লালুকঃ অসমৰ ৰাজ্যপাল বানোৱাৰী লাল পুৰোহিতে বিশেষ ভ্ৰমণসূচী লৈ আজি পুৱা বিমানযোগে লখিমপুৰত উপস্থিত হয়৷

দুপৰীয়া শ্ৰীশ্ৰী আদি এলেঙী সত্ৰৰ ৪০০ বছৰীয়া প্ৰতিষ্ঠা দিৱসৰ মুকলি সভাত অংশ লৈ বিয়লিলৈ গোগামুখৰ এন এইচ পি চি বিষয়াৰ সৈতে জলবিদ্যুৎ প্ৰকল্পৰ অগ্ৰগতিৰ বুজ লয়৷

নিশাটো লখিমপুৰ আৱৰ্ত ভৱনত কটোৱাৰ পিছত কাইলৈ পুৱা তেওঁ বিহপুৰীয়াৰ লোহিত ডিক্ৰং উচ্চতৰ মাধ্যমিক বিদ্যালয়ত শিক্ষক আৰু ছাত্ৰ-ছাত্ৰীৰ সৈতে মত বিনিময় কৰিব৷

দুপৰীয়া মাধৱদেৱৰ জন্মস্থান লেটেকু পুখুৰী পৰিদৰ্শন কৰাৰ উপৰি ভকতসকলৰ লগত মত বিনিময় কৰিব৷ তাৰ পৰা উভতি আহি বগীনদীৰ আই পদুমনি থান পৰিৰ্দশন কৰিব৷

নিশালৈ লখিমপুৰ আৱৰ্ত ভৱনত বিভিন্ন দল-সংগঠন, স্বেচ্ছাসেৱী অনুষ্ঠান, জ্যেষ্ঠ নাগৰিকৰ সৈতেও মত বিনিময় কৰিব ৰাজ্যপালগৰাকীয়ে ৷ তিনিদিনীয়া এই বিশেষ ভ্ৰমণসূচী সামৰি ১৪ এপ্ৰিলৰ পুৱা লীলাবাৰীৰ পৰা বিমানযোগে পুনৰ গুৱাহাটীলৈ উভতিব বানোৱাৰীলাল পুৰোহিত।