ডিজিটেল ডেক্সঃ এতিয়াৰ পৰা আপুনি কথা পাতিলেই সন্মুখীন হ’ব লাগিব বৃহৎ অংকৰ জৰিমনাৰ৷ অৱেশ্যে ফোনেৰে কথা পাতিলেহে ভৰিব লাগিব এই জৰিমনা৷ 

মথুৰাৰ পঞ্চায়তে ঘোষণা কৰিছে এই সিদ্ধান্ত৷ যদিহে কোনো যুৱতীয়ে পথত ফোনেৰে কথা পতা দেখা যায় তেন্তে উক্ত যুৱতীয়ে ভৰিব লাগিব ২১ হাজাৰ টকাৰ জৰিমনা৷ মুলত অঞ্চলটোত অপৰাধ কমাবলৈ এই সিদ্ধান্ত পঞ্চায়তৰ৷

মথুৰাৰ গোবৰ্ধন অঞ্চলত দেওঁবাৰে এই সিদ্ধান্ত গ্ৰহণ কৰে পঞ্চায়তে৷ তদুপৰি ঠগ, জুৱা, মদ ইত্যাদিৰ লগত জড়িত অপৰাধসমুহ নিয়ন্ত্ৰণ কৰিবলৈও বিভিন্ন ব্যৱস্থা গ্ৰহণ কৰিছে পঞ্চায়তে৷ এই অপৰাধসমুহত জড়িত হ’লে অপৰাধীয়ে ১১ হাজাৰ টকাৰ পৰা ২ লাখ পৰ্যন্ত জৰিমনা দিব লাগিব৷