আকৌ যেন উভতি আহিছে সেই দিনটো! সেইদিনা আছিল ১৫ আগষ্ট। ৫৭সংখ্যক স্বাধীনতা দিৱস উদযাপনত ব্যস্ত হৈ পৰিছিল সমগ্ৰ দেশ। চৰকাৰী কাৰ্যালয়, বিদ্যালয়, মানুহৰ ঘৰ, দোকান সকলোতে বতাহত উৰিছিল ত্ৰিৰংগা। জাতীয় পতাকা লগোৱা গাড়ীবোৰ হৰ্ণ বজাই বজাই সগৌৰৱে পাৰ হৈ গৈছিল।

দেশৰ ৫৭সংখ্যক স্বাধীনতা দিৱস উদযাপনৰ প্ৰস্তুতি চলোৱা হৈছিল ধেমাজি কলেজৰ খেলপথাৰতো। বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ পৰা অভিভাৱক, স্থানীয় নাগৰিকলৈকে অনেক লোক সমবেত হৈছিল স্বাধীন দেশৰ স্বাধীনতাক হৃদয়ংগম কৰিবৰ বাবে। কিন্তু... ঠিক তেনেতেই সংঘটিত হয় এটা বিস্ফোৰণ।

নিমিষতে স্বাধীনতাৰ হাঁহিয়ে প্ৰফুল্লিত কৰি ৰখা খেলপথাৰখনত বিৰাজ কৰে আতংকই। তীব্ৰ আৰ্তনাদ আৰু মৃত্যুৰ কাতৰ চিঞৰে মুহূৰ্তৰ ভিতৰতে নমাই আনে বিভীষিকা। ক’লা ধোঁৱাই ছানি ধৰা আকাশত তেতিয়াও ওলমি ৰৈছিল ৰাষ্ট্ৰীয় পতাকাখন।

২০০৪ চনৰ সেই ভংয়ংকৰ বোমা বিস্ফোৰণে প্ৰাণ কাঢ়ি লৈ গৈছিল ১৩ গৰাকী স্কুলীয়া ছাত্ৰ-ছাত্ৰীকে ধৰি মুঠ ১৮ জন লোকৰ। চিৰদিনৰ বাবে ঘূণীয়া হৈ পৰিছিল ৪০ জনতকৈও অধিক লোক। পৰৱৰ্তী সময়ত নিষিদ্ধ উগ্ৰপন্থী সংগঠন আলফাই সেই বিস্ফোৰণৰ দায়িত্ব স্বীকাৰ কৰি অসমবাসীৰ ওচৰত ক্ষমা খুজিছিল। কিন্তু তেতিয়ালৈকে যেন বহু পলম হৈ গৈছিল আলফাৰ এই কুকাৰ্যক ক্ষমা কৰি দিবলৈ।

সমগ্ৰ দেশ জোকাৰি যোৱা এই লোমহৰ্ষক বিস্ফোৰণৰ ঘটনাই আজি পাৰ কৰিছে ১৯টা বছৰ। কিন্তু ১৯ বছৰীয়া এই আইনী যুঁজৰ পিছতো যেন ন্যায় নাপালে সেই বিভীষিকাত প্ৰাণ হেৰুওৱা সকলৰ পৰিয়ালে। আজি অৰ্থাৎ ২৪ আগষ্টত গুৱাহাটী উচ্চ ন্যায়ালয়ে ৰায় প্ৰদান কৰি এই বিস্ফোৰণৰ আটাইকেইজন অভিযুক্তকে দোষমুক্ত ঘোষণা কৰে। উচ্চ ন্যায়ালয়ৰ এই ৰায়দানৰ পিছতে এতিয়া সৰ্বত্ৰে সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ। প্ৰশ্ন উঠিছে ন্যায় ব্যৱস্থাৰ নিৰপেক্ষতাক লৈও। 

ধেমাজিৰ সেই ক’লা দিনটো...

