এফালে নাগৰিকত্ব সংশোধনী আইনক লৈ দেশজুৰি প্ৰতিবাদৰ উকমুকনি, আনফালে নিৰ্বাচনী বণ্ডৰ ফাদিল তথ্যক লৈ স্তম্ভিত দেশবাসী! দেশত ঘটি থকা এনেবোৰ ঘটনাৰ মাজতে আকৌ দুই নিৰ্বাচন আয়ুক্তৰ নিযুক্তি প্ৰক্ৰিয়াক লৈ একাংশৰ সন্দেহৰ চাৱনি। কিন্তু তাৰ মাজতে আজিৰে পৰা দেশত জাৰি হ’ল নিৰ্বাচনী আচৰণবিধি। আজি বিয়লি ৩ বজাত এক সংবাদমেল সম্বোধন কৰি সমাগত লোকসভা নিৰ্বাচনৰ সময়সূচী ঘোষণা কৰাৰ লগতে আজিৰে পৰা নিৰ্বাচনী আচৰণ বিধি জাৰি কৰাৰ কথা ঘোষণা কৰিলে দেশৰ মুখ্য নিৰ্বাচন আয়ুক্ত ৰাজীৱ কুমাৰে।

মুখ্য নিৰ্বাচন আয়ুক্ত ৰাজীৱ কুমাৰে সংবাদমেলত আজি নিৰ্বাচনৰ সময়সূচী ঘোষণা কৰি কয় যে অহা ১৯ এপ্ৰিলৰ পৰা সাতটা পৰ্যায়ত অনুষ্ঠিত হ’ব লোকসভা নিৰ্বাচনৰ ভোটগ্ৰহণ। ইয়াৰ পিছতে ৪ জুনত ঘোষণা কৰা হ’ব ফলাফল।  অৰ্থাৎ এইবাৰ মুঠ ৪০ দিন ধৰি চলিব ভোটগ্ৰহণ প্ৰক্ৰিয়া। মন কৰিবলগীয়া যে, এইবাৰ কিছু পিছুৱাই দিয়া হৈছে নিৰ্বাচনৰ সমগ্ৰ প্ৰক্ৰিয়া। ২০১৯ৰ সাধাৰণ নিৰ্বাচনতো সাতটা পৰ্যায়তে অনুষ্ঠিত হৈছিল ভোটগ্ৰহণ। ১৭ সংখ্যক লোকসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ অনুষ্ঠিত হৈছিল ১১ এপ্ৰিলত আৰু অন্তিম অৰ্থাৎ সপ্তম পৰ্যায়ৰ ভোটগ্ৰহণ অনুষ্ঠিত হৈছিল ১৯ মে’ত। 

এয়া ১৮ সংখ্যক লোকসভা নিৰ্বাচন। তৃতীয়বাৰৰ বাবে ক্ষমতাত অধিষ্ঠিত হোৱাৰ বাবে এইবাৰ ৰণাঙ্গনত নামিব মোদী নেতৃত্বাধীন বিজেপি। আনফালে বিজেপিৰ বিৰুদ্ধে দলে-বলে যুঁজ দিবলৈ সাজু ইণ্ডিয়া মিত্ৰজোঁট। ইতিমধ্যে নিৰ্বাচনী বতাহে বাউল কৰিছে সমগ্ৰ দেশ। ‘মোদীৰ গেৰেণ্টী’ আৰু ‘অন্যায়-অবিচাৰ’ৰ বিৰুদ্ধে বিৰোধীৰ যুঁজে ইতিমধ্যে তীব্ৰতৰ কৰি তুলিছে নিৰ্বাচনী প্ৰচাৰ। কিন্তু তাৰ মাজতে দিল্লীৰ সীমান্তত কৃষকৰ আন্দোলন, লাডাখৰ আমৰণ অনশন, নিৰ্বাচনী বণ্ডৰ তথ্য আৰু ‘কা’ক লৈ জনতাৰ মাজৰ মিশ্ৰিত প্ৰতিক্ৰিয়াই এইবাৰ নিৰ্বাচনত প্ৰভাৱ পেলোৱাৰো সম্ভাৱনা ব্যক্ত কৰিছে বহু বিশ্লেষকে। 

ক’ত, কেতিয়া হ’ব নিৰ্বাচন?

আজি দেশৰ মুখ্য নিৰ্বাচন আয়ুক্ত ৰাজীৱ কুমাৰে সংবাদমেলযোগে ঘোষণা কৰা মতে, মুঠ সাতটা পৰ্যায়ত অনুষ্ঠিত হ’ব লোকসভা নিৰ্বাচন। ১৯ এপ্ৰিলত প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ অনুষ্ঠিত হোৱাৰ পিছত সপ্তম পৰ্যায়ৰ ভোটগ্ৰহণ অনুষ্ঠিত হ’ব ১ জুনত। পৰৱৰ্তী সময়ত ৪ জুনত ফলাফল ঘোষণা কৰা হ’ব এই নিৰ্বাচনৰ। 

