ডিজিটেল ডেস্কঃ ভীৰু মাওবাদীয়ে উন্নয়ন সহ্য কৰিব নোৱাৰে বুলি কঠোৰ ভাষাৰে গৰিহণা দিছে দেশৰ গৃহমন্ত্ৰী ৰাজনাথ সিঙে। ছত্তিশড়ৰ সুকমা জিলাত মাওবাদী আক্ৰমণত ছহীদ ২৫ জোৱানলৈ আজি ৰায়পুৰত শ্ৰদ্ধাঞ্জলী জ্ঞাপন কৰি ৰাজনাথ সিঙে কয় যে আদিবাসীসকলৰ উন্নয়ন দেখি হতাশাত ভুগি এনেধৰণৰ অমানৱীয় কূটাঘাত সংঘটিত কৰিছে মাওবাদী উগ্ৰপন্থীয়ে।

আদিবাসীসকলক ঢাল হিচাপে লৈ যুঁজ কৰা মাওবাদীসকলৰ বিৰুদ্ধে তীব্ৰতৰ অভিযান চলোৱা হ’ব বুলি গৃহমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰি কয় যে জোৱানৰ বলিদান কোনো কাৰণতে অথলে যাব দিয়া নহ’ব। লেফট্ ৱিং এক্সট্ৰিমিজিম চমুকৈ এলডব্লিউই কাৰ্যনীতি পুনৰাই ব্যাপক হাৰত হাতত লোৱা হ’ব বুলি ঘোষণা কৰে গৃহমন্ত্ৰীগৰাকীয়ে।

মাওবাদী উগ্ৰপন্থীক সমূলঞ্চে উৎখাত কৰিবলৈ এক বিশদ ৰণনীতি তৈয়াৰ কৰাৰ বাবে ৮ মেত এখন বিশেষ বৈঠকৰ আয়োজন কৰা হৈছে বুলি শ্ৰদ্ধাঞ্জলী জ্ঞাপনৰ পিছতে গৃহমন্ত্ৰীগৰাকীয়ে ঘোষণা কৰে। সকলো ৰাজ্যৰে মন্ত্ৰী-আমোলা, আৰক্ষী-সেনাক লৈ হ’বলগা এই আলোচনাত কঠোৰ কাৰ্যনীতি গ্ৰহণ কৰা হ’ব বুলি জানিবলৈ দিয়ে গৃহমন্ত্ৰীগৰাকীয়ে। 

ৰাজ্যখনৰ আদিবাসী অধ্যূষিত অঞ্চলত উন্নয়ন দেখি আদিবাসীসকলৰ সমৰ্থন হেৰুওৱাৰ ভয়তে এনেধৰণৰ নীচ কাম মাওবাদী উগ্ৰপন্থীয়ে কৰা বুলি ছত্তিশগড়ৰ মুখ্যমন্ত্ৰী ৰমন সিঙে জনায়। বিকাশৰ বিৰুদ্ধে নক্সালৰ এই আন্দোলন ৰোধ কৰাৰ বাবে চৰকাৰে টঙালি বান্ধি থিয় দিব বুলি দোহাৰে সিঙে।