২০০৪ চনৰ ১৫ আগষ্টত স্বাধীনতা দিৱসৰ পতাকা উত্তোলনৰ বাবে সমবেত হোৱা ছাত্ৰ-ছাত্ৰী আৰু স্থানীয় নাগৰিকৰ মাজত বিভীষিকা নমাই আনিছিল নিষিদ্ধ সংগঠন আলফাই সংঘটিত কৰা এটা বিস্ফোৰণে। এই বিস্ফোৰণৰ পিছতে আলফাই দায়িত্ব স্বীকাৰ কৰি কৈছিল যে আচলতে সংগঠনটোৰ লক্ষ্য আছিল নিৰাপত্তা বাহিনী। কিন্তু বিস্ফোৰণে মৃত্যু মাতি আনিলে কণ কণ শিশুসহ ১৮ জনৰ জীৱনলৈ।

এই কাণ্ডৰ ফলত সমগ্ৰ ৰাজ্যৰ লগতে গোটেই ভাৰতত ক্ষোভৰ উদগীৰণ ঘটে। ধেমাজিৰ স্থানীয় ৰাইজে সেই স্থানত আৰক্ষীৰ বাহনসমূহ আক্ৰমণ কৰি পেৰেডক ৰক্ষা কৰাত ব্যৰ্থ হোৱাৰ অভিযোগ উত্থাপন কৰে। পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে আৰক্ষীয়ে লাঠি চাৰ্জ আৰু কন্দুৱা গেছৰ আশ্ৰয় ল’বলগীয়া হয়। 

তেতিয়াৰ মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে এই বিস্ফোৰণক “অতি বৰ্বৰ, অমানৱীয় আৰু কৰুণ” কাণ্ড বুলি অভিহিত কৰি এই ক’লা দিনৰ স্মৃতিত প্ৰতি বছৰে ১৬ আগষ্টৰ দিনটো শোক দিৱস হিচাপে পালন কৰাৰ ঘোষণা কৰে। ইয়াৰ উপৰিও মৃতকৰ পৰিয়ালৰ বাবে ৩ লাখ আৰু গুৰুতৰভাৱে আহত হোৱা লোকৰ বাবে ৫০ হাজাৰ টকাৰ আৰ্থিক সাহায্য ঘোষণা কৰে অসম চৰকাৰে।

এই বিস্ফোৰণ কাণ্ডৰ পিছত আৰক্ষী অধীক্ষক আৰু ধেমাজিৰ অতিৰিক্ত আৰক্ষী অধীক্ষকক কৰ্তব্যৰ গাফিলতিৰ বাবে নিলম্বন কৰা হয়। জিলা উপায়ুক্তক তৎকালীনভাৱে বদলিৰ নিৰ্দেশ প্ৰদান কৰে গৃহ বিভাগে। 

তেতিয়াৰ বিৰোধী দল চিপিআই (এম)ৰ অসম ৰাজ্যিক সমিতিয়ে এই কাণ্ডক তীব্ৰভাৱে নিন্দা কৰি ১৭ আগষ্টত গুৱাহাটীত উগ্ৰপন্থী আৰু প্ৰশাসনৰ বিৰুদ্ধে প্ৰতিবাদ সভাৰ আয়োজন কৰে। ১৮ আগষ্টত ১২ ঘণ্টীয়া অসম বন্ধৰ বাবেও তেওঁলোকে আহ্বান জনায়। সদৌ অসম ছাত্ৰ সন্থাকে ধৰি অন্যান্য ৰাজনৈতিক দল আৰু সংগঠনসমূহেও এই ঘটনাক তীব্ৰ ভাষাৰে গৰিহণা দি মুখ্যমন্ত্ৰীৰ পদত্যাগৰ দাবীত ৰাজ্যজুৰি প্ৰতিবাদ সাব্যস্ত কৰে।

