আহমেদাবাদঃ এইবাৰ লোকসভা নিৰ্বাচনত ৪০০ খন আসন লাভৰ শ্লোগান দি ৰণাঙ্গনত নামিছে বিজেপি আৰু এনডিএৰ সহযোগী দল। কিন্তু লোকসভা নিৰ্বাচনৰ ঠিক পূৰ্বে এতিয়া খোদ মোদী-অমিত শ্বাহৰ ৰাজ্যতে ক্ষোভৰ জুইত দহিবলৈ আৰম্ভ কৰিছে বিজেপি। গুজৰাটৰ ৰাজকোট লোকসভা সমষ্টিৰ প্ৰাৰ্থী তথা কেন্দ্ৰীয় মন্ত্ৰী পুৰুষোত্তম ৰূপালাৰ এক মন্তব্যৰ পিছতে এতিয়া ৰাজ্যখনত নিতৌ প্ৰতিবাদমুখৰ পৰিৱেশৰ সৃষ্টি কৰিছে ৰাজপুত-ক্ষত্ৰিয় জনগোষ্ঠীয়ে।

আনকি পুৰুষোত্তম ৰূপালাৰ প্ৰাৰ্থিত্ব বাতিল নকৰিলে আত্মজাহ যোৱাৰো হুংকাৰ দিছে ৰাজপুত মহিলাই। মঙলবাৰে ৰাজকোট বিজেপিৰ প্ৰাৰ্থী তথা কেন্দ্ৰীয় মন্ত্ৰী পুৰুষোত্তম ৰূপালাৰ বিৰুদ্ধে জাতিক অপমান কৰাৰ অভিযোগ উত্থাপন কৰি গান্ধীনগৰৰ ৰাজ্যিক বিজেপিৰ কাৰ্যালয়ৰ সন্মুখত সমদল বাহিৰ কৰি প্ৰতিবাদ সাব্যস্ত কৰে ৰাজপুত সংগঠন কৰণী সেনাৰ সদস্যসকলে।

ইফালে এই প্ৰতিবাদত অংশগ্ৰহণ কৰিবলৈ যোৱাৰ সময়তে আহমেদাবাদৰ বিমান বন্দৰত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে কৰণী সেনাৰ সৰ্বভাৰতীয় সভাপতি ৰাজ শ্বেখাৱটক। আহমেদাবাদৰ সহকাৰী আৰক্ষী আয়ুক্ত ভি এন যাদৱে কয়, ‘ৰাজ শ্বেখাৱটে এক্স হেণ্ডেলত লিখিছিল যে তেওঁ গান্ধীনগৰৰ বিজেপিৰ ৰাজ্যিক মুখ্য কাৰ্যালয় ‘শ্ৰী কমলাম’ৰ সন্মুখত প্ৰতিবাদ কৰিবলৈ ওলাইছে। নিৰ্বাচনৰ পূৰ্বে অশান্তিৰ পৰা হাত সাৰিবলৈ সতৰ্কতামূলক ব্যৱস্থা হিচাপে তেওঁক আটক কৰা হয়।" আনহাতে গান্ধীনগৰ আৰু আহমেদাবাদৰ বিভিন্ন অঞ্চলত প্ৰতিবাদকাৰী কৰণী সেনাৰ সদস্যৰ আৰু আৰক্ষীৰ মাজত সংঘৰ্ষৰো সৃষ্টি হয়।

