গান্ধীনগৰঃ মোদীৰ গৃহৰাজ্য গুজৰাটত যদি গোমাংসৰ ব্যৱসায় কৰি পেট পুহিব খোজাসকলৰ বাবে দুখবৰ।তেঁওলোকে আন জীৱিকাৰ সন্ধান কৰাই ভাল। কিয়নো গোমাংসৰ ব্যৱসায়ীসকলৰ ওপৰত অধিক কঠোৰ হৈ পৰিছে গুজৰাট চৰকাৰ৷ আজি ৰাজ্যখনৰ বিধানসভাত গো হত্যাৰ সংশোধিত বিধেয়কখন গৃহীত হয়৷ এই বিধেয়ক অনুসৰি এতিয়াৰ পৰা গোহত্যা কৰাজনৰ আজীৱন কাৰাদণ্ড হ’ব পাৰে৷

আজীৱন কাৰাদণ্ডৰ লগত ১ লাখ টকা জৰিমনাও দিব লাগিব দোষীয়ে৷ তদুপৰি গোমাংস লোৱাজনৰ ৭ ৰ পৰা ১০ বছৰ পৰ্যন্ত কাৰাদণ্ড হোৱাৰ কথাও উল্লেখ আছে এই সংশোধিত বিলখনত৷ গুজৰাটত পূৰ্বতেও গোহত্যা সম্পৰ্কীয়  আইন কাৰ্যকৰী হৈ আছিল৷

কিন্তু বৰ্তমানৰ এই সংশোধিত বিধেয়কখন অধিক কঠোৰ হৈ পৰিছে৷ শেহতীয়াকৈ উত্তৰ প্ৰদেশকে ধৰি কেইবাখনো ৰাজ্যত বন্ধ কৰা হৈছে অবৈধ কচাইখানাসমুহ৷ তদুপৰি গো মাংসৰ বিতৰ্কই এতিয়াও উতপ্ত কৰি ৰাখিছে দেশৰ পৰিৱেশ৷

উল্লেখযোগ্য যে চলিত বৰ্ষতে গুজৰাটত অনুষ্ঠিত হ’ব বিধানসভা নিৰ্বাচন৷ এনে সময়তে এই সংশোধনী৷ বিধেয়কখনে ৰাজ্যখনৰ নিৰ্বাচনত এক গুৰুত্বপূৰ্ণ নিৰ্বাচনী ইছ্যু হ’ব বুলি আশংকা প্ৰকাশ কৰিছে বহুজনে৷