নিৰ্বাচন আয়োগে সদৰী কৰা মতে, প্ৰথম পৰ্যায়ত ২১ খন ৰাজ্যৰ ১০২ খন আসনৰ বাবে অনুষ্ঠিত হ’ব নিৰ্বাচন। ২০ মাৰ্চত নিৰ্বাচনী অধিসূচনা জাৰি কৰা হ’ব। ১৯ এপ্ৰিলত প্ৰথম পৰ্যায়ত ভোটগ্ৰহণ অনুষ্ঠিত হ’বলগীয়া ৰাজ্য কেইখন হৈছে অৰুণাচল প্ৰদেশ, অসম, বিহাৰ, ছত্তীশগড়, মধ্যপ্ৰদেশ, মহাৰাষ্ট্ৰ, মণিপুৰ, মেঘালয়, মিজোৰাম, নাগালেণ্ড, ৰাজস্থান, ছিকিম, তামিলনাডু, ত্ৰিপুৰা, উত্তৰ প্ৰদেশ, উত্তৰাখণ্ড, পশ্চিম বংগ, আন্দামান নিকোবৰ, জম্মু কাশ্মীৰ, লক্ষদ্বীপ আৰু পুডুচেৰী।

ইফালে দ্বিতীয় পৰ্যায়ত অৰ্থাৎ ২৬ এপ্ৰিলত ১৩ খন ৰাজ্যৰ ৮৯খন আসনৰ বাবে অনুষ্ঠিত হ’ব নিৰ্বাচন। ইয়াৰ বাবে ২৮ মাৰ্চত জাৰি কৰা হ’ব গেজেট অধিসূচনা। দ্বিতীয় পৰ্যায়ত ভোটগ্ৰহণ অনুষ্ঠিত হ’ব অসম, বিহাৰ, ছত্তীশগড়, কৰ্ণাটক, কেৰালা, মধ্যপ্ৰদেশ, মহাৰাষ্ট্ৰ, মণিপুৰ, ৰাজস্থান, ত্ৰিপুৰা, উত্তৰ প্ৰদেশ, পশ্চিমবংগ, জম্মু-কাশ্মীৰত।

৭ মে’ত ১২ খন ৰাজ্যত অনুষ্ঠিত হ’ব তৃতীয় পৰ্যায়ৰ নিৰ্বাচন। ১২ এপ্ৰিলত জাৰি কৰা হ’ব গেজেট অধিসূচনা। এই পৰ্যায়ত অসম, বিহাৰ, ছত্তীশগড়, গোৱা, গুজৰাট, কৰ্ণাটক, মধ্যপ্ৰদেশ, মহাৰাষ্ট্ৰ, উত্তৰ প্ৰদেশ, পশ্চিম বংগ, দাদৰ নগৰ হাভেলী আৰু দমন ডিউৰ মুঠ ৯৪ খন আসনত ভোটগ্ৰহণ অনুষ্ঠিত হ’ব।

চতুৰ্থ পৰ্যায়ত ১০খন ৰাজ্যৰ ৯৬খন আসনৰ বাবে নিৰ্বাচন অনুষ্ঠিত হ’ব। ১৮ এপ্ৰিলত জাৰি কৰা হ’ব গেজেট অধিসূচনা। তাৰ পিছত ১৩ মে’ত অনুষ্ঠিত হ’ব ভোটগ্ৰহণ।  চতুৰ্থ পৰ্যায়ত অন্ধ্ৰ প্ৰদেশ, বিহাৰ, ঝাৰখণ্ড, মধ্যপ্ৰদেশ, মহাৰাষ্ট্ৰ, ওড়িশা, তেলেংগানা, উত্তৰ প্ৰদেশ, পশ্চিম বংগ, জম্মু-কাশ্মীৰত ভোটগ্ৰহণ অনুষ্ঠিত হ’ব।

পঞ্চম পৰ্যায়ৰ নিৰ্বাচন অনুষ্ঠিত হ’ব ২০ মে’ত। ২৬ এপ্ৰিলত জাৰি কৰা হ’ব গেজেট অধিসূচনা। ছত্তীশগড়, ঝাৰখণ্ড, মহাৰাষ্ট্ৰ, ওড়িশা, উত্তৰ প্ৰদেশ, পশ্চিম বংগ, জম্মু কাশ্মীৰ আৰু লাডাখ- এই আঠ খন ৰাজ্যৰ ৪৯খন আসনত অনুষ্ঠিত হ’ব ভোটগ্ৰহণ । একেদৰে ষষ্ঠ পৰ্যায়ৰ ভোটগ্ৰহণ অনুষ্ঠিত হ’ব ৭ খন ৰাজ্যৰ ৫৭ খন আসনৰ বাবে।  ২৫ মে’ত এই নিৰ্বাচন অনুষ্ঠিত হ’ব। ২৯ এপ্ৰিলত গেজেট অধিসূচনা জাৰি কৰা হ’ব। নিৰ্বাচন অনুষ্ঠিত হ’বলগীয়া ৰাজ্য কেইখন হৈছে বিহাৰ, হাৰিয়ানা, ঝাৰখণ্ড, ওড়িশা, উত্তৰ প্ৰদেশ, পশ্চিম বংগ আৰু দিল্লী। সপ্তম পৰ্যায় অৰ্থাৎ অন্তিম পৰ্যায়ৰ ভোটগ্ৰহণ অনুষ্ঠিত হ’ব ৮খন ৰাজ্যত। বিহাৰ, হিমাচল প্ৰদেশ, ঝাৰখণ্ড, ওড়িশা, পঞ্জাৱ, উত্তৰ প্ৰদেশ, পশ্চিম বংগ আৰু চণ্ডীগড়ৰ মুঠ ৫৭ খন আসনত ভোটগ্ৰহণ অনুষ্ঠিত হ’ব। পহিলা জুনত অনুষ্ঠিত হ’বলগীয়া অন্তিম পৰ্যায়ৰ ভোটগ্ৰহণৰ বাবে গেজেট অধিসূচনা জাৰি কৰা হ’ব ০৭ মে’ত।

ব’হাগৰ উগুল-থুগুল মন, বহাগতে নিৰ্বাচন!

