জয়সাগৰঃ আমাৰ পূৰ্বপুৰুষৰ স্মৃতি পানীত ডুব গৈ থাকে৷ চকুৰ সন্মুখতে ধ্বংসৰ দিশে পুৰ্বপুৰুষৰ স্মৃতি৷ অসমীয়াৰ বাবে ইয়াতকৈ বিড়ম্বনা কি হব পাৰে? অসমৰ ঐতিহাসিক চহৰ বুলি ক'লেই প্ৰথমতেি সকলোৰে মনলৈ আহে শিৱসাগৰৰ নামটো৷

শিৱসাগৰ জিলাত আহোম স্বৰ্গদেউসকলে নানা ঐতিহাসিক সমল এৰি থৈ গৈছে৷ আহোম ৰজাই বৰ বৰ পুখুৰী, পৱিত্ৰ ধৰ্মীয় অনুষ্ঠান, দৌল-দেৱালয়, যুদ্ধৰ সময়ৰ বহু সমল জিলাখনত আজিও ভৰপূৰ।

শিৱদৌল, বিষ্ণু দৌল, দেবী দৌল, দেউঘৰৰে ভৰপূৰ আহোম ৰাজ্যৰ একালৰ ৰাজধানীখনত আছে অসমীয়াৰ অভিমান স্বৰূপ ৰংঘৰ, কাৰেংঘৰ, তলাতল ঘৰ। এই এতিহাসিক সমলবোৰ কেন্দ্ৰ তথা ৰাজ্য চৰকাৰে সংৰক্ষণৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ নকৰাৰ অভিযোগ উত্থাপন হৈ থকাৰ মাজতে বানৰ কবলত পৰিছে ঐতিহাসিক ঘনশ্যাম দ’ল।

কেইবাদিনো বানত ডুব গৈ থকা দৌলটো যিকোনো মুহূৰ্ততে বাগৰি পৰিব পাৰে বুলি আশংকা কৰিছে স্থানীয় ৰাইজে৷ প্ৰতিবছৰে কম-বেছি পৰিমাণে বানৰ কবলত পৰা ঘনশ্যাম দৌলটোৰ চৌদিশ ওখ কৰাৰ বাবে ব্যৱস্থা নকৰি নাকত তেল দি শুই থকাৰ অভিযোগ উত্থাপিত হৈছে জিলা প্ৰশাসনৰ বিৰুদ্ধে।ভাৰতীয় পূৰাতত্ব বিভাগ বুলি বিভাগ এটা আছে যদিও ঐতিহাসিক সমলসমূহৰ প্ৰতি কোনো গুৰুত্ব নাই বিভাগটোৰ৷

মিলনৰ ভূমি গৌৰৱময় ইতিহাসৰ সাক্ষী ঐতিহাসিক জয়সাগৰ পুখুৰীৰ পশ্চিম পাৰত থকা ঘনশ্যাম দৌল যোৱা কেইবাদিন ধৰি বানৰ কবলত পৰিছে। দেশী-বিদেশী পৰ্যটকৰ সমাগম ঘটা এই দৌল এতিয়া ডিমৌ নৈৰ বাঢ়নী পানীৰ কবলত৷

⇒ তলৰ বাতৰিটো পঢ়িবলৈ ক্লিক কৰকঃ

►শিক্ষামন্ত্ৰী হিমন্তক এজন টেট শিক্ষকৰ প্ৰত্যাহ্বান

তথাপি কাণসাৰ নাই জাতি-মাটি-ভেটি ৰক্ষাৰ প্ৰতিশ্ৰুতিৰে শাসনৰ গাদী দখল কৰা সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন ৰাজ্য চৰকাৰ লগতে পূৰাতত্ব বিভাগৰ৷ পানীত ডুবি থকাৰ পাছতো কোনো ব্যৱস্থা লোৱা নাই অসম চৰকাৰ তথা শিৱসাগৰ জিলা প্ৰশাসনে৷ ফলত একপ্ৰকাৰ ধ্বংসৰ দিশে গতি কৰিছে ঘনশ্যাম দৌলটো। এনে পৰিপ্ৰেক্ষিতত অসম চৰকাৰ তথা শিৱসাগৰ জিলা প্ৰশাসনক শীঘ্ৰে উচিত ব্যৱস্থা গ্ৰহণ কৰি দৌলটোক ধ্বংসৰ গৰাহৰ পৰা ৰক্ষা কৰিবলৈ দাবী জনাইছে স্থানীয় ৰাইজে।