কোনো এটা কোঠা বাহিৰৰ পৰা বন্ধ কৰি ভিতৰত আপোনাক ১০ মিনিট সময় থাকিবলৈ দিলে আপোনাৰ কেনে অনুভৱ হ’ব? কিন্তু তেওঁলোক কেৱল দহ মিনিট নহয়, সম্পূৰ্ণ  ৪০৭ ঘণ্টা অৰ্থাৎ ১৭ দিন এটা বন্ধ সুৰংগৰ ভিতৰত আৱদ্ধ হৈ থাকিবলগীয়া হৈছিল। প্ৰতিটো মুহূৰ্তত অলেখ চিন্তাই তেওঁলোকৰ মগজুত খুন্দা মাৰিছিল, বুকত ভয় আছিল, মাজে মাজে উদ্বিগ্ন হৈ পৰিছিল। কিন্তু এই সকলোবোৰৰ মাজতো তেওঁলোকে আশাৰ কিৰণ এটা দেখিছিল। বন্ধ সুৰংগৰ পৰা ওলাই আহিবলৈ মন-মগজুক সাহসী কৰি তুলিছিল আৰু তেওঁলোকৰ দৃঢ় বিশ্বাস আছিল যে এদিন নহয় এদিন বাহিৰত তেওঁলোকৰ বাবে অহৰহ কাম কৰি থকা লোকসকলে তেওঁলোকক উলিয়াই আনিবলৈ সক্ষম হ’ব।

অৱশেষত তেওঁলোকৰ সেই বিশ্বাস সাৰ্থক হ’ল। সময় লাগিল, কিন্তু তত্সত্বেও ১৭ দিনীয়া বন্দীত্বৰ জীৱনৰ অন্ত পেলাই পুনৰ এবাৰ মুকলি আকাশখন দেখাৰ সুযোগ পালে উত্তৰাখণ্ডৰ উত্তৰকাশীৰ ছিল্ক্যাৰা সুৰংগত আৱদ্ধ ৪১ শ্ৰমিকে। এমুঠি পেটৰ ভাতৰ বাবে কাম কৰিবলৈ গৈ সুৰংগ খহি ভিতৰতে আৱদ্ধ হৈ পৰা দেশৰ বিভিন্ন প্ৰান্তৰ ৪১ গৰাকী শ্ৰমিকৰ সফল উদ্ধাৰ সম্ভৱ হ’ল মঙলবাৰে সন্ধিয়া। এই উদ্ধাৰৰ পিছতে এতিয়া শ্ৰমিকসকলৰ ঘৰে ঘৰে উদযাপন হৈছে আবতৰীয়া দিপাৱলী। উদ্ধাৰ অভিযানত নিয়োজিত বিশেষজ্ঞসকলেও এয়া এক অলৌকিক সাফল্য বুলি অভিহিত কৰিছে।

৪১ শ্ৰমিকৰ সফল উদ্ধাৰ

১২ নৱেম্বৰ দেওবাৰে উত্তৰাখণ্ডৰ উত্তৰকাশী জিলাত সংঘটিত হৈছিল এই ঘটনা। হিমালয়ৰ চাৰিটা হিন্দু তীৰ্থস্থান সংযোগ কৰা ঘাইপথ নেটৱৰ্ক চাৰ ধাম প্ৰকল্পৰ অংশ স্বৰূপে ১নং ব্ৰহ্মখাল-যমুনোত্ৰী ৰাষ্ট্ৰীয় ঘাইপথৰ ছিলক্যৰা আৰু দণ্ডলগাঁও সংযোগ কৰি নিৰ্মাণ কৰি থকা সুৰংগটো হঠাৎ খহি পৰাত ধ্বংসস্তূপৰ মাজত আৱদ্ধ হৈ পৰিছিল নিৰ্মাণকাৰ্যত জড়িত হৈ থকা ৪১ জনকৈ শ্ৰমিক। ১৩ মিটাৰ বহল আৰু ৬০ মিটাৰ দ সুৰংগটোৰ ধ্বংসাৱশেষে প্ৰৱেশদ্বাৰ আৰু বায়ু চলাচলৰ খাদ বন্ধ কৰি পেলোৱাত অক্সিজেনৰ যোগান আৰু বাহিৰৰ জগতখনৰ সৈতে যোগাযোগ বিচ্ছিন্ন হৈ আৱদ্ধ হৈ পৰিছিল শ্ৰমিকসকল।

