সময় এনেকৈয়ে সলনি হয়! মাত্ৰ ৪ মাহ আগৰ কথা, ৪১ জন শ্ৰমিকৰ প্ৰাণ ৰক্ষা কৰা ৱাকিল হাছানক প্ৰশংসাৰে উপচাই পেলাইছিল সমগ্ৰ দেশবাসীয়ে। বীৰৰ দৰে তেওঁক সন্মান জনোৱা হৈছিল, দোৱা আৰু আশীৰ্বাদেৰে উপচাই পেলোৱা হৈছিল। কিন্তু ৪১ শ্ৰমিকৰ জীৱন ৰক্ষা কৰা ৱাকিল হাছানে পিছে ৰক্ষা কৰিবলৈ সক্ষম নহ’ল নিজৰ ঘৰখন। এটকা এটকাকৈ সাঁচি নিৰ্মাণ কৰা ঘৰটো 'অবৈধ’ বুলি অভিহিত কৰি নিমিষতে ধ্বংসস্তৃপত পৰিণত কৰা হ’ল। তাৰ পিছত গৃহহাৰা ৱাকিলৰ এতিয়াৰ আশ্ৰয় ফুটপাথ।
  
দিল্লীৰ খাজুৰিখাছ অঞ্চলত অৱস্থিত ৱাকিল হাছানৰ ঘৰটো বুধবাৰ বুলডোজাৰেৰে উচ্ছেদ কৰে দিল্লী উন্নয়ন কৰ্তৃপক্ষই। চৰকাৰী ভূমিত অবৈধভাৱে নিৰ্মাণ কৰাৰ অভিযোগত ভাঙি পেলোৱা হয় ৱাকিলৰ ঘৰটো। উল্লেখ্য যে, যোৱা বছৰৰ নৱেম্বৰ মাহত দেশজুৰি চৰ্চিত হৈ পৰিছিল ৱাকিল হাছান। ৰেট হোল মাইনাৰ্ছ ৱাকিলে প্ৰাণ ৰক্ষা কৰিছিল ৪১ জন শ্ৰমিকৰ। উত্তৰকাশীৰ ছিল্ক্যাৰা সুৰংগত আৱদ্ধ হৈ পৰা শ্ৰমিকসকলৰ বাবে ভগৱান হৈ পৰিছিল ৱাকিল হাছান।

কিন্তু বুধবাৰে যেতিয়া ৱাকিলৰ খাজুৰিখাছ স্থিত ঘৰটো ভাঙি পেলোৱা হয়, সেই সময়ত ৱাকিলে দাবী কৰে যে তেওঁক কোনো আগতীয়া জাননী প্ৰদান কৰা হোৱা নাছিল। আকস্মিকভাৱে বুলডোজাৰ লৈ উপস্থিত হোৱা ডিডিএৰ লোকে বাসগৃহটো উচ্ছেদ কৰাৰ পিছত ওৰেটো নিশা ল’ৰা-ছোৱালী কেইটাৰ সৈতে ফুটপাথত পাৰ কৰিবলগীয়া হয় ৱাকিলে।

ৱাকিল হাছানে কয়, ''বুধবাৰে হঠাতে ডিডিএৰ বিষয়া আৰু আৰক্ষীয়ে বুলডোজাৰ লৈ মোৰ ঘৰত উপস্থিত হৈ ঘৰটো ভাঙিবলৈ আৰম্ভ কৰে। আনকি মই তেওঁলোকক কোনো জাননী আছে নেকি বুলিও সুধিলোঁ, কিন্তু তেওঁলোকে কোনো জাননী দেখুৱাব নোৱাৰিলে।” কেৱল এয়াই নহয়, চৰকাৰী কামত বাধা দিয়াৰ অভিযোগ উত্থাপন কৰি আৰক্ষীয়ে তেওঁক থানালৈ নি ঘণ্টাৰ পিছত ঘণ্টাধৰি বহুৱাই থোৱাৰো অভিযোগ তোলে ৱাকিল হাছানে।

ফুটপাথতে পাৰ হ’ল ওৰেটো নিশা

ৱাকিল হাছানে কয় যে ঘৰটো ভাঙি পেলোৱাৰ পিছত আশ্ৰয়হীন হৈ পৰিছিল তেওঁৰ লগতে ল’ৰা-ছোৱালীকেইটা। চুবুৰীয়া কোনো এঘৰে তেওঁলোকৰ বাবে খোৱাৰ ব্যৱস্থা কৰি দিছিল। কিন্তু গৃহহাৰা হৈ পৰা পৰিয়ালটোৱে গোটেই নিশা ফুটপাথৰ ওপৰতে বহি পাৰ কৰিবলগীয়া হয়।তেওঁ কয়, “ঘৰ ভাঙি যোৱাৰ সময়ত মোৰ পত্নী ঘৰত নাছিল। মোৰ ল’ৰা-ছোৱালীকেইটাহে ঘৰত আছিল। সিঁহতে বিষয়াসকলক বাৰে বাৰে অনুৰোধ কৰি কৈছিল যে আমাৰ দেউতাই উত্তৰকাশীত শ্ৰমিকক বচাইছে, আপোনালোকে আমাৰ ঘৰটো ভাঙি নেপেলাব।”

