ডিজিটেল ৰিপ'ৰ্টঃ ১৯৪৭ চনৰ ১৫ আগষ্টত ব্ৰিটিছসকলৰ পৰা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েহে ভাৰতক স্বাধীন কৰিছিল বুলি ক’বলৈকো যেন কুণ্ঠাবোধ নকৰিব ডলাৰ বগৰী নেতা তথা সৰ্বা চৰকাৰৰ অন্যতম প্ৰভাৱশালী মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। মন্ত্ৰীগৰাকীয়ে এটি বিতৰ্কিত টুইট আপলোড কৰি পিছত ডিলিট কৰা কাৰ্যই এনে সম্ভাৱনাকে প্ৰকট কৰি তুলিছে।

কংগ্ৰেছত থকা সময়ত সুদীৰ্ঘ সময় ধৰি দলটোৰ হাই কমাণ্ডক সন্তুষ্ট কৰিবলৈ পাৰ্যমানে চেষ্টা চলাই যোৱা এইজন হিমন্তই এতিয়া বিজেপিলৈ আহি আৰ এছ এছৰ লগতে প্ৰধানমন্ত্ৰী মোদীক সন্তুষ্ট কৰিবলৈ উঠি-পৰি লগা দেখা গৈছে। এই অনুযায়ী দীনদয়াল বিতৰ্কৰ পিছত মন্ত্ৰীগৰাকী পুনৰ সোমাই পৰিছে আন এক বিতৰ্কত। এই বিতৰ্কত পিছে দীনদয়াল প্ৰসংগৰ দৰেকৈ গৰজি উঠাৰ পৰিৱৰ্তে ছোপ লৈ থাকিও হাঁহ ধৰিব নোৱৰা শিয়ালৰ দৰেকৈ সুৰসুৰকৈ পলায়ন কৰিবলৈ বাধ্য হৈ পৰে।

“Neglected over decades, @narendramodi ji @BJP4India have restored pride of Assam. Tail of @airindian plane portrays graceful Bihu dance.”-এয়া হৈছে বৰ্তমান ডিলিট কৰা হোৱা হিমন্ত বিশ্ব শৰ্মাৰ এটি টুইট। এয়াৰ ইণ্ডিয়াৰ বিমানৰ নেজৰ অংশত থকা বিহু নৃত্যৰ ৰঙীণ ফটো এখনো আপলোড কৰিছিল টুইটত। তেওঁ এয়াৰ ইণ্ডিয়াৰ বিমানত এনেদৰে অসমৰ বিহু নৃত্যৰ ফটো সন্নিবিষ্ট কৰাৰ বাবে সমগ্ৰ কৃতিত্ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক অৰ্পণ কৰাৰ লগতে বিশেষভাৱে ধন্যবাদ জনাই টুইট কৰে।

কিন্তু তৎমুহূৰ্ততে টুইটাৰ ইউজাৰসকলে তেওঁক জনাই যে ২০১৪ চন অৰ্থাৎ কেন্দ্ৰত এন ডি এ চৰকাৰ শাসনলৈ অহাৰ পূৰ্বেই এয়াৰ ইণ্ডিয়াই বিমানত অসমৰ বিহু নৃত্যৰ ফটো সন্নিবিষ্ট কৰিছিল। ৰাজু দাস নামৰ এজন টুইটাৰ ইউজাৰে প্ৰমাণসহ সেই ফটোখন যে ২০০৯ চনতে এয়াৰ ইণ্ডিয়াৰ বিমানত লগোৱা হৈছিল সেয়া টুইট কৰে।

ৰাজু দাসে প্ৰমাণ হিচাপে উল্লেখ কৰা লেখাটো bangaloreaviation.comত প্ৰকাশ পাইছিল ২০০৯ চনৰ ২৪ ডিচেম্বৰত। তাত স্পষ্টকৈ এয়াৰ ইণ্ডিয়া এক্সপ্ৰেছৰ নেজৰ অংশত তেতিয়াই বিহু নৃত্য থকা কথাটো উল্লেখ আছে। 'VT-AXUত দুবিধ নৃত্য থকা দেখা গৈছে। পশ্চিম প্ৰান্তৰ ৰাজ্য গুজৰাটৰ গাৰ্বা আৰু উত্তৰ-পূব প্ৰান্তৰ ৰাজ্য অসমৰ বিহু নৃত্য।’

এই সন্দৰ্ভত দেশৰ আগশাৰীৰ বিশেষ নিউজ পৰ্টেল altnews.in-এ অধিক অনুসন্ধান আৰু বিস্তৃত বিৱৰণসহ বাতৰি প্ৰকাশ কৰাৰ পিছতে ডলাৰ বগৰী বিজেপি নেতাজনৰ সুযোগ সন্ধানী চৰিত্ৰ সমগ্ৰ ভাৰতৰ জনগণে জানিব পাৰে। বিজেপিৰ একাংশ নেতাই কিদৰে পৰৰ পিঠাৰে বিহু পাতিবলৈ অহৰহ চেষ্টা চলাই গৈছে সেয়া পুনৰবাৰ দেশবাসীৰ সমুখত তুলি ধৰে নিউজ পৰ্টেল altnews.in-এ।

নিউজ পৰ্টেল altnews.in-এ বাতৰিটোত ২০০৮ চনৰ ছেপ্তেম্বৰত planespotters.net নামৰ এটা বিমান বিষয়ক ৱেবছাইটত এই সন্দৰ্ভত প্ৰকাশ পোৱা তথ্য আৰু ফটোৰ বিৱৰণো দাঙি ধৰা দেখা গৈছে। ইয়াৰে এখন ফটো ২০০৮ চনৰ ১৭ ছেপ্তেম্বৰত মুম্বাইৰ চত্ৰপতি শিৱাজী আন্তৰ্জাতিক বিমান বন্দৰত কেমেৰাত বন্দী কৰিছিল ডি ছিলভা নামৰ এজন ফটো সাংবাদিকে। এই ফটোখনত স্পষ্টকৈ দেখা গৈছে যে এয়াৰ ইণ্ডিয়াৰ বিমানখনত তেতিয়াই নেজ অংশত বিহু নৃত্যৰ ফটো সন্নিবিষ্ট হৈ আছিল।

এনেধৰণৰ এটি ভুৱা টুইটেৰে বিজেপিক অধিক মহিমামণ্ডিত কৰি তুলিবলৈ চেষ্টা চলাই ধৰা পৰাৰ পিছতে সেয়া ডিলিট কৰি একেখন ফটো আপলোড কৰি আন এটা টুইট কৰে ডলাৰ বগৰী নেতাগৰাকীয়ে।

উল্লেখ্য যে হিমন্তই বিজেপিৰ একমাত্ৰ নেতা নহয় যিয়ে এনেদৰে ভুৱা টুইটেৰে নিজ দলক অধিক কৃতিত্ব দিবলৈ অপচেষ্টা চলাই আহিছে। যোৱা সপ্তাহত পীয়ুষ গোৱেলে অজ্ঞাত উৎসৰ এখন ৮ বছৰ পুৰণি ফটো আপলোড কৰি সমালোচনাৰ সন্মুখীন হৈছিল। ইয়াৰ পিছতে চত্তীছগড়ৰ মন্ত্ৰী ৰাজেশ মুনাটে ভিয়েটনামৰ এখন মনোমোহা দলং ৰায়গড়ৰ বুলি দাবী কৰি শলঠেকত পৰে।