ভিতৰত আবদ্ধ হৈ থকা ৪১ জন শ্ৰমিকৰ ভিতৰত আছিল ১৫ জন ঝাৰখণ্ডৰ, ৮ জন উত্তৰ প্ৰদেশৰ, ৫ জনকৈ বিহাৰ আৰু ওড়িশাৰ, ৩ জন পশ্চিম বংগৰ, ২ জনকৈ অসম আৰু উত্তৰাখণ্ডৰ আৰু এজন শ্ৰমিক হিমাচল প্ৰদেশৰ। সুৰংগ খহি ভিতৰত আৱদ্ধ হৈ পৰিছিল অসমৰো দুই শ্ৰমিক। কোকৰাঝাৰৰ ৰামফল বিলৰ ৰামপ্ৰসাদ নাৰ্জাৰী আৰু সঞ্জয় বসুমতাৰীও নিয়োজিত হৈ আছিল সুৰংগটোৰ নিৰ্মাণকাৰ্যত। এতিয়া দুয়োজন শ্ৰমিক যুৱকে সোঁশৰীৰে সুৰংগৰ পৰা ওলাই অহাত আনন্দৰ বন্যা বৈছে তেওঁলোকৰ ঘৰ দুখনত।

১২ নৱেম্বৰত এই দুৰ্ঘটনা সংঘটিত হোৱাৰ পিছত ভিতৰত আৱদ্ধ হৈ থকা শ্ৰমিকসকলৰ সৈতে প্ৰথম যোগাযোগ স্থাপন সম্ভৱ হৈছিল ১৩ নৱেম্বৰত। তাৰ পিছতে পাইপৰ জৰিয়তে তেওঁলোকলৈ অক্সিজেন, পানী আৰু কাজু, কিচমিচ আদিৰ দৰে শুকান খাদ্য প্ৰেৰণৰ কাম আৰম্ভ হয়। ১২ নৱেম্বৰত আৱদ্ধ হৈ পৰাৰ পিছত শ্ৰমিক সকলে প্ৰথমবাৰৰ বাবে ২০ নৱেম্বৰত ভালকৈ খাবলৈ পাৰে। সেই সময়ৰ পৰাই উদ্ধাৰৰ অন্তিম দিনটোলৈকে ৪১ শ্ৰমিকসকলক খিচিৰি আৰু ডাইল বাহিৰৰ পৰা যোগান ধৰি অহা হৈছিল।

একে সময়তে চলি থকা শ্ৰমিকসকলৰ উদ্ধাৰৰ প্ৰচেষ্টাত হেঙাৰ হৈ থিয় দিছিল নানান প্ৰত্যাহ্বানে। প্ৰথমে অগাৰ মেছিন ব্যৱহাৰ কৰি খনন কাৰ্য্য চলোৱা হৈছিল। কিন্তু ইটোৰ পিছত সিটোকৈ কেইবাটাও অগাৰ মেছিন বিকল হৈ পৰাৰ ফলত বাৰে বাবে স্তব্ধ হৈ পৰিছিল উদ্ধাৰ অভিযান। হায়দৰাবাদৰ পৰা এয়াৰ লিফ্টৰ জৰিয়তে অগাৰ মেছিন আনি খনন কাৰ্য পুনৰ আৰম্ভ কৰা হৈছিল যদিও সেয়াও ভাঙি ভিতৰতে আৱদ্ধ হৈ পৰাত অৱশেষত ৰেট হোল মাইনিংৰ জৰিয়তে হাতেৰে খনন কাৰ্য্য চলোৱা হয়। 

অবৈধ কৌশলেই জীৱন ৰক্ষা কৰিলে ৪১ শ্ৰমিকৰ

ছিল্ক্যাৰা সুৰংগত আৱদ্ধ শ্ৰমিকসকলৰ উদ্ধাৰৰ বাবে কেইবাটাও কৌশল গ্ৰহণ কৰিছিল উদ্ধাৰকাৰী দলে। ইয়াৰে কিছু কৌশল কাৰ্যক্ষেত্ৰত বিফল হৈছিল আৰু কিছু বিপদজনক অভিহিত কৰি অৱলম্বনৰ পূৰ্বেই বাতিল কৰা হৈছিল। উদ্ধাৰৰ এই অভিযানৰ বাবে মাতি অনা হৈছিল বিদেশৰ সুৰংগ বিশেষজ্ঞক। শ্ৰমিকসকলৰ উদ্ধাৰৰ বাবে কোনো ক্ৰুটি ৰখা নাছিল উদ্ধাৰকাৰীয়ে। দিনে-নিশাই চলোৱা হৈছিল উদ্ধাৰ অভিযান।