এপ্ৰিল, মানে অসমীয়াৰ এয়া বহাগৰ বতৰ। অসমৰ জাতীয় উৎসৱটিৰ উলাহত মগন হৈ পৰাৰ সময়লৈ মাজত মাত্ৰ আৰু কেইটামান দিন বাকী। ফাগুনৰ বাউলী বতাহজাকে ইতিমধ্যেই বহাগৰ খবৰ বিলাইছে, ডালে ডালে গীত জুৰিছে কুলিয়েও। অসমীয়াৰ এই বাপতি সাহোন বিহুটিৰ উছাহৰ মাজতে অসমতো অনুষ্ঠিত হ’ব লোকসভা নিৰ্বাচন। 

নিৰ্বাচন আয়োগে সদৰী কৰা মতে, অসমত তিনিটা পৰ্যায়ত অনুষ্ঠিত হ’ব ভোটগ্ৰহণ। ১৯ এপ্ৰিলত প্ৰথম পৰ্যায়ত, ২৬ এপ্ৰিলত দ্বিতীয় পৰ্যায়ত আৰু ৭ মে’ত তৃতীয় পৰ্যায়ত এই নিৰ্বাচন অনুষ্ঠিত হ’ব। ইফালে ১৪ এপ্ৰিলৰ পৰাই উদযাপন কৰিব অসমীয়াই হেঁপাহৰ ৰঙালী বিহুটি।

ইতিমধ্যে বহাগক আদৰিবলৈ পূৰ্ণ প্ৰস্তুতি আৰম্ভ কৰিছে অসমীয়াই। গাঁৱে গাঁৱে তাতশালত লগোৱা হৈছে বিহুৱান। নিৰ্বাচনৰ প্ৰচাৰৰ ধামখুমীয়াৰ মাজতে গাঁৱৰ জীয়াৰী-বোৱাৰীয়ে বিহুৰ পিঠা-পনাৰো যা-যোগাৰ আৰম্ভ কৰিব। মুঠতে নিৰ্বাচন আৰু বিহুৰ প্ৰস্তুতিয়ে এইকেইদিন অসমত এক উখল-মাখল পৰিৱেশৰ সৃষ্টি কৰাটো নিশ্চিত।

মন কৰিবলগীয়া যে, অসমৰ মুঠ ১৪টা লোকসভা সমষ্টিৰ প্ৰথম পৰ্যায়ত অৰ্থাৎ ১৯ এপ্ৰিলত ভোটগ্ৰহণ অনুষ্ঠিত হ’ব ৫টা সমষ্টিত। এই সমষ্টিকেইটা হৈছে শোণিতপুৰ, যোৰহাট, ডিব্ৰুগড়, কাজিৰঙা আৰু লখিমপুৰ। ইয়াৰ পিছতে দ্বিতীয় পৰ্যায়ত ডিফু, নগাঁও, দৰং-ওদালগুৰি, শিলচৰ আৰু কৰিমগঞ্জ- এই পাঁচটা সমষ্টিত ভোটগ্ৰহণ অনুষ্ঠিত হ’ব। আনহাতে ৭ মে’ত চাৰিটা সমষ্টিত অসমত অন্তিম পৰ্যায়ত এই ভোটগ্ৰহণ অনুষ্ঠিত হ’ব। এই সমষ্টিকেইটা হৈছে গুৱাহাটী, বৰপেটা, ধুবুৰী আৰু কোকৰাঝাৰ।

ইতিমধ্যে অসমত প্ৰায় সম্পন্ন হৈছে ৰাজনৈতিক দলসমূহৰ প্ৰাৰ্থী প্ৰক্ষেপ। বিজেপিয়ে অসমত ১১ খন আসনত প্ৰাৰ্থী প্ৰক্ষেপ কৰাৰ বিপৰীতে দুখন আসন মিত্ৰদল অগপক আৰু এখন আসন ইউ পি পি এলক এৰি দিছে। ইফালে কংগ্ৰেছেও 'ইণ্ডিয়া’ মিত্ৰজোঁটৰ অধীনত ১৩ খন আসনত প্ৰাৰ্থী প্ৰক্ষেপ কৰিছে। আনহাতে ডিব্ৰুগড় আসনখন এৰি দিয়া হৈছে অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈক। আম আদমী পাৰ্টীয়ে অসমত তিনিখন আসনৰ বাবে প্ৰাৰ্থী ঘোষণা কৰিছিল যদিও 'ইণ্ডিয়া’ মিত্ৰজোঁটৰ পৰিপ্ৰেক্ষিতত শেহতীয়াকৈ গুৱহাটী সমষ্টিৰ পৰা প্ৰাৰ্থী প্ৰত্যাহাৰ কৰিছে। আপে ডিব্ৰুগড় আৰু শোণিতপুৰ আসনখন এৰি দিবলৈ কংগ্ৰেছক দাবী জনাইছে।

