newsnextone.com | ডিজিটেল ডেস্কঃ স্বৰ্ণ কন্যা হিমাৰ স্বৰ্ণ জয়ৰ সপোন থমকি ৰল। জাকাৰ্টাত অনুষ্ঠিত অষ্টাদশ এছিয়ান গেমছৰ ৪০০ মিটাৰ দৌৰৰ চুড়ান্ত খেলখনত দেওবাৰে হিমাই ৫০.৭৯ ছেকেণ্ডত অতিক্ৰম কৰি ৰূপৰ পদকতে স্বৰ্ণজয়ৰ আশা এৰিব লগা হয়। 

উল্লেখ্য যে, ইয়াৰ পূৰ্বে ৪০০ মিটাৰ দৌৰৰ ছেমি ফাইনেলত হিমাই ৫১ ছেকেণ্ডত দৌৰ সমাপ্ত কৰিছিল। কিন্তু দেওবাৰে নিজৰ অভিলেখ নিজেই ভংগ কৰি এই দৌৰ অতিক্ৰম কৰে মাত্ৰ ৫০.৭৯ ছেকেণ্ডত। 

হিমাৰ স্বৰ্ণ জয়ৰ সপোন আধাতে সম্পূৰ্ণ নহোৱাত অসমবাসী কিছু পৰিমাণে দুখিত হৈছে যদিও ধিং এক্সপ্ৰেছ খ্যাত হিমা দাসে জাকাৰ্টা এছিয়ান গেমছত ৰূপৰ পদক লাভ কৰাটোও অসম তথা সমগ্ৰ ভাৰতবাসীৰ বাবে গৌৰৱ বুলি বিভিন্নজনে মন্তব্য কৰিছে।