গোৰেশ্বৰঃ ১৯৮৩ চনত অসম আন্দোলনৰ সময়ত হিন্দু বাঙালীৰ ওপৰত যি অত্যাচাৰ চলিছিল সেই অত্যাচাৰ আজিও চলি আছে। সেয়েহে ৮৩  ভয়ংকৰ দিনৰ সৈতে আজিৰ দিনৰ কোনো পাৰ্থক্য নাই। কাৰণ অসমত এতিয়া হিন্দু বাঙালী বিতাড়নৰ কুচকাৱাজ চলিছে। নাগৰিকত্ব সংশোধনী বিলৰ বিৰোধিতা কৰাৰ অধিকাৰ নাই কাৰোৰে নাই।

এই মন্তব্য সদৌ অসম বাঙালী যুৱ-ছাত্ৰ ফেডাৰেছনৰ কেন্দ্ৰীয় সভাপতি দীপক দে’ৰ। দেওবাৰে অসম আন্দোলনত নিহত ব্যক্তিৰ ক্ষতিপূৰণ দাবী সমিতিৰ উদ্যোগত বাক্সা জিলাৰ গোৰেশ্বৰৰ গড়কাপ্তানি বিভাগৰ পৰিদৰ্শন বঙলা প্ৰাংগনত শ্ৰদ্ধাঞ্জলি  অনুষ্ঠানত অংশ লৈ এই মন্তব্য আগবঢ়ায় দীপক দে’ই৷ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান উপলক্ষে অনুষ্ঠিত কৰা মুকলি সভাত নিৰ্দিষ্ট বক্তাৰ ভাষণ দি তেও আৰু কয়, ভাৰতবৰ্ষত হিন্দু বাঙালীৰ অৱদান সবাতকৈ বেছি, এতিয়া তেওঁলোককে ভাৰতবৰ্ষৰ ভূমিত বিদেশী সজাব বিচৰা হৈছে।

ৰাজনীতিৰ স্বপ্ন পূৰণ কৰিবলৈ বাঙালীক লৈ একাংশ ৰাজনৈতিক নেতাই বাঙালীক লৈ ষড়যন্ত্ৰ কৰি বিতাড়ণ কৰিব বিচাৰিছে বুলি কয়। যিসকলে নাগৰিকত্ব সংশোধনী বিলৰ বা হিন্দু বাঙালীৰ বিৰোধিতা কৰে তেওঁলোক প্ৰকৃততে আইএচআইৰ এজেন্ট। চৰকাৰে যদি আমাক সুৰক্ষা দিব নোৱাৰে তেন্তে আজিৰ বাঙালীসকলে নিজৰ নিৰাপত্তা নিজে দিব।

বাঙালীক আৰু বন্দুক দেখুৱাই বাধা দিব পৰা নাযাব বুলি দীপক দেই ক্ষোভ জাহিৰ কৰে। যিসকলে দিল্লীলৈ গৈ আৰ্চাদ মাদানীৰ কাষত বহি অসমীয়াৰ বিৰুদ্ধে আৰু অসমত আহি বাঙালীৰ বিৰুদ্ধে কয় তেওঁলোকৰ মুখা খুলি দিয়াৰ সময় সমাগত হৈছে। দাবী পূৰণ সমিতিৰ সভাপতি অৰুণ ৰায়ৰ পৌৰহিত্যত আয়োজিত মুকলি সভা উদ্ধোধন কৰে সদৌ অসম বাঙালী জাতীয় পৰিষদৰ সভাপতি সাধন বৈশ্যই।

অৱসৰ প্ৰাপ্ত অধ্যক্ষ অবিনাশ ৰয়ে ভাষণত কয় যে, বাঙালীসকলক বাদ দি বৃহত্তৰ অসমীয়া সমাজ গঠন হ'ব নেৱাৰে। বিটিচিৰ ই এম মহেশ্বৰ বসুমতাৰীয়ে মুকলি সভাত অংশ লৈ অসম আন্দোলনৰ সময়ত কৰা কিছুমান ভুলৰ বাবেই এতিয়া ক্ষুদ্ৰ ক্ষুদ্ৰ জাতি জনগোষ্ঠীয়ে নিজৰ অধিকাৰ সুৰক্ষিত কৰিবলৈ ওলাই আহিব লগা হৈছে। সভাত মানৱ অধিকাৰ ৰক্ষা সমিতিৰ সভাপতি এন চি পাল, বাঙালী ঐক্যমঞ্চৰ সভাপতি হিমাদ্ৰী ৰয়েও ভাষণ দিয়ে।

সভাৰ সভাপতি অৰুণ ৰায়ে নিজ ভাষণত স্পষ্ট কৰে যে অসম আন্দোলন ৮৫৫ জন শ্বহীদক যেনেদৰে মৰ্যদা প্ৰদান কৰা হৈছে তেনেদৰে নেলী, গোৰেশ্বৰ, খৈৰাবাৰী আদি অঞ্চলত যিসকল বাঙালী সম্প্ৰদায়ৰ নিৰিহ লোকক হত্যা কৰা হ'ল তেওঁলোকক উপেক্ষা নকৰি ক্ষতিপূৰণ দিয়াৰ লগতে মৰ্যদা প্ৰদান কৰাৰ বাবে চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিব লাগে।