ৱাকিল হাছানে বৰ আক্ষেপেৰে কয়, ''কেইমাহমান আগতে যেতিয়া আমি একেলগে সুৰংগটোৰ পৰা শ্ৰমিকসকলক উদ্ধাৰ কৰিছিলো, তেতিয়া সমগ্ৰ দেশে আমাক বীৰ আখ্যা দিছিল। কিন্তু মোৰ লগত এনেকুৱা কৰা হৈছে।’’ ৱাকিলে কয় যে এই অঞ্চলত আৰু বহু ঘৰ আছে যদিও ডি ডি এৰ বিষয়াসকলে বাৰে বাৰে লক্ষ্য কৰি ধন দাবী কৰি আহিছে।

অধিবক্তা হাছানে কয়, "যেতিয়া সাংসদ মনোজ তিৱাৰী আৰু বিজেপিৰ ৰাজ্যিক সভাপতি ইয়ালৈ আহিছিল, মই তেওঁলোকক এই সমস্যা সমাধান কৰিবলৈ কৈছিলোঁ। তেতিয়া তেওঁলোকে মোক প্ৰতিশ্ৰুতি দিছিল যে আপোনাৰ ঘৰ ক'লৈকো নাযায়। মই ইয়াত ১৪ বছৰ ধৰি বসবাস কৰি আছো।"

বিজেপি আৰু ডিডিএৰ প্ৰতিক্ৰিয়া, দিব নতুন ঘৰ!

সংবাদ সংস্থা পিটিআইৰ সৈতে হোৱা কথা-বতৰাত সাংসদ মনোজ তিৱাৰীয়ে ৱাকিল হাছানৰ বক্তব্যৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয়, "হয়, তেওঁক লগ পাইছিলো। মই তেওঁক কৈছিলো যে আপোনাৰ ঘৰ ক'লৈকো নাযায়, কিন্তু আমি তালৈ যোৱাৰ সময়ত আমি দেখিলোঁ যে সঁচাকৈয়ে ঘৰটো নিৰ্মাণ কৰা মাটিক লৈ কিছু সমস্যা আছিল। কিন্তু আমি তেওঁক প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত আইনী উপায়েৰে ঘৰ প্ৰদান কৰিম। আমি এই আশ্বাস দিছো।"

কিন্তু এই ঘৰটো অবৈধ বুলি মানি ল’বলৈ অস্বীকাৰ কৰিছে ৱাকিল হাছানে। তেওঁ কয় যে ভাগৱতী নামৰ এগৰাকী মহিলাৰ পৰা ৩৮ লাখ টকাত এই মাটি ক্ৰয় কৰি তেওঁ ঘৰটো নিৰ্মাণ কৰিছিল। ১৯৮৮ চনৰ পৰা এতিয়ালৈকে মাটিৰ নথি-পত্ৰ থকা বুলিও দাবী কৰিছে ৱাকিলে। তেওঁ কয়, 'ইয়াত যেতিয়া বিদ্যালয়, পানী, বিদ্যুতৰ ব্যৱস্থা দেখিছিলো, তাৰ পিছতহে মই মাটিখিনি কিনিছিলো। মাটি কিনাৰ বাবদ লোৱা ঋণ মই এতিয়াও পৰিশোধ কৰি আছো।’’

ইফালে সংবাদ মাধ্যমক এক বিবৃতি জাৰি কৰি ডিডিএয়ে কয়, "২৮ ফেব্ৰুৱাৰীত আমি খাজুৰিখাছ অঞ্চলৰ ডি ডি এৰ মাটিত হোৱা বেদখল আঁতৰাইছিলো। এই ভূমি আমাৰ উন্নয়নমূলক ভূমিৰ অংশ আছিল।" আৰক্ষীৰ মতে, এই সময়ছোৱাত সেই অঞ্চলত বহু অবৈধ ঘৰ ভাঙি পেলোৱা হয়। কিন্তু শেষত পোহৰলৈ অহা মতে, অঞ্চলটোত কেৱল ৱাকিল হাছানৰ ঘৰটোহে উচ্ছেদ কৰা হৈছে। তাৰ বাহিৰে আন কোনো উচ্ছেদ অভিযান পৰিলক্ষিত হোৱা নাই।