এই সকলোবোৰৰ মাজতে প্ৰাৰ্থিত্বৰ পৰা বঞ্চিত হৈ আজি কংগ্ৰেছ ত্যাগ কৰে বৰ্তমানৰ সাংসদ আব্দুল খালেকে। মিঞা হোৱাৰ বাবেই তেওঁক প্ৰাৰ্থিত্বৰ পৰা বঞ্চিত কৰা হৈছে বুলি অভিযোগ কৰি কংগ্ৰেছৰ প্ৰাথমিক সদস্যপদ ত্যাগ কৰাৰ কথাও ঘোষণা কৰে খালেকে।

চাৰি ৰাজ্যত বিধানসভা নিৰ্বাচন, এইবাৰো বাদ পৰিল জম্মু-কাশ্মীৰ

আজি নিৰ্বাচন আয়োগে লোকসভা নিৰ্বাচনৰ সময়সূচী ঘোষণা কৰাৰ সমান্তৰালভাৱে এই বছৰতে অনুষ্ঠিত হ’বলগীয়া চাৰিখন ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ সময়সূচীও ঘোষণা কৰে।  লোকসভা নিৰ্বাচনৰ পূৰ্বে বিধানসভা নিৰ্বাচন অনুষ্ঠিত হ’বলগীয়া ৰাজ্যকেইখন হৈছে ওড়িশা, অৰুণাচল প্ৰদেশ, ছিকিম আৰু অন্ধ্ৰপ্ৰদেশ। লক্ষণীয়ভাৱে এইবাৰো জম্মু-কাশ্মীৰৰ বিধানসভা নিৰ্বাচন সন্দৰ্ভত কোনো ব্যৱস্থা গ্ৰহণ কৰা দেখা নগ'ল নিৰ্বাচন আয়োগক।

ওড়িশাত চাৰিটা পৰ্যায়ত অনুষ্ঠিত হ’ব বিধানসভা নিৰ্বাচন। ৰাজ্যখনত ১৩ মে’, ২০ মে’, ২৫ মে’ আৰু ১ জুনত ভোটগ্ৰহণ অনুষ্ঠিত হ’ব। ইফালে অৰুণাচল প্ৰদেশ বিধানসভা নিৰ্বাচনৰ বাবে ২০২৪ চনৰ ২০ মাৰ্চত অধিসূচনা প্ৰকাশ কৰা হ’ব আৰু ১৯ এপ্ৰিলত ভোটগ্ৰহণ অনুষ্ঠিত হ’ব। ৰাজ্যৰ ৬০খন বিধানসভাৰ আসনত একক পৰ্যায়ত নিৰ্বাচন অনুষ্ঠিত হ’ব।

ছিকিম বিধানসভাৰ বাবেও ৩২খন আসনত একক পৰ্যায়তে ভোটগ্ৰহণ কৰা হ’ব। অধিসূচনাৰ তাৰিখ ২০ মাৰ্চ আৰু ভোটদান অনুষ্ঠিত হ’ব ১৯ এপ্ৰিলত। আনহাতে  ১৮ এপ্ৰিলত অন্ধ্ৰ প্ৰদেশৰ ১৭৫খন আসনৰ আটাইকেইখন আসনৰ নিৰ্বাচনৰ বাবে অধিসূচনা জাৰি কৰা হ’ব আৰু ১৩ মে’ত ভোটগ্ৰহণ অনুষ্ঠিত হ’ব। ইয়াৰ উপৰিও বিভিন্ন ৰাজ্যৰ ২৬খন বিধানসভাৰ আসনতো উপ-নিৰ্বাচন অনুষ্ঠিত হ’ব। সাধাৰণ নির্বাচনৰ সমান্তৰালকৈ এই নির্বাচনো অনুষ্ঠিত হ’ব৷

উল্লেখ্য যে, এইবাৰ লোকসভা নিৰ্বাচনত ভোটদান কৰিবলগীয়া মুঠ পঞ্জীয়নকৃত ভোটাৰৰ সংখ্যা হৈছে ৯৬.৮ কোটি। ইয়াৰে ৪৭.১ কোটি মহিলা ভোটাৰ আৰু ৪৯.৭ কোটি পুৰুষ ভোটাৰ। আনহাতে এইবাৰ ১.৮৯ কোটি ভোটাৰে প্ৰথমবাৰৰ বাবে ভোটাধিকাৰ সাব্যস্ত কৰিব, ২০-২৯ বছৰ বয়সৰ যুৱ ভোটাৰৰ সংখ্যা হৈছে ১৯.৭৪ কোটি।

ইয়াৰ উপৰিও ২০২৪ চনৰ ০১ জানুৱাৰীত ১৮ বছৰ সম্পূৰ্ণ নোহোৱাসকলৰ নামো সংযোজন কৰা হৈছে। ২০২৪ চনৰ ১ এপ্ৰিলৰ ভিতৰত ১৩.৪ লাখ এনে আৱেদনে ১৮ বছৰ সম্পূৰ্ণ কৰিব আৰু ভোটদান কৰিব পাৰিব। নিৰ্বাচনত ভোটদান কৰিবলগীয়া মুঠ ভোটাৰৰ সংখ্যাৰ ৮৮.৪ লাখ হৈছে প্ৰতিবন্ধী ভোটাৰ, ৮৫ বছৰৰ উৰ্ধ্বৰ ভোটাৰৰ সংখ্যা হৈছে ৮২ লাখ আৰু ৪৮ হাজাৰ ভোটাৰ হৈছে তৃতীয় লিংগৰ। প্ৰণিধানযোগ্য যে, নিৰ্বাচন আয়োগে ঘোষণা কৰা মতে, ৮৫ বছৰৰ ওপৰৰ ভোটাৰৰ বাবে ঘৰৰ পৰা ভোটদানৰ সুবিধা প্ৰদান কৰা হৈছে। ইয়াৰ বাবে ভোটগ্ৰহণকাৰীয়ে নিজৰ ঘৰলৈ গৈ ভোট ৰেকৰ্ড কৰা হ’ব।

মুখ্য নিৰ্বাচন আয়ুক্তৰ মুখত ‘ইভিএম’ৰ কবিতা!

