ডিজিটেল ডেস্কঃ আপুনি যদি ইংৰাজী ভাষাৰ গীতৰ অনুৰাগী, বা আপোনাৰ চুবুৰীয়াই যদি পাশ্চাত্যৰ গীতৰ ফেন, তেন্তে 'চেপ অব ইউ’ গীতটো কাণত নপৰাটো অষ্টম আশ্চৰ্যত ধৰিব পাৰি। অভিলেখ হাৰত বিশ্বজুৰি জনপ্ৰিয়তা লাভ কৰা এই গীতটোক লৈ কিমানে নাচিছে-বাগিছে তাৰ লেখ-জোখ নাই।

ফটোগ্ৰাফৰ দৰে প্ৰেমৰ স্পৰ্শকাতৰ গীতৰপৰা আৰম্ভ কৰি চিঙৰ দৰে যৌন উল্লাসক কলাত্মক ৰূপত পৰিৱেশনেৰে বিশ্বজুৰি জনপ্ৰিয়তা অৰ্জন কৰা গায়কজনেই হৈছে এড চিৰানে। এই এড চিৰানৰ অনুষ্ঠানতে দেখা গ’ল এক কুৎচিত পৰিৱেশ।

বিখ্যাত গ্লাষ্টনবেৰী উৎসৱৰ দেওবাৰৰ দিনা ৱৰ্থি ফাৰ্মৰ ৩.৬ বৰ্গকিলোমিটাৰ এলেকাত  আয়োজিত অনু্ষ্ঠানত গীটাৰ আৰু কণ্ঠৰ যাদুৰে ২৬ বৰ্ষীয় চিৰানে ২ লাখ গুণমুগ্ধক মোহাচ্ছন্ন কৰিবলৈ সক্ষম হয় যদিও চিৰান যোৱাৰ পিছতে কাহিলী পুৱা ৱৰ্থি ফাৰ্মত দেখা গ’ল এক অবৰ্ণনীয় দৃশ্য। 

২ লাখ গুণমুগ্ধই যাবৰ সময়ত এৰি গ’ল ৫ লাখৰো অধিক বস্তাৰ আৱৰ্জনা। ইয়াৰ লগতে এৰি গ’ল ৫৭ টন পুনৰ্বৱ্যহাৰ যোগ্য আৰু ১০২২ টন পুনৰ্নৱীকৰণ যোগ্য সামগ্ৰী।

এই আৱৰ্জনা চাফা কৰি ৱৰ্থি ফাৰ্মৰ এই বৃহৎ এলেকাক আগৰ অৱস্থালৈ ঘুৰাই আনিবলৈ প্ৰায় ২ বছৰ সময়ৰ প্ৰয়োজন হ’ব বুলি উৎসৱৰ আয়োজক সমিতিয়ে সদৰী কৰে। ইতিমধ্যে ৮০০ ৰো অধিক আৱৰ্জনা বুটলা শ্ৰমিক ফাৰ্মখনত নিয়োজিত কৰা হৈছে।