গুৱাহাটী/নতুন দিল্লীঃ অসমৰ স্বাস্থ্যখণ্ডৰ অভূতপূৰ্ব উন্নয়ন হৈছে বুলি ৰাজ্য চৰকাৰে ঢাক-ঢোল বজাই অহাৰ সময়তে পোহৰলৈ আহিছে এটি উদ্বেগজনক খবৰ। এই খবৰ অনুযায়ী সাময়িকভাৱে স্বীকৃতি বাতিল হোৱা চিকিৎসা মহাবিদ্যালয়ৰ তালিকাত আছে অসমৰ ৩ খনকৈ চিকিৎসা মহাবিদ্যালয়ৰ নাম। স্বীকৃতি বাতিল হোৱা অসমৰ চিকিৎসা মহাবিদ্যালয় ৩খন হৈছে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়, বৰপেটাৰ ফখৰুদ্দিন আলী আহমেদ চিকিৎসা মহাবিদ্যালয় আৰু ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়।

যিসময়ত ৰাজ্য চৰকাৰে ইখনৰ পিছত সিখন জিলাত চিকিৎসা মহাবিদ্যালয় স্থাপনৰ কথা কৈ আহিছে সেই সময়ত বৰপেটা আৰু ডিব্ৰুগড়ৰ লগতে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰো স্বীকৃতি বাতিল হোৱাত স্বাভাৱিকতে হতচকিত হৈ পৰিছে সচেতন মহল। বিশেষকৈ গুৱাহাটী চিকিৎসা মহাবিদ্যালয়তো নেশ্যনেল মেডিকেল কমিছন চমুকৈ এনএমচিয়ে নিৰ্ধাৰণ কৰি দিয়া প্ৰয়োজনীয় আন্তঃগাথনি নথকা বিষয়টোৱে উত্থাপন কৰিছে বহু প্ৰশ্নৰ।

ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰকাশিত বাতৰি অনুযায়ী যোৱা দুমাহত দেশৰ মুঠ ৪০ খন চিকিৎসা মহাবিদ্যালয়ে এনএমচিয়ে নিৰ্ধাৰণ কৰি দিয়া প্ৰয়োজনীয় মানদণ্ড নথকা বাবে স্বীকৃতি হেৰুৱাবলগীয়াত পৰিছে। এনএমচিৰ এটি সূত্ৰৰ উধৃতিৰে আউটলুকে প্ৰকাশ কৰা বাতৰি এটাত কোৱা হৈছে যে অচিৰেই তামিলনাডু, গুজৰাট, অসম, পঞ্জাৱ, অন্ধ্ৰ প্ৰদেশ, পুডুচেৰী আৰু পশ্চিমবংগৰ অতিকমেও ১০০খন চিকিৎসা মহাবিদ্যালয়ৰ স্বীকৃতি বাতিল হ’ব পাৰে।

কিয় এনে হ’বলৈ পাইছে?

চৰকাৰী তথ্য অনুযায়ী ২০১৪ চনৰ তুলনাত বৰ্তমান দেশত চিকিৎসা মহাবিদ্যালয়ৰ সংখ্যা যথেষ্ট বৃদ্ধি পাইছে। ২০১৪ চনৰ পূৰ্বে সমগ্ৰ দেশত চিকিৎসা মহাবিদ্যালয়ৰ সংখ্যা আছিল মুঠ ৩৮৭ খন। বৰ্তমান সেয়া ৬৯ শংতাশ বৃদ্ধি হৈ হৈছেগৈ ৬৫৪ খন। একেদৰে এমবিবিএছৰ আসনৰ সংখ্যাও ৯৪ শতাংশ বৃদ্ধি হৈ পূৰ্বৰ ৫১,৩৪৮ৰ পৰা ৯৯,৭৬৩খন  হৈছে। পিজি আসনৰ সংখ্যাও ২০১৪ চনৰ তুলনাত ১০৭ শতাংশ বৃদ্ধি পাইছে। ২০১৪ চনত দেশৰ চিকিৎসা মহাবিদ্যালয়সমূহত পিজিৰ আসনৰ সংখ্যা আছিল ৩১,১৮৫খন। বৰ্তমান সেয়া হৈছেগৈ ৬৪,৫৫৯ খন।