‘অধুৰী হচৰতো কা ইলজাম / হৰ বাৰ হামপৰ লগানা ঠিক নহী/ ৱফা খুদছে নহী হোতি/ খতা ইভিএম কী কহতে হো।’ (অপূৰণীয় আকাংক্ষাৰ অভিযোগ/ বাৰে বাৰে আমাৰ বিৰুদ্ধে উত্থাপন কৰা উচিত নহয়/ অনুগত্য নিজৰ দ্বাৰাই নহয়/ ভুল ইভিএমৰ বুলি কোৱা।)

আজি লোকসভা নিৰ্বাচনৰ সময়সূচী ঘোষণা কৰাৰ সময়তে কবি হৈ পৰিল মুখ্য নিৰ্বাচন আয়ুক্ত ৰাজীৱ কুমাৰ। মুখত হাঁহি সানি উপস্থিত সাংবাদিকক তেওঁ শুনায় ‘ইভিএম’ৰ কবিতা। তেওঁৰ এই কাব্যিক ৰূপৰ কাৰণ আছিল ইলেক্ট্ৰনিক ভোটিং মেছিন বা ই ভি এমৰ ব্যৱহাৰ নিৰ্বাচনত কৰাক লৈ সাংবাদিকে সোধা প্ৰশ্ন। 

দৰাচলতে বিগত কেইবা বছৰৰ পৰাই নিৰ্বাচনত ইভিএমৰ ব্যৱহাৰক লৈ প্ৰশ্ন উত্থাপন কৰি আহিছে বিৰোধী আৰু অন্য লোকে। ইভিএমৰ পৰিৱৰ্তে বেলট পেপাৰ ব্যৱহাৰক লৈও বহুতে দাবী জনাই আহিছে। শেহতীয়াকৈ লোকসভা নিৰ্বাচনত ইভিএম প্ৰত্যাহাৰ কৰি বেলট পেপাৰ ব্যৱহাৰৰ দাবীৰে দিল্লীত প্ৰতিবাদো সাব্যস্ত কৰিছে বহু লোকে। ইভিএমৰ হেকিং আৰু অন্য বিসংগতিৰ অভিযোগ তুলি উচ্চতম ন্যায়ালয়তো ৰাজহুৱা স্বাৰ্থজড়িত আবেদন দাখিল কৰা হৈছিল।

শুকুৰবাৰে এনে দুখন ৰিট আবেদন খাৰিজ কৰে উচ্চতম ন্যায়ালয়ে। ইয়াৰে এখন আবেদনত ১৯ লাখ ইভিএম নিৰুদ্দেশ হোৱাৰ অভিযোগ তোলা হৈছিল। লগতে নিৰ্বাচনত ইভিএমৰ পৰিৱৰ্তে বেলট পেপাৰ ব্যৱহাৰৰ দাবী জনোৱা হৈছিল।  কিন্তু ১৯ লাখ নিৰুদ্দেশ হোৱা ইভিএম আবেদনৰ বিচাৰ কৰি শীৰ্ষ আদালতে এই আশংকা আৰু অভিযোগক সম্পূৰ্ণ ভিত্তিহীন বুলি অভিহিত কৰে।

২০১৬-১৯ চনৰ ভিতৰত ইচিআইৰ জিম্মাত থকা ১৯ লাখ ইভিএমৰ সহায়ত আগন্তুক লোকসভা সাধাৰণ নিৰ্বাচন, ২০২৪ত হেতালি খেলা হ’ব পাৰে বুলি আশংকা প্ৰকাশ কৰি উচ্চতম ন্যায়ালয়ত এই আবেদন দাখিল কৰিছিল আই এন চি পিয়ে। ইফালে, ১৯৫১ চনৰ দ্য ৰিপ্ৰেজেণ্টেশ্যন অৱ দ্য পিপল এক্টৰ ৬১এ ধাৰা একাষৰীয়া কৰি বেলট কাগজ ব্যৱহাৰ কৰি নিৰ্বাচন অনুষ্ঠিত কৰাৰ সন্দৰ্ভত আন এখন আবেদন গ্ৰহণ কৰিবলৈও অস্বীকাৰ কৰে উচ্চতম ন্যায়ালয়ৰ বিচাৰপীঠে। আদালতে কয় যে ইভিএমৰ কাম-কাজৰ সৈতে জড়িত বিভিন্ন বিষয়ত ১০টাতকৈও অধিক গোচৰ পৰীক্ষা কৰা হৈছে।

