ফটো সৌজন্যঃ ফেচবুক
ফটো সৌজন্যঃ ফেচবুক

গুৱাহাটীঃ গেৰুৱা নেতৃত্বাধীন চৰকাৰখনে প্ৰথমটো বৰ্ষপূৰ্তিৰ দিশে অগ্ৰসৰ হোৱাৰ সময়তে কংগ্ৰেছৰ কেইজনমান বিধায়কৰ বিজেপিগমনৰ বাতৰি কাণে কাণে চলি আছে। বিজেপি গমনৰ অংক-জংকৰ মাজতে এইবাৰ এজন বিশেষ নেতাৰ নাম চৰ্চালৈ আহিছে।

ভালেকেইজন কংগ্ৰেছ বিধায়কে ক্ষমতা লাভৰ আশাতেই দলীয় নীতি-নিৰ্দেশনা আৰু আনুগত্য জলাঞ্জলি দি গেৰুৱা হোৱাৰ দিশে আগবঢ়াৰ কথা তলে তলে চলি থকাৰ সময়তে ৰাজ্যখনত কংগ্ৰেছৰ উত্তৰসুৰী বুলি বিবেচিত সাংসদ গৌৰৱ গগৈয়ে এইবাৰ বিজেপি দলত যোগদান কৰাৰ কথা এক সূত্ৰই উল্লেখ কৰিছে।

নাম প্ৰকাশত অনিচ্ছুক সূত্ৰটোৰ মতে হয়তো চলিত বৰ্ষতে হয়তো প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ পুত্ৰ তথা কংগ্ৰেছৰ অন্যতম গুৰুত্বপূৰ্ণ নেতাৰূপে পৰিচিত নেতাগৰাকীয়ে বিজেপিলৈ ঢাপলি মেলিব। ৰাজনৈতিক মহলত হোৱা এই চৰ্চাই শেহতীয়াভাৱে দলৰ যুৱকৰ্মীসকলক হতাশ কৰি তুলিব পাৰে বুলি সূত্ৰটোৱে মন্তব্য কৰিছে।

চৰ্চা লাভ কৰা বিষয়টোৱে বিশেষ প্ৰাধান্য লাভ কৰে যেতিয়া বিজেপিৰ এগৰাকী জ্যেষ্ঠ নেতা সুব্ৰমণিয়াম স্বামীয়ে ছ’চিয়েল মিডিয়াযোগে এই কথাক লৈ পোষ্ট কৰে। 'গুৱাহাটীৰ প্ৰাক্তন মুখ্যমন্ত্ৰীৰ পুত্ৰই বিজেপিত যোগদান কৰিব বুলি উৰাবাতৰি প্ৰচাৰ হৈছে।’ - এনেদৰে ফেচবুকত আজি পুৱা ১০ বজাত টাইমলাইনত পোষ্ট কৰাৰ লগে লগে বিষয়টোৱে বিশেষ মাত্ৰা লাভ কৰে।

সততে বিতৰ্কৰে ৰাজনৈতিক অস্তিত্ব জাহিৰ কৰি ভালপোৱা নেতাগৰাকীয়ে গেৰুৱা দলৰ 'হিন্দুত্বৰ মোহ’ প্ৰতি আঙুলিয়াই গৌৰৱৰ বিদেশী পত্নিৰ কথাও পোষ্টটোত সাঙুৰি লৈ এক তাৎপৰ্যপূৰ্ণ প্ৰশ্ন কৰে। বিজেপিত যোগদান কৰাৰ পিছত গৌৰৱৰ পত্নিয়ে খ্ৰীষ্টান ধৰ্মৰ দীক্ষা এৰি দিবনে বুলি তেঁও কটাক্ষ কৰে।

অৱশ্যে এই কথা সম্পূৰ্ণ ভিত্তিহীন বুলি মন্তব্য কৰিছে গৌৰৱ গগৈয়ে। টুইটাৰত সাংসদগৰাকীয়ে আজি দুপৰীয়া ১ বজাত কৰা টুইটটোত তেঁও কৈছে যে বিজেপিৰ জ্যেষ্ঠ নেতাগৰাকীয়ে হাস্যস্পদ উৰা বাতৰিহে প্ৰচাৰ কৰিছে।

বিজেপি-আৰএছএছৰ ধ্বংসকাৰী নীতিৰ বিৰুদ্ধে যুঁজ দিয়াৰ মোৰ পণ এই কাৰ্যই অধিক শক্তিশালীহে কৰি তুলিছে বুলি মন্তব্য কৰে যুৱ নেতাগৰাকীয়ে। কংগ্ৰেছৰ সৈতে তেঁওৰ সম্পৰ্ক অৰ্জুন-কৃষ্ণৰ দৰেই বুলি মত প্ৰকাশ কৰে মন্ত্ৰীগৰাকীয়ে।