ডিজিটেল ডেস্কঃ ভ্ৰুণ পৰীক্ষাৰ দ্বাৰা লিংগ নিৰ্ণয় কৰি গৰ্ভপাত কৰোৱাৰ বিষয়টো সম্প্ৰতি এক চৰ্চাৰ বিষয় হৈ পৰিছে৷ দেশৰ ২১ খন ৰাজ্যৰ ভিতৰত ১৭ খন ৰাজ্যতে নিম্নগামী হৈ আহিছে লিংগৰ হাৰ৷ ৰাজ্যকেইখনৰ ভিতৰত গুজৰাটতেই লিংগ বৈষম্যই গুৰুতৰ ৰূপ ধাৰণ কৰিছে। ৰাজ্যখনত প্ৰতি ১০০০ গৰাকী পুৰুষৰ বিপৰীতে মহিলাৰ অনুপাত ৮৫৪ গৰাকী হৈছে। 

এক প্ৰতিবেদন অনুসৰি ভ্ৰুণ পৰীক্ষাৰ জৰিয়তে লিংগ নিৰ্ণয় কৰি গৰ্ভপাত কৰোৱাৰ পৰিপ্ৰেক্ষিতত ১০ শতাংশতকৈ অধিক হাৰত লিংগৰ অনুপাত নিম্নগামী হোৱা ৰাজ্য সমূহৰ ভিতৰত প্ৰথমত আছে গুজৰাট৷ য’ত পূৰ্বৰ ১০০০ জন পুৰুষৰ বিপৰীতে ৯০৭ গৰাকী মহিলাৰ অনুপাত নিম্নগামী হৈ বৰ্তমান ১০০০ জনৰ বিপৰীতে ৮৫৪ গৰাকী হৈছেগৈ৷ 

২০১২-১৫ চনৰ পাছত এই বাৰ ৫৩ শতাংশ তললৈ নামে৷ ‘স্বাস্থ্য ৰাজ্য, প্ৰগতিশীল ভাৰত’ৰ ৰিপৰ্ট অনুসৰি লিংগৰ অনুপাত নিম্নগামী হোৱা ৰাজ্য হিচাপে স্থান লাভ কৰিছে হাৰিয়ানাই৷ হাৰিয়ানাৰ নিম্নগামীৰ হাৰ হ’ল ৩৫ শতাংশ৷ 

ইয়াৰ পাছতে স্থান লাভ কৰা ৰাজ্য হ’ল ৰাজস্থান (৩২ শতাংশ), উত্তৰাখণ্ড (২৭ শতাংশ), মহাৰাষ্ট্ৰ (১৮ শতাংশ), হিমাচল প্ৰদেশ (১৪ শতাংশ), চত্তীশগড় (১২ শতাংশ) আৰু কৰ্ণাটক (১১ শতাংশ)৷ ৰিপৰ্টত উল্লেখ কৰা অনুসৰি PRE-CONCEPTION AND PRE-NATAL DIAGNOSTIC TECHNIQUES-ত ১৯৯৪ চনত জাৰি কৰা নিৰ্দেশনা দেশত আৰম্ভ কৰিব লাগে আৰু কন্যা সন্তানৰ গুৰত্ব সম্পৰ্কে দেশৰ সকলো ৰাজ্যতে প্ৰচাৰ কৰাটো অতি জৰুৰী হৈ পৰিছে৷ 

ইয়াৰ লগতে প্ৰতিবেদন অনুসৰি জানিব পৰা গৈছে, ভ্ৰুণ পৰীক্ষাৰ দ্বাৰা লিংগ নিৰ্ণয় কৰি গৰ্ভপাত কৰোৱাৰ বিষয়টো ইতিমধ্য পাঞ্জাৱত নাইকিয়া হৈছে৷ যাৰ কাৰণে পঞ্জাৱত লিংগৰ অনুপাত ১৯ শতাংশ বৃদ্ধি পাইছে৷ ইয়াৰোপৰি উত্তৰপ্ৰদেশত ১০ শতাংশ বৃদ্ধি পোৱাৰ লগতে বিহাৰত ৯ শতাংশলৈ ঊৰ্ধগামী হৈছে লিংগৰ অনুপাত৷