সংবাদ সংস্থা ‘জাগৰণ’ৰ এক বাতৰি অনুসৰি, এই পৰ্যন্ত উচ্চতম ন্যায়ালয়ে ইভিএমৰ সৈতে জড়িত চল্লিশখন আৱেদন নাকচ কৰিছে। এই সকলোবোৰ আবেদন ইভিএমৰ চুৰি, অনিয়ম আৰু অভাৱৰ সৈতে জড়িত আছিল। অৱশ্যে এই সন্দৰ্ভত কোনো প্ৰমাণ দাখিল কৰা হোৱা নাছিল। শুকুৰবাৰে উচ্চতম ন্যায়ালয়ে খাৰিজ কৰা ইভিএম সম্পৰ্কীয় আবেদন দুখনৰ ভিতৰত এখনত ১৯ লাখৰো অধিক ইভিএম নিৰুদ্দেশ হোৱাৰ অভিযোগ উত্থাপন কৰা হৈছে। আদালতে যেতিয়া আবেদনকাৰীৰ পৰা প্ৰমাণ বিচাৰে, তেতিয়া তেওঁলোকে প্ৰমাণ দাখিল কৰিবলৈ অসমৰ্থ হয়। ইয়াৰ পিছতে আদালতে ২০১৬-১৯ বৰ্ষৰ ভিতৰত ১৯ লাখ ইভিএম নিৰুদ্দেশ হোৱা সম্পৰ্কীয় আবেদন নাকচ কৰাৰ লগতে জৰিমনাও আৰোপ কৰে।

ইভিএমক লৈ শুকুৰবাৰে উচ্চতম ন্যায়ালয়ে কৰা মন্তব্যৰ পিছতে শনিবাৰে নিৰ্বাচনত ইভিএমৰ ব্যৱহাৰ অতি সুৰক্ষিত বুলি দাবী কৰি কবিতাৰ মাজেৰে নিজৰ মত প্ৰকাশ কৰে মুখ্য নিৰ্বাচন আয়ুক্ত ৰাজীৱ কুমাৰে। তেওঁ কয় যে ইভিএমৰ বিৰোধিতা কৰাসকলে নিজৰ স্থিতিতে অটল নহয়। তেওঁলোকে প্ৰথমে ইভিএমৰ বিৰোধিতা কৰে, কিন্তু যেতিয়া নিৰ্বাচনৰ ফলাফল নিজৰ পক্ষত আহে তেতিয়া মৌন হৈ পৰে। 

নিৰ্বাচনৰ সময়ত ঠায়ে ঠায়ে উদ্ধাৰ হয় ই ভি এম! 

নিৰ্বাচন আয়োগে ইভিএমৰ ব্যৱহাৰ যিমানেই সুৰক্ষিত আৰু বিশ্বাসযোগ্য বুলি দাবী কৰিলেও, ইভিএমৰ সৈতে হেতালি খেলি নিৰ্বাচনৰ ফলাফল সলনি কৰাৰ অভিযোগ নতুন নহয়। মূলতঃ বিজেপিৰ বিৰুদ্ধেই বাৰাম্বাৰ উত্থাপন হৈ আহিছে এনে অভিযোগ। বিভিন্ন নিৰ্বাচনৰ সময়তো বিজেপি নেতা-কৰ্মীৰ গাড়ী, ঘৰত ইভিএম উদ্ধাৰ হোৱাৰ ঘটনাও সংবাদ মাধ্যমৰ জৰিয়তে ক্ষন্তেকৰ বাবে হ’লেও চৰ্চা লাভ কৰিছে। অসমতো বিজেপি নেতাৰ বাহনত ইভিএম উদ্ধাৰ হোৱাৰ ঘটনা সংঘটিত হৈছিল।

২০২৩ৰ নৱেম্বৰত মধ্য প্ৰদেশৰ বিধানসভা নিৰ্বাচন অনুষ্ঠিত হৈ থকাৰ সময়তে ১৭ নৱেম্বৰৰ নিশা পহৰী বিধানসভা সমষ্টিৰ শিৱপুৰীৰ এখন শ্মসানৰ কাষত উদ্ধাৰ হৈছিল দুটা ইভিএম আৰু এটা ভিভিএপিটি। এখন বলেৰ’ বাহনৰৰ পৰা এই ইভিএম আৰু ভিভিএপিটি উদ্ধাৰ হোৱাৰ অভিযোগ উত্থাপন কৰিছিল কংগ্ৰেছে। চেক্টৰ মেজিষ্ট্ৰেটে প্ৰথমে এই ইভিএম আৰু ভিভিএপিটি উদ্ধাৰ হোৱাৰ কথা অস্বীকাৰ কৰে যদিও পিছত কংগ্ৰেছে গাড়ীখনৰ পৰা এইসমূহ উদ্ধাৰ কৰাৰ পিছত সত্য উদঘাটন হয়। অৱশ্যে পিছত নিশ্চিত কৰা হয় যে এই ইভিএম আৰু ভিভিএপিটি অব্যৱহৃত আছিল। কিন্তু নিৰ্বাচনৰ সময়ত কোনে এয়া আনিছিল, তাৰ তদন্ত নহ’ল। কংগ্ৰেছে ছেক্টৰ মেজিষ্ট্ৰেটৰ বিৰুদ্ধেও এজাহাৰ দাখিল কৰিছিল।

২০২৩ চনৰ ৮ জুলাইত বাংগালুৰুৰ ডোদ্দাবল্লাপুৰাত এটা ঘৰৰ পৰা উদ্ধাৰ হৈছিল ৭টা ইভিএম কণ্ট্ৰ’লিং ইউনিট। বাংগালুৰুৰ ৬৪৮ নং ৰাষ্ট্ৰীয় ঘাইপথ বহল কৰাৰ বাবে গৃহ উচ্ছেদৰ সময়তে এটা বাসগৃহৰ পৰা এই ইভিএম কণ্ট্ৰ’লিং ইউনিট উদ্ধাৰ কৰে এন এইচ এ আই কৰ্তৃপক্ষই। ঘৰটোৰ গৰাকী আছিল সহকাৰী কাৰ্যবাহী অভিযন্তা শিৱ কুমাৰ নামৰ এজন ব্যক্তিৰ। 