২৫ নৱেম্বৰত শ্ৰমিকৰ উদ্ধাৰ বাবে খনন কাৰ্য চলাই থকা অগাৰ মেচিনটো পাইপত আৱদ্ধ হৈ পৰাৰ পিছতে উদ্ধাৰৰ অন্য বিকল্পৰ সন্ধান কৰিবলগীয়া হৈছিল উদ্ধাৰকাৰীয়ে। ইয়াৰ পিছতে ঝাৰখণ্ড, দিল্লী আৰু দেশৰ অন্য প্ৰান্তৰ ৰেট হোল মাইনাৰ্ছৰ অভিজ্ঞ লোকক উত্তৰকাশীলৈ আনি হাতেৰেই খনন কাৰ্য আৰম্ভ কৰা হয়। উল্লেখ্য যে, ৰেট হোল মাইনিঙত এটা সুৰংগ খনন কৰি কয়লা বাহিৰ কৰা হয়। এন্দুৰৰ গাতৰ দৰেই এই সুৰংগ নিৰ্মাণ কৰা হয় বাবেই ইয়াক কোৱা হয় ৰেট হোল মাইনিং বুলি। মেঘালয়ৰ কয়লা খনিত এই কৌশল মূলতঃ ব্যৱহাৰ কৰি অহা হৈছে।

সংবাদ সংস্থা পিটিআইৰ মতে, ৰেট হোল মাইনিং অবৈধ, কিন্তু এনডিআৰএফৰ এজন সদস্যই কয় যে ৰেট হোল মাইনাৰ্ছৰ দক্ষতা আৰু অভিজ্ঞতাৰ বাবেহে আজি  প্ৰাণ ৰক্ষা পৰে  ৪১জন শ্ৰমিকৰ। উল্লেখ্য যে, ২০১৪ চনত ৰাষ্ট্ৰীয় সেউজ ন্যায়াধিকৰণে মেঘালয়ত তিনিৰ পৰা চাৰি ফুট উচ্চতাৰ সুৰংগ নিৰ্মাণৰ সৈতে জড়িত ৰেট হোল মাইনিং কৌশলৰ জৰিয়তে কয়লা খনন নিষিদ্ধ কৰিছিল।

এন ডি আৰ এফৰ সদস্য লেফটেনেণ্ট জেনেৰেল (অৱসৰপ্ৰাপ্ত) চৈয়দ আটা হাছনাইনে কয় যে ৰেট হোল মাইনাৰ্ছ সকলে ২৮ ঘণ্টাৰো কম সময়ৰ ভিতৰত অতি ক্ষীপ্ৰতাৰে খনন কৰি জীৱন ৰক্ষা কৰে আৱদ্ধ শ্ৰমিকসকলৰ। সংবাদ মাধ্যমৰ সৈতে হোৱা কথাবতৰাত তেওঁ কয়, “ৰেট হোল মাইনিং অবৈধ হ’লেও মাইনাৰ্ছসকলৰ দক্ষতা আৰু অভিজ্ঞতাই এই উদ্ধাৰ অভিযানক সাৰ্থক কৰি তোলে।” 

ইফালে এন এইচ এ আইৰ সদস্য বিশাল চৌহানে কয় যে ৰাষ্ট্ৰীয় সেউজ ন্যায়াধীকৰণে কয়লা খনিত ৰেট হোল মাইনিং নিষিদ্ধ কৰিলেও নিৰ্মাণ স্থানত এই প্ৰযুক্তি এতিয়াও ব্যৱহাৰ কৰা হয়। তেওঁ কয়, ‘এয়া এক বিশেষ পৰিস্থিতি, এয়া মানুহৰ জীৱন ৰক্ষাৰ বিষয়। তেওঁলোক (ৰেট হোল মাইনাৰ্ছ) এনেকুৱা কাৰিকৰী বিশেষজ্ঞ, যিসকল আজি আমাৰ বাবে সহায়ক প্ৰমাণিত হৈছে।”

সুৰংগৰ ভিতৰত কিদৰে ১৭ দিন পাৰ কৰিলে শ্ৰমিকে?

