ডিজিটেল ডেস্কঃ মৃত্যু উপত্যকালৈ পৰ্যবসিত হৈছে ভূ-স্বৰ্গ কাশ্মীৰ। সন্ত্ৰাসবাদীৰ কাৰ্যকলাপ আৰু বিচ্ছিন্নতাবাদীৰ কূটাঘাটৰ লগতে সেনাৰ অভিযানত বিগত সময়ছোৱাত ৰাজ্যখনত অকালতে প্ৰাণ হেৰুৱাইছে সহস্ৰাধিকে৷  

পৰিসংখ্যা অনুযায়ী বিগত ২৭ বছৰত ৰাজ্যখনৰ হত্যা-হিংসাত মৃত্যু হৈছে অতি কমেও ৪০ হাজাৰ লোকৰ৷ ৰাজ্যখনৰ গৃহ বিভাগে প্ৰকাশ কৰিছে এই তথ্য৷ তথ্য জনাৰ অধিকাৰ আইনৰ জৰিয়তে প্ৰকাশ পাইছে এই মৰ্মান্তিক তথ্য৷

তথ্যত প্ৰকাশ পোৱা অনুযায়ী ১৯৯০ৰ পৰা চলিত বছৰৰ মাৰ্চলৈ প্ৰায় ১৩হাজাৰ নিৰাপত্তা কৰ্মী এনে ঘটনাৰ ফলত আহত হৈছে৷  ১৯৯০ চনৰ পৰাই নিহত হৈছে ১৩৯৪১জনকৈ সাধৰণ লোক। আনহাতে ২০০১ চনটোত আটাইতকৈ বেছি বিদ্বেষ আৰু হিংসাৰ ঘটনা সংঘটিত হৈছে৷

উক্ত বৰ্ষত ৩৫৫২জন লোক নিহত হৈছে৷ ইয়াৰে ৯৯৬ জন সাধাৰণ লোক, ৫৩৬ জন সুৰক্ষা কৰ্মী আৰু ২০২০ জন সন্ত্ৰাসবাদী৷ আনহাতে ২০১২চনটো বিগত ২৭বছৰৰ ভিতৰত আটাইতকৈ শান্তিপূৰ্ণ বছৰ হিচাপে পৰিগণিত হৈছে।

উক্ত বৰ্ষটোত ১০২জন লোকৰ মৃত্যু হৈছে৷ এই ১০২জনৰ ৭২জন সন্ত্ৰাসবাদী৷  উল্লেখযোগ্য যে এই বছৰত পূৰ্বৰ তুলনাত ৰাজ্যখনত হত্যা-হিংসা কেবাগুণো অধিক হৈ পৰিছে৷ ইয়াৰ মাজতে নিৰাপত্তাৰক্ষীক উদ্দেশ্যি কৰা শিলাবৰ্ষণ হৈ পৰিছে ৰাষ্ট্ৰীয় প্ৰেক্ষাপটৰ এক চৰ্চিত বিষয়।