২০২১ত অনুষ্ঠিত অসম বিধানসভা নিৰ্বাচনৰ সময়তে অসমৰো এগৰাকী বিজেপি নেতাৰ গাড়ীৰ পৰা উদ্ধাৰ হৈছিল ইভিএম। ২০২১ৰ ১ এপ্ৰিলত অনুষ্ঠিত হোৱা দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ সময়ত পাথাৰকান্দিৰ বিজেপি বিধায়ক কৃষ্ণেন্দু পালৰ গাড়ীৰ পৰা ইভিএম উদ্ধাৰ হোৱাৰ ভিডিঅ’ সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছিল। এই ঘটনা সংঘটিত হোৱাৰ পিছতে নিৰ্বাচন আয়োগে নিলম্বন কৰিছিল এগৰাকী নিৰ্বাচনী বিষয়াৰ লগতে তিনি আৰক্ষী কৰ্মীক। পিছত ৰাতাবাৰী এল পি স্কুল ভোটগ্ৰহণ কেন্দ্ৰত পুনৰ ভোটগ্ৰহণো অনুষ্ঠিত কৰা হৈছিল।

এয়া মাত্ৰ কেইটামান উদাহৰণহে। বেলেগ বেলেগ নিৰ্বাচনৰ সময়ত বেলেগ বেলেগ ৰাজ্যত এনেকৈয়ে ইভিএমৰ সৈতে হেতালি খেলি অহাৰ অভিযোগ বাৰাম্বাৰ উত্থাপন হৈ আহিছে। যাৰ বাবে ইভিএমৰ বিশ্বাসযোগ্যতাক লৈও উত্থাপন হৈ আহিছে প্ৰশ্নৰ। এইবাৰো লোকসভা নিৰ্বাচনত বিজেপিয়ে ইভিএমৰপ সৈতে হেতালি খেলি ৪০০ আসন দখল কৰাৰ স্বপ্ন দেখা বু্লি বহুতে অভিযোগ কৰিছে। 

মোদী-শ্বাহৰ বিৰুদ্ধে কিয় ব্যৱস্থা নলয় নিৰ্বাচন আয়োগে?

আজি সংবাদমেলত মুখ্য নিৰ্বাচন আয়ুক্ত ৰাজীৱ কুমাৰক এক প্ৰশ্ন কৰিছিল সাংবাদিকে- নিৰ্বাচনী আচৰণবিধি উলংঘা কৰাৰ বাবে যিদৰে আন নেতাৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা হয়, তেনেকৈ প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে কিয় ব্যৱস্থা কৰা নহয়? এই প্ৰশ্নৰ উত্তৰ দি মুখ্য নিৰ্বাচন আয়ুক্তগৰাকীয়ে কয় যে নিৰ্বাচনী আচৰণবিধি সকলোৰে বাবে সমানে প্ৰযোজ্য আৰু এয়া উলংঘা কৰিলে সকলোৰে বিৰুদ্ধে সমানে ব্যৱস্থা গ্ৰহণ কৰে নিৰ্বাচন আয়োগে।কিন্তু মুখ্য নিৰ্বাচন আয়ুক্তৰ এই দাবী কিমান সত্য?

সাংবিধানিক সংস্থা নিৰ্বাচন আয়োগ বিগত কেইবছৰমানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু বিজেপিৰ হাতৰ পুতলা হৈ পৰা বুলি বাৰাম্বাৰ অভিযোগ কৰি আহিছে বিৰোধীয়ে। আয়োগে নিৰ্বাচনী আচৰণ বিধি উলংঘা কৰাৰ পিছতো প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, গৃহমন্ত্ৰী অমিত শ্বাহ বা আন বিজেপি নেতাৰ বিৰুদ্ধে কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপন হৈ আহিছে। 

২০১৯ চনৰ লোকসভা নিৰ্বাচনৰ পূৰ্বে ১৪ ফেব্ৰুৱাৰীত পুলৱামাত সংঘটিত হৈছিল এক হৃদয় বিদাৰক ঘটনা। সন্ত্ৰাসবাদীৰ আত্মঘাতী আক্ৰমণত শ্বহীদ হৈছিল ৪০ গৰাকী ভাৰতীয় বীৰ জোৱান। ইয়াৰ পিছতে ইয়াৰ প্ৰত্যুত্তৰ হিচাপে বালাকোটত এয়াৰ ষ্ট্ৰাইক চলায় ভাৰতীয় সেনাই। নিৰ্বাচনৰ সময়ত আদৰ্শ আচৰণবিধি জাৰি কৰি নিৰ্বাচন আয়োগে স্পষ্ট কৰি দিছিল যে নিৰ্বাচনী প্ৰচাৰত কোনেও যাতে সেনাৰ নাম লৈ ভোট নিবিচাৰে। কিন্তু তত্সত্বেও মহাৰাষ্ট্ৰৰ ৱাৰ্ধাত জনসভা সম্বোধন কৰি প্ৰধানমন্ত্ৰী মোদীয়ে প্ৰথমবাৰৰ বাবে ভোট দিবলগীয়া নতুন প্ৰজন্মক উদ্দেশ্যি কৈছিল- “পুলৱামাৰ শ্বহীদৰ বাবে আপোনালোকে প্ৰথম ভোট দিব নোৱাৰিব নে? বালাকোটৰ এয়াৰ ষ্ট্ৰাইকৰ বাবে আপোনালোকে ভোট দিব নোৱাৰিব নে?”