কিন্তু সংখ্যাৰ দিশেৰে চিকিৎসা মহাবিদ্যালয় অধিক হ’লেও গুণগত মানদণ্ড আৰু প্ৰয়োজনীয় আন্তঃগাথনি পৰ্যাপ্ত নোহোৱাত এতিয়া কেবাখনো চিকিৎসা মহাবিদ্যালয়ৰ স্বীকৃতি বাতিল কৰিবলৈ বাধ্য হৈ পৰিছে  নেশ্যনেল মেডিকেল কমিছন চমুকৈ এনএমচি। প্ৰাপ্ত বাতৰি মতে, এনএমচিৰ পৰিদৰ্শনকালত ১০০ ৰো অধিক চিকিৎসা মহাবিদ্যালয়ে নিৰ্ধাৰিত নিয়মসমূহৰ উলংঘা কৰাতো ধৰা পৰিছিল।

স্বীকৃতি বাতিল হোৱা অধিকাংশ চিকিৎসা মহাবিদ্যালয়তে চিচিটিভি কেমেৰাৰ অত্যাধুনিক সংযোগ, নাছিল আধাৰ লিংকড বায়’মেট্ৰিক এটেণ্ডেন্স ব্যৱস্থা। আনহাতে অধিকাংশ চিকিৎসা মহাবিদ্যালয়ত ছাত্ৰ-ছাত্ৰীৰ অনুপাতে শিক্ষকৰ সংখ্যাও যথেষ্ট কম থকাটোও পৰিদৰ্শন কালত এনএমচিয়ে ধৰা পেলায়। এনে পৰিপ্ৰেক্ষিতত ৪০ খন চিকিৎসা মহাবিদ্যালয়ৰ স্বীকৃতি সাময়িকভাৱে বাতিলৰ সিদ্ধান্ত গ্ৰহণ কৰে এনএমচিয়ে।

উল্লেখ্য যে চিকিৎসকৰ সংখ্যা বৃদ্ধি কৰাৰ উদ্দেশ্যে কেন্দ্ৰ চৰকাৰে দেশত চিকিৎসা মহাবিদ্যালয়ৰ সংখ্যা বৃদ্ধি কৰাত গুৰুত্ব আৰোপ কৰি আহিছে। সেয়ে কেন্দ্ৰ চৰকাৰে বিশেষ আঁচনিৰ অধীনত পৰ্যায়ক্ৰমে জিলা অসামৰিক চিকিৎসালয়সমূহক চিকিৎসা মহাবিদ্যালয়লৈ উন্নীত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল। এই সিদ্ধান্ত অনুযায়ী সমগ্ৰ দেশতে ১৫৭ খন নতুন চিকিৎসা মহাবিদ্যালয় স্থাপনৰ প্ৰস্তাৱ গ্ৰহণ কৰা হয়। সম্প্ৰতি ১৫৭ খন প্ৰস্তাৱিত চিকিৎসা মহাবিদ্যালয়ৰ ৯৪খন ইতিমধ্যে সম্পূৰ্ণ হৈ উঠিছে বুলিও জানিব পৰা গৈছে। চিকিৎসা মহাবিদ্যালয়ৰ সংখ্যা বৃদ্ধি পোৱাৰ সময়তে এনেদৰে ইখন পিছত সিখনকৈ চিকিৎসা মহাবিদ্যালয়ৰ স্বীকৃতি বাতিলৰ খবৰে ছাত্ৰ-ছাত্ৰীসকলৰ লগতে সমগ্ৰ দেশবাসীকে উদ্বিগ্ন কৰি তুলিছে।

বিশেষজ্ঞসকলে কি কয়?

এনএমচিয়ে শেহতীয়াকৈ গ্ৰহণ কৰা এনে সিদ্ধান্তক লৈ বিশেষজ্ঞসকলৰ মাজত দেখা গৈছে ভিন্নমত। একাংশ বিশেষজ্ঞই এয়া উচিত পদক্ষেপ বুলি দাবী কৰাৰ বিপৰীতে আন একাংশই আকৌ উক্ত সিদ্ধান্তক হঠকাৰী আখ্যা দিছে। বিশেষজ্ঞসকলৰ মতে আধাৰ সংযুক্ত বায়’মেট্ৰিক এটেন্ডেন্স ব্যৱস্থাত এনএমচিয়ে অধিক গুৰুত্ব আৰোপ কৰাৰ ফলতে এনে হ’বলৈ পাইছে। এই ব্যৱস্থাত যিসকল ফেকাল্টীয়ে পুৱা ৮ বজাৰ পৰা দুপৰীয়া ২ বজালৈ কৰ্তব্যত থাকে সেইসকলকহে এনএমচিয়ে হিচাপত ধৰে।

