গোঁসাইগাওঃ গোঁসাইগাও মহকুমাৰ শ্ৰীৰামপুৰ ৰেল কলনী সংলগ্ন হাৰাফুটা নৈ পাৰৰ গংগা মন্দিৰৰ গংগা মূৰ্ত্তি শিৰচ্ছেদ কৰে কোনো অচিনাক্ত দুবৃত্তই।

নিশা কোনো অজ্ঞাত দুস্কৃতিকাৰীয়ে গংগা মূৰ্তিৰ মুণ্ড কাটি মন্দিৰ গৃহটো লণ্ড-ভণ্ড কৰে। পুৱা ঘটনাটো জানিব পাই স্থানীয় ৰাইজে মন্দিৰ প্ৰাঙ্গনত উপস্থিত হৈ প্ৰতিবাদ জনোৱাৰ লগতে দুস্কৃতিকাৰীক আটক কৰি কঠোৰ শাস্তি বিহাৰ দাবী জনায়।

উত্তেজিত ৰাইজে শ্ৰীৰামপুৰ বজাৰ বন্ধ কৰাৰ লগতে ধুবুৰী কচুগাঁও গড়কাপ্তানি পথ অৱৰোধ কৰি প্ৰতিবাদ সাব্যস্ত কৰে। উল্লেখ্য যে ইয়াৰ পূৰ্বেও উক্ত মন্দিটোত কোনো দুৰ্বৃত্তই অনুৰূপ ঘটনা সংঘটিত কৰিছিল।

এই ক্ষেত্ৰত প্ৰশাসনে এজনো দুস্কৃতিকাৰীক আটক কৰিব নোৱাৰাত চল পোৱা কোনো দুস্কৃতিকাৰীয়ে এই ঘটনা পুনৰাই কৰা বুলি ক্ষোভিত ৰাইজে প্ৰকাশ কৰে।