প্ৰতিকি ফটো
প্ৰতিকি ফটো

নলবাৰীঃ চৰকাৰ পৰিৱৰ্তন হ'লেই নহয়, পৰিৱৰ্তন হ'ব লাগিব বিষয়া-কৰ্মচাৰীৰ মানসিকতাও৷ তেতিয়াহে উন্নয়নৰ বাট মুকলি হ'ব। এই কথাকেই দোহাৰি ৰাজ্য তথা কেন্দ্ৰ চৰকাৰে সময়ে সময়ে বিষয়া-কৰ্মচাৰীক সৰ্ম-সংস্কৃতি গঢ়ি তুলিবলৈ আহ্বান জনাই আহিছে যদিও বিষয়া-কৰ্মচাৰীয়ে কেৰেপ নকৰে এনে আহ্বান। সেয়ে চৰকাৰী কৰ্মচাৰীয়ে জুৱা খেলি থকা দৃশ্য অসমত দুৰ্লভ নহয়। 

নলবাৰী জিলাৰ তেনেই এটা কাৰ্যালয়ত মঙলবাৰে তথা যোৱা ২০ ফেব্ৰুৱাৰীত এদল সাংবাদিকে অভিযান চলায়৷ মঙলবাৰে পুৱাই সাংবাদিকৰ দলে জিলা খনৰ জলসিঞ্জন বিভাগৰ কাৰ্যালয়ত প্ৰৱেশ কৰাৰ পিছতে দৌৰা-দৌৰি লাগে৷ ওপৰৱালা ছাৰ আহি কাৰ্যালয়ত সোমোৱাৰ দৰেই পৰিৱেশৰ সৃষ্টি হয় কাৰ্যালয় দুটাত৷ সাংবাদিক দেখামাত্ৰে কৰ্তব্যত গাফিলতি কৰাৰ বিষয়া-কৰ্মচাৰীৰ হুৱা-দুৱা লাগে৷ হেৰাই যায় বহুতৰে থৰকাছুটি। 

নলবাৰী জিলাৰ কেইবাটাও বিভাগৰ কাৰ্যালয়ত বিষয়া-কৰ্মচাৰীৰ অনিয়মীয়া উপিস্থিতিৰ অভিযোগ উত্থাপন হৈ আহিছে৷ কৰ্তব্যত গাফিলতি কৰি মাহিলী দৰমহা পাই থকা একাংশ কৰ্মচাৰীৰ মঙলবাৰে হঠাৎ দৌৰাদৌৰি লাগে৷ নলবাৰী চহৰস্থিত জলসিঞ্চন বিভাগৰ অধীক্ষক অভিযন্তাৰ কাৰ্যালয় আৰু একে চৌহদতে থকা জলসিঞ্চন বিভাগৰ বৈদ্যুতিক উপ-সংমণ্ডলৰ সহকাৰী কাৰ্যবাহী অভিযন্তাৰ কাৰ্যালয়ত মঙলবাৰে ৰাইজৰ অভিযোগৰ ভিত্তিত চহৰ খনৰ সাংবাদিকৰ দল এটাই অভিযান চলায়৷

কাৰ্যালয় দুটাত জুৱা খেলৰ আড্ডাস্থলীত পৰিণত হোৱা বুলি অভিযোগ উত্থাপন হৈ আহিছে৷ তাৰ মাজতে মঙলবাৰে দুপৰীয়া সাংবাদিকৰ দল কাৰ্যালয়টোত উপস্থিত হৈ মদ্যপান আৰু জুৱা খেলি থকা প্ৰত্যক্ষ কৰে৷ সাংবাদিকৰ দল প্ৰত্যক্ষ কৰি জলসিঞ্চন বিভাগৰ কৰ্মচাৰীসকলে দৌৰি পলায়ণ কৰে৷ উল্লেখ্য যে, জলসিঞ্চন বিভাগৰ উত্তৰ কামৰূপ চক্ৰৰ অধীক্ষক অভিযন্তাৰ কাৰ্যালয় আৰু জলসিঞ্চন বিভাগৰ বৈদ্যুতিক উপ-সংমণ্ডলৰ কাৰ্যালয়ত মদ-জুৱাৰ আড্ডা বছৰ বছৰ ধৰি চলি থকা বুলি অভিযোগ উত্থাপিত হৈ আহিছিল৷ কৃষকক পথাৰত পানী যোগান ধৰাৰ বাবে বিভাগটোৰ কৰ্মচাৰীসকলে ব্যস্ত থাকিব লাগে যদিও তাৰ পৰিবৰ্তে কাৰ্যালয়ত জুৱা আৰু মদৰ আড্ডা চলি থকা বুলি অভিযোগ উত্থাপন হৈ আহিছে৷