওপৰত আলোকপাত কৰিব। 

German riot police confront protesters during the demonstrations during the G20 summit in Hamburg

২০ হাজাৰ সুৰক্ষা কৰ্মী নিযুক্ত কৰা হৈছে চহৰখনত। কটকটীয়া নিৰাপত্তাৰ বেষ্টনী গঢ়ি তোলা হৈছে সমগ্ৰ চহৰখনত। ইতিমধ্যেই জাৰ্মান চেন্সেলৰ এঞ্জেলা মাৰ্কেলক ডোনাল্ড ট্ৰাম্পে সাক্ষাত কৰা বুলি জাৰ্মান মুখপাত্ৰই সদৰী কৰিছে। 

কালি হুটা মাত, আজি সাক্ষাৎ

FILE PHOTO: Russian President Vladimir Putin attends a news conference at the Kremlin in Moscow, Russia, on January 17, 2017 and U.S. President Donald Trump seen at a reception ceremony in Riyadh, Saudi Arabia, on May 20, 2017, as seen in this combination photo.  Sputnik/Alexei Druzhinin/Kremlin via REUTERS and Bandar Algaloud/Courtesy of Saudi Royal Court/Handout/File photos via REUTERS

উল্লেখ্য যে এই সন্মিলনতে প্ৰথমবাৰৰ বাবে মুখামুখি হ’ব ডোনাল্ড ট্ৰাম্পৰ সৈতে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভলডিমিৰ পুটিন। পোলেণ্ডক অস্থিৰ কৰি তোলা বুলি ট্ৰাম্পে পুটিনক সমালোচনা কৰাৰ এদিন পিছতেই দুয়োজনৰ সাক্ষাতত কি কথা-বতৰা হ’ব, তাকে লৈ উৎসুকতাৰ সৃষ্টি হৈছে।

A hooded demonstrator kicks during the rally

ইতিমধ্য কথাৰ মাজতে পোলেণ্ডৰ ট্ৰাম্প-বিৰোধী লোকক সম্বোধি ট্ৰাম্পে ৰগৰ কৰি কৈছে- 'মোৰ পোলেণ্ড সাক্ষাতত দিয়া ভাষণৰ ইমান ধুনীয়া বিশ্লেষণ আগবঢ়োৱা বাবে মোক ঘৃণা কৰা সকললৈকেও ধন্যবাদ!’ ৰুছ সংবাদপত্ৰত প্ৰকাশিত তথ্য মতে স্থানীয় সময় অনুযায়ী আবেলি ৩ বজাত ট্ৰাম্পে সাক্ষাত কৰিব পুটিনক।

ট্ৰাম্পে বৰ্খাস্ত কৰা থেৰেছাই কি কৰিব!

শেহতীয় পেৰিছ জলবায়ু সন্মিলনৰ দৰে গুৰুত্বপূৰ্ণ সন্মিলনৰ পৰা মাৰ্কিন যুক্তৰাষ্ট্ৰই অব্যাহতি লোৱাৰ বাবে ট্ৰাম্পক সমালোচনাৰে থকা-সৰকা কৰিবলৈ সাজু হৈছে বৃটেইনৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী থেৰেছা মে।

Prime minister Theresa May arrives at Hamburg Airport for the G20 economic summit.

দ্বাদশ জি-২০ সন্মিলনত সন্ত্ৰাসবাদী সংগঠনৰ পুঁজি যোগান ধৰা দেশ সম্পৰ্কত কঠোৰ পদক্ষেপৰ আহ্বান জনাব থেৰেছাই। অৱশ্যে ছৌদি আৰৱক সন্ত্ৰাসবাদী সংগঠনৰ পুঁজি যোগান সম্পৰ্কত সমালোচনা নকৰাৰ প্ৰসংগৰে সংবাদমাধ্যমে ইতিমধ্যেই থেৰেছাৰ সমালোচনা আৰম্ভ কৰিছে।