উল্লেখ্য যে, নৰেন্দ্ৰ মোদী গুজৰাটৰ মুখ্যমন্ত্ৰী হৈ থকাৰ সময়ত পুৰুষোত্তম ৰূপালা গুজৰাট বিজেপিৰ সভাপতি আছিল। মোদী প্ৰধানমন্ত্ৰী হোৱাৰ পিছত তেওঁ কেন্দ্ৰীয় মন্ত্ৰী হৈ পৰে। অভিযোগ অনুসৰি শেহতীয়াকৈ ৰূপালাই নিজৰ সমষ্টিত এখন দলিত সভাত কয়, ‘আমাৰ ওপৰত বিদেশী মোগলে শাসন কৰিছে। ইংৰাজেও কৰিলে। আমাক অত্যাচাৰ কৰি থাকিল। কিন্তু ৰাজপুত মহাৰাজসকলে তেওঁলোকৰ ওচৰত সেৱা জনাই ‘ৰুটি আৰু বেটি’ৰ ব্যৱসায় কৰিছিল। আমাৰ ৰুখী (গুজৰাট দলিত) সম্প্ৰদায়ে অৱশ্যে ধৰ্ম সলনি কৰা নাছিল বা ইংৰাজৰ লগত জড়িত নাছিল।" অভিযোগ অনুসৰি মোগল সম্ৰাটৰ পৰিয়ালত ৰাজপুত ৰাজকুমাৰীৰ বিবাহৰ ইতিহাস বৰ্ণনা কৰাৰ সময়তে ৰূপালাই এইদৰে মন্তব্য কৰে। মাৰ্চ মাহৰ শেষৰ ফালে দিয়া ভাষণৰ ভিডিঅ’ ভাইৰেল হৈ পৰাৰ পিছতে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ বিৰুদ্ধে ৰাজপুতৰ মাজত বিক্ষোভ আৰম্ভ হয়।

পৰৱৰ্তী সময়ত ৰুপালাই নিজৰ ভুল স্বীকাৰ কৰি কেইবাবাৰো ক্ষমা বিচাৰে যদিও ৰাজ্যৰ ৰাজপুত নেতাসকলে মানি ল’বলৈ অস্বীকাৰ কৰে। চিত্তৰৰ ৰাণী পদ্মৱতী আৰু তেওঁৰ সহযোগীসকলৰ আদৰ্শ অনুসৰণ কৰি ৰাজপুত-ক্ষত্ৰীয় সম্প্ৰদায়ৰ পাঁচগৰাকী মহিলাই তেওঁৰ প্ৰাৰ্থীত্ব বাতিল নকৰিলে নিজৰ আত্মসন্মান ৰক্ষাৰ বাবে ‘জাহাৰ’ (জুইত জপিয়াই আত্মহত্যা) কৰাৰো হুংকাৰ দিয়ে। আনফালে ৰাজপুত-ক্ষত্ৰিয়ৰ এই ক্ষোভ এতিয়া কেৱল গুজৰাটতে সীমাবদ্ধ হৈ থকা নাই। এই ক্ষোভৰ জুই এতিয়া ৰাজস্থান, হাৰিয়ানা, মধ্যপ্ৰদেশ আৰু উত্তৰ প্ৰদেশতো বিয়পি পৰি ইতিমধ্যে বিভিন্ন ৰাজপুত-ক্ষত্ৰীয় সংগঠনে বিজেপি বিৰোধী অভিযান আৰম্ভ কৰিছে।

দেওবাৰে উত্তৰ প্ৰদেশৰ সাহাৰনপুৰত ৰাজপুত আৰু ক্ষত্ৰীয় সম্প্ৰদায়ৰ জ্যেষ্ঠ সদস্যসকলে এখন মহাপঞ্চায়ত আহ্বান কৰে, য'ত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ হাজাৰ হাজাৰ লোকে অংশগ্ৰহণ কৰে। হাৰিয়ানা, ৰাজস্থান আৰু গুজৰাটৰ পৰাও ৰাজপুত-ক্ষত্ৰীয় প্ৰতিনিধি পঞ্চায়তত ভাগ লয়। ইয়াৰোপৰি বিভিন্ন কৃষক সংগঠনৰ নেতাইও অংশগ্ৰহণ কৰে এই মহাপঞ্চায়তত। এই মহাপঞ্চায়ততে কিষাণ মজদুৰ অৰ্গেনাইজেশ্যনৰ সভাপতি তথা ৰাজপুত সমাজৰ বিশিষ্ট নেতা ঠাকুৰ পুৰণ সিঙে বিজেপিক পৰাস্ত কৰিবলৈ শক্তিশালী বিৰোধী প্ৰাৰ্থীগৰাকীক সমৰ্থনৰ বাবে মুকলিকৈ আহ্বান জনায়।