কোকৰাঝাৰঃ  ৰাজ্যপাল বানোৱাৰীলাল পুৰোহিতে আজি পুৱা ১১ বজাত কোকৰাঝাৰত স্বচ্ছ ভাৰত অভিযানত অংশগ্ৰহণ কৰে । জিলা প্ৰশাসনৰ উদ্যোগত আৰু কোকৰাঝাৰ পৌৰ নিগম, নগৰ উন্নয়ন বিভাগৰ সহযোগত আৱৰ্ত ভৱনৰ সন্মুখৰ গড়কাপ্তানি পথত অনুষ্ঠিত হোৱা স্বচ্ছ ভাৰত অভিযানত ৰাজ্যপাল বানোৱাৰীলাল পুৰোহিতে অংশগ্ৰহণ কৰি গড়কাপ্তানি পথত ঝাৰু দি অনুষ্ঠানৰ শুভাৰম্ভ কৰে।

ৰাজ্যপালগৰাকীয়ে সকলোকে স্বচ্ছতা বজাই ৰাখিবলৈ আহ্বান জনায়। স্বচ্ছ ভাৰত অনুষ্ঠানৰ পিছতে ৰাজ্যপালগৰাকীয়ে  সীমা চিন্তন মঞ্চ, পূৰ্বোত্তৰৰ উদ্যোগত কোকৰাঝাৰ বিজ্ঞান মহাবিদ্যালয়ৰ অনুষ্ঠিত হোৱা অখিল ভাৰতীয় সীমা চিন্তন বৈঠকৰ সভাত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে।

মুখ্য অতিথিৰ ভাষণত ৰাজ্যপালগৰাকীয়ে নৰেন্দ্ৰ মোডীক প্ৰশংসা কৰি ভাৰতে পূৰ্বে মোডীৰ দৰে প্ৰধানমন্ত্ৰী পোৱা নাছিল আৰু ভৱিষ্যতেও নাপায় বুলি মন্তব্য কৰে। দেশভক্তিৰ ক্ষেত্ৰত ৰাজনীতি আহিব নালাগে বুলি উল্লেখ কৰি ৰাজ্যপালে কয় যে চীনৰ শক্তিয়ে আমাৰ পিনে ৰঙা চকুৰে চাই আছে যদিও আমি ধনৰ লোভৰ বাবে আগবাঢ়িব পৰা নাই।

নিজৰ ভাষণত ৰাজ্যপালগৰাকীয়ে কয় যে ৰাজনীতিৰ স্বাৰ্থতে বাংলাদেশীৰ অনুপ্ৰৱেশ হ'বলৈ পাইছে। তেওঁ আৰু কয় যে সমস্যা যিমানেই নাহক কিয়, ভাৰতে এদিন হ'লেও বিশ্বত নিজৰ আধিপত্য় বিস্তাৰ কৰিবলৈ সমৰ্থ হ'বই। 

কোকৰাঝাৰ বিজ্ঞান মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হোৱা সীমা চিন্তন বৈঠকত বিটিচিৰ উপমুখ্য কাৰ্যবাহী সদস্য খাম্পা বৰগয়াৰীয়ে অংশগ্ৰহণ কৰি ৰাজ্যপালৰ সন্মুখতে বিমুদ্ৰাকৰণৰ প্ৰভাৱ আৰু ক্ষতিকাৰক দিশৰ বিষয়ে নিজ ভাষণত উল্লেখ কৰে ।

ভাৰত-ভূটান সীমান্তৰ ১ লাখ ২০  হেজাৰ জনতাৰ মাজত এটাও বেংক নাই আৰু ৭০ কিলোমিটাৰ দূৰলৈ গ'লেহে অৰ্থাৎ কোকৰাঝাৰ সদৰ চহৰলৈ আহিলেহে তেওঁলোকে বেংকৰ সৈতে লেনদেন কৰিব পাৰে আৰু যাৰ বাবে অৰ্থ আৰু সময়ৰ অপচয় হৈছে বুলি উল্লেখ কৰি বিমুদ্ৰাকৰণৰ ফলত সাধাৰণ জনতা বিশেষকৈ খেতিয়কসকল বেয়াকৈ আক্ৰান্ত হ'ব লগা হৈছে বুলি উল্লেখ কৰে।

বিমুদ্ৰাকৰণ ফলতেই খেতিয়কৰ উৎপাদিত সামগ্ৰীৰ দাম কমিছে বুলি উল্লেখ কৰি নগদবিহীন লেনদেন কৰাৰ পূৰ্বে ছিষ্টেমৰ উন্নতি সাধন কৰাও দৰকাৰ বুলি ভাষণত উল্লেখ কৰে বৰগয়াৰীয়ে । ভূটানৰ সৈতে ভাৰতৰ সম্পৰ্ক বন্ধুত্বপূৰ্ণ বুলি উল্লেখ কৰি খাম্পা বৰগয়াৰীয়ে সীমাৰ সুৰক্ষা, নিৰাপত্তাৰ বিষয়ে সচেতন হোৱাৰ দৰকাৰ বুলি উল্লেখ কৰি সীমাত বেদখল যাতে নহয় তাৰ প্ৰতিও লক্ষ্য ৰাখিবলৈ আহ্বান জনায় ।অনুষ্ঠানত সীমান্ত চেতনা মঞ্চৰ বহু কৰ্মকৰ্তাও উপস্থিত থাকে ।