তেজপুৰঃ নাম তাইৰ নাম নয়না (সলনি কৰা হৈছে)। শোণিতপুৰ জিলাৰ চিৰাজুলিৰ মইলাআলি গাঁৱৰ বাসিন্দা তাই। দৰিদ্ৰ পৰিয়ালৰ পিতৃহাৰা এইগৰাকী যুৱতী জন্মগতভাৱে বাওঁ চকুটোৰ সামান্য বিসংগতি আছিল যদিও দৃষ্টিশক্তি কম নাছিল৷

উক্ত চকুটোৰ বাবেই মানসিকভাৱে ভাগি পৰিছিল যুৱতীগৰাকী। চকুটো ভাল কৰিবলৈ য'তেই নিদান পাই সেই নিদান মানি চকুটো ভাল কৰিব বিচাৰে যুৱতীগৰাকীয়ে। বহু কবিৰাজ, চিকিৎসক, ওজাক দেখুৱাই চকুতো ভাল নোহোৱাত যুৱতীগৰাকীয়ে মানসিকভাৱে ভাগি পৰিছিল।

ইয়াৰ মাজতে বিগত বৰ্ষৰ ছেপ্টেম্বৰত টিভিত বিভিন্ন ৰোগৰ নিদান দি কম সময়তে জনপ্ৰিয় হৈ পৰা আচাৰ্য পংকজ পাঠকে শ্ব’ত দিয়া বিধান মতে চকুটোত নিজৰ লেলাৱতি লগাবলৈ আৰম্ভ কৰে। লেলাৱতি লগোৱাৰ কিছু সময়ৰ পাছতেই চকুতো ৰঙা হৈ পৰে আৰু তীব্ৰ ৰক্তক্ষৰণ হয়।

দিনক দিনে চকুৰ বিষ বাঢ়ি চকুটো বাহিৰলৈ ওলাই আহিবলৈ ধৰে৷ নেপাললৈ চিকিৎসাৰ বাবে যায় যদিও চিকিৎসকে চকুতো ভাল কৰাতো একপ্ৰকাৰ অসম্ভৱ বুলি জানিবলৈ দিয়ে। 

উপায়ন্তৰ হৈ যুৱতীগৰাকীয়ে তেজপুৰ চিকিৎসা মহাবিদ্যালয়লৈ চিকিৎসাৰ বাবে আহে। তেজপুৰ চিকিৎসা মহাবিদ্যালয়ত চিকিৎসকে অস্ত্ৰোপচাৰ কৰিবলৈ পৰামৰ্শ দিয়াত যুৱতীগৰাকীযে পংকজ পাঠকৰ বিৰুদ্ধে ক্ষোভ উজাৰি আৰু চকুৰ চিকিৎসাৰ বাবে পংকজ পাঠকক ক্ষতিপূৰণ দিবলৈ দাবী জনাইছে৷

যুৱতীগৰাকীৰ এই দুৰ্দশাৰ পিছতে এতিয়া প্ৰশ্ন উত্থাপন হৈছে যে, চিকিৎসা বিজ্ঞানৰ দ্ৰুত অগ্ৰগতিৰ সময়তো চকুৰ দৰে জটিল আৰু সূক্ষ্ম অংগ এটিৰ চিকিৎসা লেলাৱতিৰে ভাল কৰাটো সম্ভৱ নে? চিকিৎসা বিজ্ঞানক বৃদ্ধাংগুষ্ঠ প্ৰদৰ্শন কৰি একাংশ লোকে এইধৰণৰ অযুক্তিকৰ বিধান আগবঢ়োৱাৰ সমান্তৰালভাৱে বহু শিক্ষিত লোকেও সেয়া বিনা বাক্য ব্যয়ে মানি অহাত সচেতন লোকসকলে আশ্চৰ্য প্ৰকাশ কৰিছে।