গুৱাহাটীঃ "মই যোৱা ১৪ বছৰত যি কৰিম বুলি কৈছো সকলো কৰিছো৷ আপোনালাকো সকলোৱে জানেই৷"- আজি বিধানসভাৰ মজিয়াত বিৰোধীক এইদৰে প্ৰত্যুত্তৰ দিয়ে ৰাজ্য চৰকাৰৰ প্ৰভাৱশালী মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই৷

অসম বিধান সভাৰ সপ্তম দিনৰ অধিৱেশনত বিৰোধীক উদ্দেশ্যে এই শেল এৰি মন্ত্ৰী হিমন্তই জনসংঘৰ প্ৰতিষ্ঠাপক দীনদয়াল উপাধ্যায়ৰ নামত মহাবিদ্যালয় স্থাপনৰ বিৰুদ্ধে প্ৰতিবাদ কৰি থকা দল-সংগঠনক প্ৰত্যাহ্বান জনায়৷ অসমৰ সাধাৰণ ৰাইজে দীনদয়াল নামাকৰণৰ বিৰোধিতা কৰা নাই বুলিও তেওঁ দাবী কৰে।

"আপোনালোকে নিজেই দেখিছে। সেই সংগঠনটোৱে ৰং সনাৰ পিছত ৰাইজে ওলাই আহি তেনে কাৰ্যৰ প্ৰতিবাদ কৰিছে। গতিকে মই কোৱাৰ কোনো প্ৰয়োজন নাই। ৰাইজ দেখদেখকৈ আমাৰ লগত আছে। সেই সংগঠনৰ লগত নাই।"- অলাগতিয়াল প্ৰতিবাদক কোনো গুৰুত্ব নিদিয়ে বুলি উল্লেখ কৰি হিমন্তই কয়।

বিধানসভাৰ মজিয়াত এই প্ৰত্যাহ্বান জনাই জনমতৰ বিৰুদ্ধে গৈ চৰকাৰে দীনদয়াল উপাধ্যায়ৰ নামত মহাবিদ্যালয় স্থাপন কৰি যাব বুলি একপ্ৰকাৰ ইংগিত বহন কৰে। বিধানসভাৰ মজিয়াত স্বাস্থ্য আৰু শিক্ষা মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই শিক্ষাৰ পাছত এইবাৰ স্বাস্থ্য বিভাগতো গুণোৎসৱ পাতিব বুলি সদৰী কৰে৷

মন্ত্ৰীগৰাকীয়ে গুণগত শিক্ষাৰ মানদণ্ড উন্নত কৰাৰ বাবে শিক্ষা বিভাগত গুণোৎসৱ আৰম্ভ কৰিছিল৷ বিদ্যালয় ছাত্ৰ-ছাত্ৰী আৰু শিক্ষক গুণোৎসৱক লৈ ব্যস্ত হৈ থকাৰ সময়তে এইবাৰ স্বাস্থ্য বিভাগতো প্ৰয়োগ হ’ব গুণোৎসৱ৷ আজি এই কথা স্বাস্থ্য আৰু শিক্ষা বিভাগৰ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বিধান সভাৰ মজিয়াত সদৰী কৰে৷

ইয়াৰ উপৰিও দূৰ্গম অঞ্চলত শিক্ষকতা কৰি থকা শিক্ষয়িত্রী সকলক বদলিকৰণৰ সুবিধা দিয়াৰ আশ্বাস প্ৰদান কৰে শিক্ষামন্ত্রীগৰাকীয়ে৷ আনহাতে ৰাজ্যৰ পুৰুষ টেট শিক্ষকসকলক বদলিকৰণ কৰা নহ’ব বুলিও স্পষ্ট কৰে মন্ত্ৰীগৰাকীয়ে৷ টেট শিক্ষকতাৰ বাবে বি এড ডিগ্ৰী বাধ্যতামূলক হোৱাৰ বাবে শিক্ষকসকলক দুটা বছৰ ছুটী দিয়া হ’ব বুলি কোৱাৰ লগতে দুই বছৰৰ দৰমহা চৰকাৰে আদায় দিব বুলিও কয় হিমন্তই৷

আনহাতে দীনদয়াল উপাধ্যায়ৰ নামত আদৰ্শ মহাবিদ্যালয় স্থাপনক কেন্দ্ৰ কৰি ৰাজ্যত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈ থকা সময়তে আজি বিধানসভাৰ মজিয়াত মন্ত্ৰীগৰাকীয়ে বিটিএডিত চাৰিখন দীনদয়াল উপাধ্যায়ৰ নামত আদৰ্শ মহাবিদ্যালয় স্থাপন কৰা হ’ব স্পষ্ট কৰি দিয়ে।