গুৱাহাটীঃ গুৱাহাটীৰ যোৰাবাট আৰক্ষীৰ অভিযান। অভিযানত সোণৰ বিস্কুটসহ দুজন লোকক গ্ৰেপ্তাৰ। 

জানিব পৰা মতে বৃহস্পতিবাৰে যোৰাবাট আৰক্ষীয়ে যোৰাবাটৰ হোটেল আৰ পি পৰা ১.৫০ লাখ টকাৰ মূল্যৰ সোণৰ বিস্কুট জব্দ কৰাৰ লগতে দুজন লোকক আটক কৰিবলৈ সক্ষম হয়। আৰক্ষীয়ে আটক কৰা ধৃত লোকদুজন হৈছে আহাৰ আলী আৰু আমিৰ আলী। 

আৰক্ষীৰ আগত ধৃতলোক দুজনে জানিবলৈ দিয়া অনুসৰি তেওঁলোকে তেজপুৰৰপৰা যোৰাবাটত বিক্ৰীৰ বাবে আনিছিল সোণৰ বিস্কুটকেইটা। তাৰ বাবে যোৰাবাটৰ হোটেলত আত্মগোপন কৰি আছিল বুলি সন্দেহ কৰিছে আৰক্ষীয়ে। 

আনহাতে, ঘটনা সন্দৰ্ভত অধিক তথ্যৰ বাবে আটকাধীন ব্যক্তি দুজনক জেৰা অব্যাহত ৰখা বুলি জানিবলৈ দিয়ে। জব্দকৃত সোণৰ বিস্কুট কেইটা আচল নে নকল তাৰো পৰীক্ষাৰ কৰি থকা বুলি জানিবলৈ দিছে।