ধেমাজি কাণ্ডৰ তদন্ত আৰু বিচাৰ প্ৰক্ৰিয়া

আৰক্ষীয়ে প্ৰথম তদন্ত আৰম্ভ কৰি নিষিদ্ধ সংগঠন আলফাৰ সৈতে জড়িত মুঠ ১৪ জনক আটক কৰে। পৰৱৰ্তী সময়ত অসম চৰকাৰে এই নৃশংস বিস্ফোৰণ কাণ্ডৰ তদন্তৰ দায়িত্ব অৰ্পণ কৰে চিবিআইৰ হাতত। চিবিআইয়ে ২০০৭ চনত ৬ জন অভিযুক্তৰ বিৰুদ্ধে চাৰ্জ শ্বীট দাখিল কৰে। চিবিআইয়ে অভিযোগ কৰে যে তেওঁলোক আলফাৰ সদস্য আছিল। এই সমগ্ৰ বিস্ফোৰণ কাণ্ডত নাম সাঙোৰ খাই পৰে প্ৰাক্তন কেবিনেট মন্ত্ৰী ভৰত নৰহৰো। চিবিআইয়ে দাবী কৰা মতে, এই বিস্ফোৰণ কাণ্ড সংঘটিত কৰিবলৈ প্ৰাক্তন মন্ত্ৰী ভৰত নৰহেই অভিযুক্ত কেইজনক বিস্ফোৰক যোগান ধৰিছিল।

২০০৮ চনত ধেমাজি জিলা আৰু চেচন আদালতত গোচৰৰ বিচাৰ আৰম্ভ হয়। ১১ বছৰ ধৰি শুনানিৰ অন্তত আদালতে ২০১৯ চনৰ ৪ জুলাইত ৰায়দান ঘোষণা কৰে। বাকী ৮ জন অভিযুক্ত ক্ৰমে মিনু বৰা, জয়া চুতীয়া, জিতেন চুতীয়া, অপ্সৰা বৰা, গোবিন্দ কলিতা, জয়চন্দ্ৰ চুতীয়া, চন্দ্ৰনাথ গগৈ আৰু মোহন চুতীয়াক দোষমুক্ত ৰায় দিয়ে নিম্ন আদলতে।

ইয়াৰ বিপৰীতে চেচন আদালতে ৪ অভিযুক্ত ক্ৰমে- দীপাঞ্জলি বুঢ়াগোঁহাই, মুহি সন্দিকৈ, যতীন দুৱৰী আৰু লীলা গগৈক যাৱজ্জীৱন কাৰাদণ্ড আৰু আন দুজন অভিযুক্ত প্ৰশান্ত ভূঞা আৰু হেমেন গগৈক চাৰি বছৰৰ কাৰাদণ্ডৰ শাস্তি বিহে। লগতে আদালতে তেওঁলোকৰ প্ৰত্যেককে ১০ হাজাৰ টকা জৰিমনা বিহে। কিন্তু নিম্ন আদালতৰ এই ৰায়ৰ পিছতে অভিযুক্তই এই ৰায়ক প্ৰত্যাহ্বান জনাই উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হয়।

উচ্চ ন্যায়ালয়ৰ ৰায়দান

নিম্ন আদালতৰ ৰায়ক প্ৰত্যাহ্বান জনাই অভিযুক্তই দাখিল কৰা আবেদনৰ প্ৰথম শুনানি উচ্চ ন্যায়ালয়ে গ্ৰহণ কৰে চলিত বৰ্ষৰ ২৪ জুলাইত। উচ্চ ন্যায়ালয়ে নিম্ন ন্যায়ালয়ৰ নিৰ্দেশ বাতিল কৰি ছয় অভিযুক্তক দোষমুক্ত ঘোষণা কৰে। উচ্চ ন্যায়ালয়ে কয় যে বিচাৰ বিভাগে যুক্তিসংগত সন্দেহৰ বাহিৰত তেওঁলোকৰ দোষ প্ৰমাণ কৰিব নোৱাৰাৰ বাবে তেওঁলোকক সন্দেহৰ সুবিধা দিয়া হৈছিল।

