ডিজিটেল ডেস্কঃ  ছত্তিশগড়ৰ সুকমা অঞ্চলত মাওবাদীৰ আক্ৰমণত নিহত ২৫ গৰাকী চিআৰপিএফ জোৱানক ৰায়পুৰত শ্ৰদ্ধাঞ্জলি যাঁচিব গৃহমন্ত্ৰী ৰাজনাথ সিঙে৷ শোকাৱহ ঘটনাটোত গভীৰ শোক প্ৰকাশ কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে ছহীদৰ বলিদান অথলে নাযায়৷

চিআৰপিএফৰ দলটোৱে সুকমা অঞ্চলৰ চিতাগুফাত এক পথ পথ মুকলি কৰিব যোৱাৰ সময়তে সংঘটিত হোৱা আক্ৰমণত ২৫ জন সেনা জোৱানৰ মৃত্যু হোৱাৰ লগতে ৭ জন গুৰুতৰভাৱে আহত হয়৷ আৰক্ষীয়ে প্ৰকাশ কৰা তথ্য অনুসৰি আইইডি বোমাৰে এই আক্ৰমণ সংঘটিত কৰে আক্ৰমণকাৰীয়ে৷

চিআৰপিএফৰ ৭৪ নং বেটেলিয়ানটোৱে দুপৰীয়াৰ আহাৰ যোগাৰ কৰি থকাৰ সময়তে খাপ পিটি ৰৈ থকা মাওবাদীয়ে অতৰ্কিতে আক্ৰমণ চলায়৷ উল্লেখ্য যে একেটা স্থানতে ২০১০ চনত নক্সাল আক্ৰমণত ৭৬ জন জোৱানে প্ৰাণ হেৰুৱাবলগা হৈছিল৷

উল্লেখযোগ্য যে বিগত মাহতো ৰাজ্যখনৰ অনুৰূপ ঘটনা সংঘটিত হৈছিল৷ উক্ত আক্ৰমণৰ পিছতে আৰক্ষী আৰু মাওবাদীৰ মাজৰ সংঘৰ্ষত ৬ জন উগ্ৰপন্থী নিহত হৈছিল৷

সংবাদ মাধ্যমে বিশ্লেষণ কৰা তথ্য অনুসাৰে ৰাস্তা-ঘাট আদি নিৰ্মাণৰ ফলত যাতায়ত সুচল হৈ পৰে৷ ফলত বাহিৰৰ সা-সুবিধাসমূহ গাঁৱৰ ভিতৰলৈ যাব পাৰে৷ এনে হ’লে মাওবাদীসকলৰ ওপৰত গাঁৱৰ লোকৰ বিশ্বাস নাইকীয়া হৈ যাব পাৰে৷ তদুপৰি যাতায়ত সুচল হৈ পৰিলে মাওবাদীসকলৰ নেটৱৰ্কৰ ওপৰতো প্ৰভাৱ পৰিব পাৰে বুলি আশংকা কৰি এনেদৰে আক্ৰমণ চলায় মাওবাদীয়ে৷