কোকৰাঝাৰঃ এবিএমছুৰ সভাপতি তথা বিটিএডিৰ অন্যতম প্ৰতিবাদী কণ্ঠ লাফিকুল ইছলাম আহমেদৰ হত্যাকাণ্ডই সমগ্ৰ ৰাজ্যতে সৃষ্টি কৰিছে চাঞ্চল্যৰ।

বিটিচি সচিবালয়ৰ নিকটৰ তিতাগুৰিৰ এখন টাইলছৰ দোকানত টাইলছ কিনিবলৈ গৈ দুষ্কৃতিকাৰীৰ গুলীচালনাত নিহত হোৱাৰ পিছতে হত্যাকাৰীৰ পৰিচয়ক লৈ বিভ্ৰান্তিৰ সৃষ্টি হৈছে।

মটৰচাইকেলত অহা দুষ্কৃতিকাৰীয়ে হেলমেট পিন্ধি দোকানৰ ভিতৰলৈ সোমাই গৈ শূন্য দূৰত্বৰ পৰা লাফিকুললৈ লক্ষ্য কৰি কেবাজাই গুলীচালনা কৰি নিৰ্বিঘ্নে আঁতৰি যায়।

বিটিচি সচিবালয়ৰ নিকটতে তথা মূল পথৰ লগতে থকা ব্যৱসায় প্ৰতিষ্ঠানৰ ভিতৰলৈ অস্ত্ৰসহিতে দুষ্কৃতিকাৰী সোমাই গৈ শূন্য দূৰত্বৰ পৰা গুলীচালনা কৰি নিৰ্বিঘ্নে আঁতৰি যোৱা ঘটনাই কোকৰাঝাৰৰ ভয়াৱহ পৰিস্থিতিৰ কথাকে উদঙাই দিছে।

ৰহস্যজনকভাৱে  এবিএমছুৰ সভাপতিগৰাকীৰ দেহৰক্ষী কালিৰ পৰাই অনুপস্থিত আছিল আৰু আজি দেহৰক্ষী অবিহনে টাইলছ কিনিবলৈ আহোতেই দুষ্কৃতিকাৰীৰ গুলীত চিৰদিনৰ বাবে ঢলি পৰে লাফিকুল ইছলাম আহমেদ।

ব্যৱসায় প্ৰতিষ্ঠানখনৰ স্বত্বাধিকাৰীয়ে সদৰী কৰা মতে পূৰ্বে অৰ্ডাৰ দিয়া টাইলছ ল'বলৈকে তেওঁ দোকানলৈ আহিছিল আৰু ক্ষন্তেক সময় পিছতেই দুষ্কৃতিকাৰীয়ে গুলীয়াই তেওঁক হত্যা কৰে।   

বিটিএডিৰ অন্যায় অবিচাৰৰ বিৰুদ্ধে সততে মাত মাতি অহা তথা সংখ্যালঘু জনতাৰ অধিকাৰৰ হকে মাতি মাতি অহা প্ৰতিবাদী কণ্ঠক চিৰদিনৰ বাবে স্তব্ধ কৰি দিয়াৰ আঁৰত ভয়ানক ষড়যন্ত্ৰ থাকিব পাৰে বুলি এবিএমছুৰ সহ সম্পাদক মইনুদ্দিন আলীয়ে সন্দেহ প্ৰকাশ কৰিছে।

এই ঘটনাৰ প্ৰতিবাদত কাইলৈ অৰ্থাৎ ২ আগষ্টৰ পৰা অনিদিষ্টকালিন বিটিএডি বন্ধৰ আহ্বান জনাই এবিএমছুৱে দোষীক কৰায়ত্ব নকৰা পৰ্যন্ত আন্দোলন অব্যাহত ৰাখিব বুলি মত প্ৰকাশ কৰে। 

এবিএমছুৰ সভাপতি লাফিকুল ইছলাম আহমেদৰ হত্যাকাণ্ডক তীব্ৰ ভাষাৰে গৰিহনা দিছে এবছুৰ সভাপতি প্ৰমোদ বড়ো আৰু সাধাৰণ সম্পাদক লৰেঞ্চ ইছলাৰীয়ে। উক্ত হত্যাকাণ্ডক কাপুৰুষালি আখ্যা দি দোষীক গ্ৰেপ্তাৰৰ দাবী উত্থাপন কৰিছে এবছুৱে।

আনহাতে বিটিচি নাথ যোগী ছাত্ৰ সন্থাৰ সম্পাদক অৰবিন্দ নাথেও হত্যাকাণ্ডক গৰিহণা দি বিটিএডিৰ জনসাধাৰণৰ জীৱন আৰু সা সম্পত্তি ৰক্ষা কৰাৰ ক্ষেত্ৰত চৰকাৰ চূড়ান্তভাৱে ব্যৰ্থ হৈছে বুলি মত প্ৰকাশ কৰিছে।