বিৰোধীয়ে অভিযোগ কৰিছিল- নিৰ্বাচন আয়োগে নিষেধাজ্ঞা আৰোপ কৰাৰ পিছতো সেনাৰ নামত ভোট বিচাৰি আচৰণ বিধি উলংঘা কৰিছে প্ৰধানমন্ত্ৰী মোদীয়ে। এই অভিযোগ নিৰ্বাচন আয়োগত দাখিল কৰাও হৈছিল। পিছত ৰহস্যজনকভাৱে আয়োগে প্ৰধানমন্ত্ৰী মোদীক এই অভিযোগত ক্লীন শ্বিট প্ৰদান কৰে। 

গুজৰাট বিধানসভা নিৰ্বাচনৰ সময়তো মোদীৰ বিৰুদ্ধে উত্থাপন হৈছিল আদৰ্শ আচৰণবিধি উলংঘাৰ অভিযোগ। আহমেদাবাদৰ ৰানিপ অঞ্চলত ভোটগ্ৰহণ চলি থকা সময়তে প্ৰধানমন্ত্ৰী কান্ধত গেৰুৱা কাপোৰ লৈ আৰু বুকুত বিজেপিৰ প্ৰতীক চিহ্ন পিন্ধি ৫০০-৬০০ মিটাৰ ৰোড শ্ব’ কৰাৰ অভিযোগ কৰিছিল কংগ্ৰেছে। কিন্তু পিছত এই অভিযোগতো নিৰ্বাচন আয়োগে ক্লীন শ্বিট প্ৰদান কৰি কয় যে প্ৰধানমন্ত্ৰীৰ এই যাত্ৰাক ৰোড শ্ব’ বুলি ক’ব নোৱাৰি।

২০১৯ৰ নিৰ্বাচনৰ পূৰ্বেই আচৰণবিধি জাৰি হোৱাৰ পিছতো প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে হিন্দ—মুছলমানৰ প্ৰসংগ উত্থাপন কৰিছিল। ৰাহুল গান্ধীয়ে প্ৰতিদ্বন্দ্বিতা কৰা ৱায়ানাডত মুছলমান ভোটাৰৰ হাৰ অধিক হোৱাৰ বাবেই ৰাহুল গান্ধীয়ে তাৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰা বুলি মন্তব্য কৰিছিল প্ৰধানমন্ত্ৰী মোদীয়ে। এই সন্দৰ্ভতো আদৰ্শ আচৰণ বিধি উলংঘা কৰাৰ অভিযোগ তুলি মোদীৰ বিৰুদ্ধে নিৰ্বাচন আয়োগত গোচৰ তৰিছিল কংগ্ৰেছে। কিন্তু সেইবাৰো প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে কোনো ব্যৱস্থা গ্ৰহণ কৰা নহ’ল। 

২০২০ চনৰ বিহাৰ বিধানসভা নিৰ্বাচনৰ সময়ত চিপিআইৰ সাংসদ বিনয় বিশ্বমে অভিযোগ কৰে যে প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে চৰকাৰী ইমেইলযোগে প্ৰেৰণ কৰা বাতৰি কাকতত বিজেপিৰ বাবে ধন বিচাৰিছিল। পিছত সাংসদগৰাকীয়ে পূৰ্বৰ অভিযোগৰ ওপৰত নিৰ্বাচন আয়োগে কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপন কৰি পুনৰ এজাহাৰ দাখিল কৰে। ২০২১ চনত তৃণমূল কংগ্ৰেছে অভিযোগ কৰিছিল যে মোদীয়ে বাংলাদেশৰ ওৰাকান্দি ভ্ৰমণ কৰি পশ্চিমবংগ বিধানসভা নিৰ্বাচনৰ সময়ত মাতুৱা সামূহিক মন্দিৰত প্ৰাৰ্থনা কৰিছিল। টিএমচিয়ে অভিযোগ কৰিছিল যে প্ৰধানমন্ত্ৰীয়ে পশ্চিম বংগৰ মাতুৱা জনজাতিক প্ৰভাৱিত কৰিবলৈকে এনে কাৰ্য কৰিছিল। 

২০২৩ৰ নৱেম্বৰত অনুষ্ঠিত ছত্তীশগড় বিধানসভা নিৰ্বাচনৰ সময়ত নিৰ্বাচনী আচৰণবিধি জাৰি হোৱাৰ পিছতো প্ৰধানমন্ত্ৰী মোদীয়ে দুৰ্গত সম্বোধন কৰা এখন জনসভাত প্ৰধানমন্ত্ৰী গৰীৱ অন্ন যোজনা আঁচনিখন পুনৰ ৫ বছৰলৈ বৃদ্ধি কৰাৰ ঘোষণা কৰিছিল। কংগ্ৰেছে অভিযোগ কৰিছিল যে প্ৰধানমন্ত্ৰীৰ এই ঘোষণা আদৰ্শ আচৰণবিধিৰ উলংঘা। কিন্তু নিৰ্বাচন আয়োগে এই অভিযোগ খণ্ডন কৰি প্ৰধানমন্ত্ৰীক ক্লীন শ্বিট প্ৰদান কৰে।