'এনএমচিয়ে পুৱা ৮ বজাৰ পৰা দুপৰীয়া ২ বজালৈ ডিউটি টাইম ধৰিছে। কিন্তু চিকিৎসকসকলৰ কোনো ধৰাবন্ধা ডিউটি টাইম নাথাকে। তেওঁলোকে জৰুৰীকালীন কক্ষতো কাম কৰিবলগীয়া হয় আৰু নৈশ ডিউটিও কৰিবলগীয়া হয়। গতিকে এনএমচিয়ে ৱৰ্কিং টাইমক লৈ কঠোৰ হোৱা বাবেই এনে পৰিস্থিতিৰ উদ্ভৱ হৈছে। চিকিৎসা মহাবিদ্যালয়সমূহত এনেধৰণৰ মাইক্ৰ’ মেনেজমেণ্ট বৰ্তমানৰ পৰিপ্ৰেক্ষিতত মুঠেই বাস্তৱসন্মত নহয় আৰু এইক্ষেত্ৰত এনএমচিয়ে নীতি সলনি কৰা উচিত।’-এজন মেডিকেল মেনেজমেণ্ট এক্সপাৰ্টৰ মন্তব্য। 

আন এজন বিশেষজ্ঞই কয়, 'এনএমচিয়ে প্ৰয়োজনীয় আন্তঃগাথনিৰ অভাৱ থকা বাবে স্বীকৃতি বাতিল কৰিছে। একে সময়তে আকৌ তেনে কলেজসমূহত নতুন ছাত্ৰ-ছাত্ৰীৰ নামভৰ্তি প্ৰক্ৰিয়াও চলি থাকিবলৈ দিছে। এয়া পৰস্পৰ বিৰোধী কথা। এনএমচিৰ এনে দুমুখীয়া স্থিতিয়ে ছাত্ৰ-ছাত্ৰীসকলক ভীতিগ্ৰস্ত কৰি তুলিব। লগতে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত যিহেতু ভাৰতীয় চিকিৎসকৰ যথেষ্ট সুনাম আছে সেয়ে এনে সিদ্ধান্তৰ ফলত তাতো বিৰূপ প্ৰভাৱ পৰাৰ থল আছে।’ 

অৱশ্যে আন একাংশ বিশেষজ্ঞই ইয়াৰ বাবে চৰকাৰ প্ৰশাসনক জগৰীয়া কৰা দেখা গৈছে। নাম প্ৰকাশত অনিচ্ছুক গুৱাহাটীৰ এগৰাকী আগশাৰীৰ চিকিৎসকে NNO-ৰ আগত কয়, 'চৰকাৰে নভবা-নিচিন্তাকৈ চিকিৎসা মহাবিদ্যালয় স্থাপন কৰিছে। ফলত অধ্যাপকৰ অভাৱ ঘটিছে। গুৱাহাটী চিকিৎসা মহাবিদ্যালয়তেই পাঠদান অনিয়মীয়া হৈছে। গতিকে অনিয়মীয়া পাঠদান হৈ থাকিলে পাছ কৰি অহা নতুন চিকিৎসকসকলে ৰাইজক কিদৰে সু-চিকিৎসা প্ৰদান কৰিব পাৰিব। এনএমচিয়ে স্বীকৃতি বাতিল কৰাতেই সীমাৱদ্ধ থাকিলে নহ’ব। চৰকাৰৰ সৈতে বিষয়টো সন্দৰ্ভত আলোচনা কৰি আৰু যাতে এনে হ’বলৈ নাপায় তাৰো ব্যৱস্থা কৰিব লাগিব। নহ’লে দেশৰ জনসাধাৰণে নতুন চিকিৎসকসকলৰ প্ৰতি আস্থা হেৰুৱাই পেলাব।’ 

বন্ধৰ দিনত পৰিদৰ্শনৰ বাবে আহিছিল!