কিন্তু উচ্চ ন্যায়ালয়ৰ এই ৰায়ৰ পিছতে এতিয়া অসন্তুষ্টি ব্যক্ত কৰিছে বিস্ফোৰণত প্ৰাণ হেৰুওৱাসকলৰ পৰিয়াল আৰু আহতসকলৰ লগতে ৰাজ্যৰ সচেতন মহলে। ভুক্তভোগীয়ে উচ্চ ন্যায়ালয়ৰ ৰায়দানৰ প্ৰতি সন্দেহ প্ৰকাশ কৰি ন্যায় ব্যৱস্থাৰ ওপৰতো প্ৰশ্নৰ উত্থাপন কৰিছে। একাধিক ভুক্তভোগীৰ পৰিয়ালে উচ্চ ন্যায়ালয়ৰ এই ৰায়ৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ৰ কাষ চপাৰো ইংগিত দিয়ে।

ভুক্তভোগীৰ পৰিয়ালৰ অসন্তুষ্টি

বিস্ফোৰণত ভগ্নীক হেৰুওৱা এজন ভুক্তভোগীয়ে কয় যে তেওঁ উচ্চ ন্যায়ালয়ৰ পৰা ন্যায়ৰ আশা কৰিছিল যদিও ইয়াৰ সিদ্ধান্তত হতাশ হৈছে। তেওঁ কয় যে এই ব্যৱস্থাটোৱে তেওঁলোকক বিশ্বাসঘাতকতা কৰা যেন অনুভৱ কৰিছে। নিম্ন আদালতে দোষী সাব্যস্ত কৰাৰ পিছত অভিযুক্তক কেনেকৈ মুক্ত কৰিব পাৰি বুলিও তেওঁ প্ৰশ্নও উত্থাপন কৰিছে। তেওঁ কয় যে শেষ নিশ্বাসলৈকে তেওঁ ন্যায়ৰ বাবে যুঁজি থাকিব।

বিস্ফোৰণত এখন ভৰি হেৰুৱাই চিৰদিনৰ বাবে ঘূণীয়া হোৱা এজন ভুক্তভোগীয়ে কয় যে উচ্চ ন্যায়ালয়ৰ ৰায়দানত তেওঁ স্তম্ভিত হৈ পৰিছে। তেওঁ কয় যে বিস্ফোৰণৰ বাবে তেওঁ শৈশৱ আৰু সপোন হেৰুৱাই পেলাইছে আৰু কেইবাটাও অস্ত্ৰোপচাৰ আৰু চিকিৎসা কৰিবলগীয়া হৈছে। তেওঁ কয় যে তেওঁ আশা কৰিছিল যে অপৰাধীসকলক তেওঁলোকৰ অপৰাধৰ বাবে শাস্তি দিয়া হ’ব যদিও আজি দোষমুক্ত ঘোষণা কৰাত হতাশ হৈ পৰিছে।

উচ্চ ন্যায়ালয়ৰ ৰায়দানক লৈ হতাশ হৈ পৰা বহু কেইগৰাকী ভুক্তভোগী আৰু তেওঁলোকৰ পৰিয়ালে কয় যে তেওঁলোকে ১৯ বছৰ ধৰি ন্যায়ৰ বাবে অপেক্ষা কৰি আছে যদিও আদালতে তেওঁলোকক ন্যায় লাভৰ পৰা আজি বঞ্চিত কৰিছে। তেওঁলোকে কয় যে তেওঁলোকে ন্যায়পালিকাৰ ওপৰত বিশ্বাস হেৰুৱাই পেলাইছে আৰু অসহায় আৰু আশাহত অনুভৱ কৰিছে।

