newsnextone.com | ডিজিটেল ডেস্কঃ কাঠুৱা কাণ্ডৰ ৮ বছৰীয়া নাবালিকাৰ পৰিচয় আৰু ফটো বাধাহীন ভাৱে প্ৰচাৰ কৰা ঘটনাত উচ্চ ন্যায়ালয়ৰ ৰোষত পৰিল গুগল, ফেচবুক, টুইটাৰ আৰু ইউটিউব৷ ছচিয়েল মিডিয়াক ভৎসৰ্না কৰি শনিবাৰে দিল্লী উচ্চ ন্যায়ালয়ে কয় যে ছচিয়েল মাধ্যম সমূহে নাবালিকাগৰাকীৰ নাম আৰু ফটো প্ৰকাশ কৰি দেশৰ অহিতসাধন কৰিছে৷

দিল্লী উচ্চ আদালতে এই ঘটনা সন্দৰ্ভত গুগল, ফেচবুককে ধৰি আন আন ছচিয়েল মাধ্যমসমূহৰ পৰা উত্তৰ বিচাৰি নটিছ প্ৰেৰণ কৰিছে৷ আনহাতে ছচিয়েল মাধ্যম সমূহৰ ভাৰতীয় শাখাত ন্যায়ালয়ে নটিছ প্ৰেৰণ কৰাৰ পিছত ভাৰতত থকা ছচিয়েল মাধ্যম সমূহৰ শাখাই কয় যে আদালতৰ নটিচৰ উত্তৰ দিয়াৰ দায়িত্ব তেওঁলোকৰ নহয়৷ 

ভাৰপ্ৰাপ্ত মুখ্য ন্যায়াধীয় গীতা মিট্টাল আৰু ন্যায়াধীশ হৰি শংককৰ এখন বিচাৰ পীঠে শনিবাৰে কয় যে ছচিয়েল মাধ্যমসমূহে যি কাম কৰিছে, সেয়া কেতিয়াও মানি লোৱা নহয়৷ দেশৰ তথা নিৰ্যাতিতাৰ পৰিয়ালৰ ওপৰতো ছচিয়েল মিডিয়াই অন্যায় কৰা বুলি মত প্ৰকাশ কৰি আদালতে কয় যে এই ঘটনাৰ বাবে সমগ্ৰ দেশ বদনামী হোৱাৰ একমাত্ৰ কাৰণ হৈছে ছচিয়েল মিডিয়া৷ 

আনফালে দিল্লী উচ্চ ন্যায়ালয়ৰ তীব্ৰ সমালোচনাৰ পৰা বাদ নপৰিল হোৱাটচআপ৷ আদালতে কয় যে ছচিয়েল মাধ্যমসমূহে যি আইন বিৰোধী আৰু অন্যায়কাৰী কাম কৰিছে, তাৰ দায়িত্ব সংস্থা সমূহে স্বীকাৰ কৰিবই লাগিব৷ আইন সকলোৰে বাবে সমান বুলিও কয় আদালতে৷

উল্লেখ্য যে, গণ মাধ্যম সমূহে কাঠুৱাৰ গণ ধৰ্ষণৰ বলি হোৱা ৮ বছৰীয়া নাবালিকা গৰাকীৰ নাম আৰু ফটো প্ৰকাশ কৰাৰ বিৰুদ্ধে আদালতত গোচৰ তৰিছিল প্ৰেছ কাইন্সিল অৱ ইণ্ডিয়াই৷ শনিবাৰে আদালতে এই গোচৰৰ শুনানি প্ৰদান কৰাৰ কথা আছিল যদিও আদালতে পুনৰ ২৯ মে’লৈ শুনানিৰ দিন পিছুৱাই দিয়ে৷

ইয়াৰ পূৰ্বে আদালতে ১৮ এপ্ৰিলত দেশৰ ১২ টা সংবাদ মাধ্যমক নিৰ্যাতিতাৰ নাম আৰু ফটো প্ৰচাৰৰ ভুলৰ বাবে জৰিমনা হিচাপে প্ৰত্যেককে ১০ লাখকৈ জন্মুৰ নিৰ্যাতিতা সহায়ক সংস্থাত জমা দিবলৈ নিৰ্দেশ দিছিল৷