অসমৰ ৩খনকৈ চিকিৎসা মহাবিদ্যালয়ৰ স্বীকৃতি সাময়িকভাৱে বাতিল হোৱাৰ বাতৰি প্ৰকাশ পোৱাৰ কেইঘণ্টামান পিছত বিষয়টোক লৈ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে ৰাজ্যৰ স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তই। 'এয়া এক গতানুগতিক নিয়ম। এইবাৰ বাতৰিত ওলাইছে বাবে গম পাইছে। আগতে বাতৰিত নোলায়। নিয়মিত পৰিদৰ্শনত আঁসোৱাহ দেখিলে তেওঁলোকে অভিযোগ দিয়ে। এইবাৰ চিচিটিভি কেমেৰা নাই চলা বুলি কৈছে। তেওঁলোকে সেয়া ঠিক কৰিবলৈ সময় দিয়ে। সেই সময়ৰ ভিতৰত উত্তৰ দিয়া হৈছে আৰু সেইমতে কৰাৰ ব্যৱস্থাও কৰা হৈছে।’-স্বাস্থ্য মন্ত্ৰী মহন্তই কয়।

আনহাতে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ অধীক্ষক অভিজিত শৰ্মাই এনএমচিৰ দলটো বন্ধৰ দিনত পৰিদৰ্শনৰ বাবে আহিছিল বুলি দাবী কৰে। তেওঁ কয়, 'এনএমচিয়ে পৰিদৰ্শনৰ বাবে প্ৰতিবছৰে মানুহ পঠিয়ায়। এইবাৰ এনএমচিৰ দল ২৩ জানুৱাৰীত আচম্বিত পৰিদৰ্শনৰ বাবে আহিছিল। ৰাষ্ট্রীয় বন্ধৰ দিনত পৰিদৰ্শন কৰিছিল দলটোৱে। অভিযোগ আহিব পাৰে। আমি অভিযোগ পঢ়ি তাৰ উত্তৰ দিছো। ইয়াক লৈ ছাত্ৰ-ছাত্ৰী উদ্বিগ্ন হোৱাৰ কোনো কাৰণ নাই।’

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অধ্যাপক, কিতাপ-পত্ৰ তথা আন প্ৰয়োজনীয় শিক্ষণ সামগ্ৰী পৰ্যাপ্ত পৰিমাণে আছে বুলি দাবী কৰি অধীক্ষক শৰ্মাই আৰু কয়, 'এইবাৰ তেওঁলোকে কেমেৰাৰ কথা কৈছিল। ইতিমধ্যে ২৫ টা কেমেৰা আমি লগাইছো আৰু সেই ডাটাবোৰ এনএমচিলৈ গৈ আছে। কিন্তু কেমেৰাৰ কোড তেওঁলোকৰ ওচৰত থাকে আমি সেই কেমেৰা চাব নোৱাৰো।’ 

বিষয়টো সন্দৰ্ভত একেই মন্তব্য কৰা দেখা গৈছে বৰপেটাৰ ফখৰুদ্দিন আলী আহমেদ চিকিৎসা মহাবিদ্যালয় আৰু ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয় কৰ্তৃপক্ষই। '৫ বছৰৰ মূৰে মূৰে এনেকৈ পৰিদৰ্শনৰ বাবে আহে। এয়া নতুন কথা নহয়। আমি গোটেইখিনি উত্তৰ দিছো। বায়মেট্ৰিক আৰু চিচিটিভি আমাৰ ঠিকেই চলি আছে। মাজতে ট্ৰেন্সফাৰৰ বাবে আমাৰ দুজনমান অধ্যাপক কম আছিল শেহতীয়া পৰিদৰ্শনৰ সময়ত। সেই কথাটো আমাক এনএমচিয়ে আঙুলিয়াই দি জাননী প্ৰেৰণ কৰিছে। আমি তাৰ উত্তৰ ইতিমধ্যে দিছো আৰু যিখিনি আসোঁৱাহ তেওঁলোকে পাইছে সেয়া চৰকাৰে আৰু আমি মিলি ফুলফিল কৰিম। তাৰ পিছত পজিটিভ ৰিপ’ৰ্ট পাম। বাতৰিত কোৱাৰ দৰে আচলতে কোনো স্বীকৃতি বাতিল হোৱা নাই।’-সাংবাদিকৰ আগত এইদৰে কয় ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয় কৰ্তৃপক্ষই।