গুৱাহাটীঃ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে বিজেপিক ক্ষুৰধাৰ সমালোচনা কৰি কয় যে বৰ্তমাত সাংসদ হৈ থকাসকল টিকট নিদি প্ৰমাণ কৰি দিলে নিজ সাংসদৰ ব্যৰ্থতাৰ কথা।

এক সংবাদমেলত প্ৰাক্তন মুখ্যমন্ত্ৰী গগৈৰ লগতে কয় যে যিসকলে বিজেপিৰ জন্ম লগ্নৰেপৰা ত্যাগ কৰিছিল, সেইসকলক দলে আজি পাহৰিলে।

সৰ্বানন্দ সোণোৱাল, হিমন্তবিশ্ব, চন্দ্ৰমোহন পাটোৱাৰী এইসকলে বিজেপি গঠন কৰা নাছিল। এইসকল দুই নম্বৰী বিজেপি, দুই নম্বৰী বিজেপিসকল আহি আজি লাথ মাৰিলে এক নম্বৰৰ বিজেপিসকলক। আজি আদৱানিৰ দৰে মানুহৰ বিজেপিত মূল্য নাই বুলি তেওঁ দলটোক কটাক্ষ কৰে।

অসমতে নহয়, সমগ্ৰ দেশতে হৈছে বিজেপিৰ অন্তঃকন্দল আৰম্ভ হৈছে বুলিও গগৈয়ে মন্তব্য কৰে।

আনহাতে হিমন্ত বিশ্ব শৰ্মাক নিৰ্বাচনৰ পাছতে উপ-মুখ্যমন্ত্ৰিত্ব দিয়া হ’ব বুলি ওলোৱা বাতৰিত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি প্ৰাক্তন মুখ্যমন্ত্ৰীজনে কয় যে ডেপুটি চিএম এটা অলংকাৰহে।

গুৱাহাটীত কনৰাড চাংমাৰ বিজেপিৰে হোৱা বৈঠকক সমালোচনা কৰি তেওঁ কয়, নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতা কৰি হিৰ’ হোৱা কনৰাড চাংমাই এতিয়া ইউ টাৰ্ন মাৰিছে।

টকা আৰু ক্ষমতাৰ বলেৰে বিজেপিয়ে বহুতক নিছে নিজ দললৈ আনি আছে বুলি মন্তব্য কৰি তেওঁ লগতে কয় যে এইসকলৰ ভিতৰত CAB বিৰোধিতা কৰা নেতাও আছে।