আজি আশাহত অসমীয়া, সৰ্বত্ৰে কেৱল ক্ষোভৰ জুই

ধেমাজি বিস্ফোৰণ অসমৰ ইতিহাসৰ অন্যতম কৰুণ আৰু ভয়ানক ঘটনা, যিয়ে জনসাধাৰণৰ সামূহিক মনোজগতত গভীৰ দাগ পেলাইছে। এই বিস্ফোৰণে নিৰাপত্তা সংস্থা, প্ৰশাসন আৰু ন্যায়পালিকাৰ এনে সন্ত্ৰাসবাদী কাৰ্যক ৰোধ, তদন্ত আৰু গোচৰ চলোৱাত ব্যৰ্থতাও উদঙাই দিছে। উগ্ৰপন্থী সংগঠনৰ সৈতে সম্পৰ্ক থকা আৰু ৰাষ্ট্ৰীয় নিৰাপত্তাৰ সৈতে আপোচ কৰা বুলি অভিযোগ উত্থাপন হোৱা ৰাজনৈতিক নেতাৰ ভূমিকাক লৈও এই বিস্ফোৰণে অনেক প্ৰশ্নৰ উত্থাপন কৰিছে। এই বিস্ফোৰণে অসমৰ দীৰ্ঘদিনীয়া সমস্যা সমাধান আৰু হিংসা আৰু ৰক্তপাতৰ অন্ত পেলাবলৈ বিভিন্ন অংশীদাৰৰ মাজত আলোচনা আৰু তাৰ প্ৰয়োজনীয়তাও ভালকৈয়ে বুজাই দিছে।

সমান্তৰালভাৱে উচচ ন্যায়ালয়ৰ ৰায়দানে ধেমাজি বিস্ফোৰণৰ সেই দুঃসহ কাহিনীক যেন এক নতুন মোৰ প্ৰদান কৰিছে। যোৱা ১৯ বছৰে অমীমাংসিত হৈ ৰোৱা এটা গোচৰৰ মীমাংসাৰ অপেক্ষাত ৰৈ থকা সকলৰ ধৈৰ্য জুখি চাবলৈ উচ্চ ন্যায়ালয়ৰ এই ৰায়দানেই যথেষ্ট। বহুতেই চৰকাৰৰ অনীহাৰ বাবেই ন্যায়ালয়ত অভিযুক্তসকলে এনেকৈ সাৰি যাবলৈ সমৰ্থ হৈছে বুলিও মন্তব্য কৰা দেখা গৈছে।

এই ৰায়ৰ পিছতে এতিয়া নতুন বিতৰ্কৰ সূচনা হৈছে অসমত ন্যায়, মানৱ অধিকাৰ আৰু জবাবদিহিতাক লৈ। উচ্চ ন্যায়ালয়ে আজি জীৱিত আৰু ভুক্তভোগীৰ পৰিয়ালৰ মাজত হতাশা আৰু ন্যায় ব্যৱস্থাৰ প্ৰতি মোহভংগতাৰ সৃষ্টি কৰা বুলি চৰ্চা চলিছে। আইনৰ শাসন বজাই ৰখাৰ লগতে জনসাধাৰণৰ অধিকাৰ সুৰক্ষিত কৰিব পৰা ন্যায়িক ব্যৱস্থাৰ বিশ্বাসযোগ্যতা আৰু অখণ্ডতাক প্ৰত্যাহ্বান জনাইছে এই ৰায়দানে।

ধেমাজি বিস্ফোৰণ কেৱল বোমা বিস্ফোৰণৰ গোচৰ নহয়, এয়া নৃশংসতাৰ চৰম সীমা অতিক্ৰম কৰা কেইজনমান লোকৰ মানসিক স্থিতিৰ গোচৰ, এয়া সামাজিক আঘাতৰ গোচৰ, ৰাজনৈতিক ষড়যন্ত্ৰৰ গোচৰ, ন্যায়িক বিসংগতিৰ গোচৰ। ধেমাজি বিস্ফোৰণ পুনৰ বিবেচনা, পৰ্যালোচনা আৰু পৰম সংবেদনশীলতা, আন্তৰিকতা আৰু সততাৰে সমাধানৰ প্ৰয়োজন। ধেমাজি বিস্ফোৰণ ন্যায়ৰ যোগ্য গোচৰ, কেৱল মৃত্যু হোৱা বা বাচি যোৱাসকলৰ বাবেই নহয়, আশাত জীয়াই থকাসকলৰ বাবেও এতিয়া ন্যায়ৰ প্ৰয়োজন।