বীৰ ৱাকিল! নায়ক আছিল উত্তৰকাশী সুৰংগ উদ্ধাৰ অভিযানৰ

২০২৩ চনৰ নৱেম্বৰ মাহত যেতিয়া উত্তৰকাশীৰ ছিল্ক্যাৰা সুৰংগত আৱদ্ধ হৈ পৰা ৪১ জন শ্ৰমিকৰ উদ্ধাৰ অভিযানৰ সময়ত যেতিয়া বিফল হৈ পৰিছিল সকলো আধুনিক প্ৰচেষ্টা, সেই সময়তে আশাৰ ৰেঙণিৰ সৃষ্টি কৰিছিল ৱাকিল হাছানৰ দৰে ৰেট হোল মাইনাৰ্ছে। এই উদ্ধাৰ অভিযানৰ আটাইতকৈ কঠিন অংশ আছিল শেষৰ ১০ৰ পৰা ১২ মিটাৰ খনন। সেয়ে এই উদ্ধাৰ অভিযানৰ অন্তিম পৰ্যায়ত অতি গুৰুত্বপূৰ্ণ হৈ পৰিছিল ৰেট হোল মাইনাৰ্ছসকল।

এই সমগ্ৰ প্ৰক্ৰিয়াত ১০ জনতকৈ অধিক ৰেট হোল মাইনাৰ্ছক জড়িত কৰা হৈছিল। ৱাকিল হাছান আৰু তেওঁৰ আন সহযোগীসকলে যৌথভাৱে নামি পৰিছিল ভিতৰত আৱদ্ধ ৪১ শ্ৰমিকৰ জীৱন উদ্ধাৰৰ বাবে। উদ্ধাৰ অভিযানত ২৪ ঘণ্টাৰো অধিক সময় অবিৰতভাৱে ব্যস্ত হৈ পৰিছিল ৰেট হোল মাইনাৰ্ছসকল। ৱাকিল আৰু তেওঁৰ সহযোগীসকলে শিলেৰে ভৰা ধ্বংসাৱশেষবোৰ হাতেৰে আঁতৰাই সুৰংগৰ ভিতৰত প্ৰৱেশৰ চেষ্টা চলাইছিল।

অৱশেষত সফল হৈছিল ৰেট হোল মাইনাৰ্ছ সকল। তেওঁলোকৰ প্ৰচেষ্টাতে সুদীৰ্ঘ ১৭ দিনৰ অন্তত সূৰ্য্যৰ কিৰণ দেখিবলৈ সক্ষম হৈছিল ভিতৰত আৱদ্ধ ৪১ শ্ৰমিকে। এই অবৈধ খনন পন্থাৰ বাবেই তেওঁলোক উভতিবলৈ সক্ষম হৈছিল আপোনজনৰ ওচৰলৈ।  

ৰেট হোল মাইনিং কি?

ৰেট হোল মাইনিং অবৈধ, কিন্তু পাহাৰীয়া এলেকাত এতিয়াও এই কৌশলেই প্ৰচলিত। উল্লেখ্য যে, ২০১৪ চনত ৰাষ্ট্ৰীয় সেউজ ন্যায়াধিকৰণে মেঘালয়ত তিনিৰ পৰা চাৰি ফুট উচ্চতাৰ সুৰংগ নিৰ্মাণৰ সৈতে জড়িত ৰেট হোল মাইনিং কৌশলৰ জৰিয়তে কয়লা খনন নিষিদ্ধ কৰিছিল। কিন্তু উত্তৰকাশীত ১৭ দিনে আৱদ্ধ হৈ থকা শ্ৰমিকসকলৰ উদ্ধাৰত যেতিয়া সকলো প্ৰচেষ্টা বিফল হৈ পৰিছিল, তেতিয়া অন্তিম উপায় হিচাপে অৱলম্বন কৰা হৈছিল এই কৌশল।

এন ডি আৰ এফৰ সদস্য লেফটেনেণ্ট জেনেৰেল (অৱসৰপ্ৰাপ্ত) চৈয়দ আটা হাছনাইনে সেই সময়ত কৈছিল যে ৰেট হোল মাইনাৰ্ছ সকলে ২৮ ঘণ্টাৰো কম সময়ৰ ভিতৰত অতি ক্ষীপ্ৰতাৰে খনন কৰি আৱদ্ধ শ্ৰমিকসকলৰ জীৱন ৰক্ষা কৰে। সংবাদ মাধ্যমৰ সৈতে হোৱা কথাবতৰাত তেওঁ কয়, “ৰেট হোল মাইনিং অবৈধ হ’লেও মাইনাৰ্ছসকলৰ দক্ষতা আৰু অভিজ্ঞতাই এই উদ্ধাৰ অভিযানক সাৰ্থক কৰি তোলে।” 

ইফালে এন এইচ এ আইৰ সদস্য বিশাল চৌহানে কয় যে ৰাষ্ট্ৰীয় সেউজ ন্যায়াধীকৰণে কয়লা খনিত ৰেট হোল মাইনিং নিষিদ্ধ কৰিলেও নিৰ্মাণ স্থানত এই প্ৰযুক্তি এতিয়াও ব্যৱহাৰ কৰা হয়। তেওঁ কয়, ‘এয়া এক বিশেষ পৰিস্থিতি, এয়া মানুহৰ জীৱন ৰক্ষাৰ বিষয়। তেওঁলোক (ৰেট হোল মাইনাৰ্ছ) এনেকুৱা কাৰিকৰী বিশেষজ্ঞ, যিসকল আজি আমাৰ বাবে সহায়ক প্ৰমাণিত হৈছে।”