Printer-friendly version

গুৱাহাটীঃ গুৱাহাটী মহানগৰীৰ মাজমজিয়াতে শুকুৰবাৰে পুনৰ ঘোষণা হ’ল লোকসভা নিৰ্বাচনৰ ফলাফল। কিন্তু কোনে, ক’ত ঘোষণা কৰিলে সপ্তদশ লোকসভা নিৰ্বাচনৰ ফলাফল? 

লোকসভা নিৰ্বাচনৰ ফলাফলক লৈ যোৱা ১৪ মে’ত যাদু সম্ৰাট বিক্ৰমে কৰা ভৱিষ্যদ্বাণী সম্বলিত বাকচটো আজি খুলা হয়।

সংবাদ মাধ্যমৰ একাংশ সাংবাদিকৰ সন্মুখত মুকলি কৰা হয় বাকচত বন্দী কৰি ৰখা ফলাফল৷ অসমত বিজেপিয়ে ৯ খন আসন, আইএনচিয়ে ৩খন, এআইইউডিএফে ১ খন আৰু অন্যান্যই ১ খন আসন দখল কৰিব বুলি ষ্টেম পেপাৰত যাদুকৰজনে সেইদিনাই লিখি বাকচত ভৰাই ছীল-মোহৰ লগাই থৈছিল। একেদৰে, মণিপুৰত এনপিএফে ১ খন, বিজেপিয়ে ১ খন আসন দখল কৰাৰ ভৱিষ্যদ্বাণী কৰা হৈছিল।

 

মেঘালয়ত আইএনচিয়ে ১ খন, এনপিপিয়ে ১ খন, মিজোৰামত এমএনএফে ১ খন, ত্ৰিপুৰাত বিজেপিয়ে ২ খন, নাগালেণ্ডত আইএনচিয়ে ১ খন বা ৰিজ’নেল পাৰ্টীয়ে ১ খন, অৰুণাচলত বিজেপিয়ে ২ খন আসন পাব বুলি মন্তব্য খোদিত কৰিছিল যাদুকৰজনে। স্মতৰ্ব্য যে ১৪ মে’তে গুৱাহাটী সমষ্টিত কুইন ওজাই সৰ্বাধিক ভোট পাব বুলি মন্তব্য কৰিছিল।

উল্লেখযোগ্য যে যাদুকৰ বিক্ৰমে কৰা ভৱিষ্যদ্বাণী ১০০ শতাংশ সঠিক হৈছে। বিক্ৰমৰ এনে গুণত মুগ্ধ হৈ ইতিমধ্যে তেওঁৰ ওচৰলৈ বহু দলৰ কৰ্মীয়ে যাদুৰ প্ৰশিক্ষণ ল’বলৈ যোগাযোগ কৰিছে বুলি তেওঁ জানিবলৈ দিয়ে। আগন্তক দিনত ২৪ ঘণ্টা সময় যাদু দেখুৱাবলৈ বিক্ৰমে প্ৰস্তুতি চলাই আছে বুলি সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে।