গোৱালপাৰাঃ বুধবাৰে ৰাজ্যপাল প্ৰফেচাৰ জগদীশ মুখীয়ে গোৱালপাৰা জিলা ভ্ৰমণ কৰে৷ পুৱাই ৰাজ্যপাল মুখীয়ে গোৱালপাৰা জিলা ভ্ৰমণ কৰি কেইবাটাও বিভাগৰ বিষয়া-কৰ্মচাৰীৰ সৈতে বৈঠকত মিলিত হৈ উন্নয়ন সন্দৰ্ভত আলোচনা কৰে৷ তাৰ মাজতে এগৰাকী বিষয়াক ৰাজ্যপাল মুখীয়ে ককৰ্থনা কৰে৷ গ্ৰাম্য উন্নয়নৰ বিষয়াসকলৰ সৈতে অনুষ্ঠিত বৈঠকত মধুসূদন নাথ নামৰ বিষয়াগৰাকীয়ে পলমকৈ উপস্থিত হোৱাৰ লগতে কাৰ্যালয়ৰ কোঠা খুলিবলৈ বিষয়াই চাবি বিচাৰি নোপোৱাত ককৰ্থনা কৰে ৰাজ্যপালগৰাকীয়ে৷

যাৰ ফলত বিষয়াতকৈ আগত ৰাজ্যপাল আহি বিষয়াৰ বাবে ৰৈ থাকিব লগা হোৱাত ৰাজ্যপালৰ খং উঠে৷ উত্তেজিত ৰাজ্যপালে সকলোৰে সন্মুখত বিষয়াক ‘NONSENSE’ বুলি কয়৷ গোৱালপাৰাৰ জিলা গ্ৰাম্য উন্নয়ন অভিকৰণ বিষয়াৰ কাৰ্যালয়ত বিষয়াক গালি দিয়া ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে। কাৰ্যালয়টোৰ বিষয়া মধুসূদন নাথক গালি দিয়াৰ দৃশ্য বন্দী হয় কেমেৰাত। বুধবাৰে দিনজোৰা কাৰ্যসূচীৰে গোৱালপাৰাত উপস্থিত হৈ ৰাজ্যপাল জগদীশ মুখীয়ে বিষয়া-কৰ্মচাৰীক সাক্ষাৎ কৰিছিল৷

ৰাজ্যৰ সাংবিধানিক মুৰব্বীগৰাকীয়ে কাৰ্যালয়ত উপস্থিত হোৱাৰ পিছতো বিষয়া উপস্থিত নোহোৱাত খঙে চুলিৰ আগ পায়। খঙত অগ্নিশর্মা হৈ ৰাজ্যৰ সাংবিধানিক মুৰব্বী মুখীয়ে একপ্ৰকাৰ ধমক দিয়ে বিষয়াগৰাকীক। উল্লেখযোগ্য যে, বুধবাৰে দিনজোৰা কাৰ্যসূচীৰে গোৱালপাৰাত উপস্থিত হয় ৰাজ্যপাল জগদীশ মুখী। পুৱাই ৰাজ্যপালগৰাকীয়ে গোৱালপাৰাত উপস্থিত হৈ প্ৰথমে আৰ্বত্ত ভৱনত জিলা উপায়ুক্ত আৰু আৰক্ষী অধীক্ষকৰ সৈতে এক বৈঠকত মিলিত হয়।

পিছত গোৱালপাৰা মহাবিদ্যালয়ত উপস্থিত হৈ ছাত্র-ছাত্ৰী আৰু শিক্ষকসকলৰ সৈতে মত বিনিময় কৰে। গোৱালপাৰা অসামৰিক চিকিৎসালয় পৰিভ্ৰমণ কৰি জিলা গ্ৰাম্য উন্নয়ন অভিকৰণ বিষয়াৰ কাৰ্যালয়ত উপস্থিত হোৱাৰ পিছত ৰাজ্যপালৰ খঙে চুলিৰ আগ পায়। চাবি নথকাৰ অজুহাতত কাৰ্যালয়টোৰ তলা বন্ধ কোঠা এটা খুলিব নোৱাৰাত খঙত অগ্নিশর্মা হৈ পৰে ৰাজ্যপাল। ফলত গালি পাৰিবলৈ বাধ্য হয় জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া মধুসূদন নাথক। আনহাতে আবেলি ৰাজ্যপালগৰাকীয়ে বিভিন্ন বিভাগৰ বিষয়াসকলৰ সৈতে আলোচনাত মিলিত হোৱাৰ লগতে সাংবাদিকসকলৰ সৈতেও মত বিনিময় কৰে।