১২ নৱেম্বৰত সুৰংগ খহি ভিতৰতে আৱদ্ধ হৈ পৰা শ্ৰমিকসকলৰ মুখত এতিয়া হাঁহি বিৰিঙিছে। সম্পূৰ্ণ ১৭ দিন পিছত তেওঁলোক মুকলি আকাশৰ তললৈ সুকলমে ওলাই আহিবলৈ সক্ষম হৈছে। ইয়াৰ পিছতে সুৰংগৰ বাহিৰত আৰু শ্ৰমিকসকলৰ ঘৰে ঘৰে সৃষ্টি হৈছে উত্সৱমুখৰ পৰিৱেশৰ। ঘৰৰ ল’ৰাজন ঘৰলৈ ওভতি অহাৰ আনন্দত ফটকা ফুটাই বহু পৰিয়ালে উদযাপন কৰিছে আৱতৰীয়া দিপাৱলী। সুৰংগৰ পৰা বাহিৰলৈ উলিয়াই অনাৰ পিছতে প্ৰথমে ৪১ শ্ৰমিকক জৰুৰী স্বাস্থ্য পৰীক্ষাৰ বাবে লৈ যোৱা হয় হাস্পতাললৈ। তাৰ পিছতে আৰম্ভ হৈ ঘৰলৈ প্ৰেৰণৰ প্ৰস্তুতি।

১৭ দিন ধৰি সুৰংগৰ ভিতৰত আৱদ্ধ হৈ থকা শ্ৰমিক সকলৰ ভিতৰত আছিল ঝাৰখণ্ডৰ যুৱক সুবোধ কুমাৰ বাৰ্মাও। সুৰংগৰ ভিতৰৰ পৰিস্থিতি সন্দৰ্ভত তেওঁ কয় যে প্ৰথম ২৪ ঘণ্টা তেওঁলোকৰ বাবে অতি কঠিন আছিল। কিন্তু তাৰ পিছত বাহিৰৰ পৰা সঁহাৰি লাভ কৰিবলৈ আৰম্ভ কৰাৰ পিছত লাহে লাহে পৰিস্থিতি স্বাভাৱিক হৈ পৰিছিল। তেওঁ কয়, "আমি মাত্ৰ ২৪ ঘণ্টাৰ বাবে সমস্যাৰ সন্মুখীন হৈছিলো। প্ৰথম দিনটোত খাদ্য আৰু শ্বাস-প্ৰশ্বাসৰ সমস্যা হৈছিল। তাৰ পিছত কোম্পানীয়ে খাদ্যৰ বাবে কাজু, কিচমিচ আদি পঠিয়াইছিল আৰু দহ দিনৰ পিছত আমাক দাইল, ৰুটি আৰু ভাত খাবলৈ দিয়া হৈছিল।’’ তেওঁ পুনৰ কয়, "এতিয়া মই সুস্থ হৈছো, কোনো ধৰণৰ সমস্যা নাই। মই একেবাৰে ভালেই আছো। এই সকলোবোৰ আপোনালোকৰ প্ৰাৰ্থনা আৰু কঠোৰ পৰিশ্ৰমৰ বাবে সম্ভৱ হৈছে। কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ কঠোৰ পৰিশ্ৰমৰ বাবেই মই ওলাই আহিছো।"

১৩ নৱেম্বৰত সুৰংগটোত আৱদ্ধ শ্ৰমিকসকলৰ সৈতে যোগাযোগ সম্ভৱ হোৱাৰ পিছত তেওঁলোকৰ মানসিক চাপ দূৰ কৰিবলৈ যথাসম্ভৱ প্ৰচেষ্টা চলাইছিল উদ্ধাৰকাৰী দলে। সুৰংগৰ ভিতৰত প্ৰায় ডেৰ-দুই কিলোমিটাৰ খালী ঠাই আছিল। তাত শ্ৰমিকসকলে খোজ কাঢ়ি সময় অতিবাহিত কৰিছিল। সুৰংগৰ ভিতৰতে নিজৰ নিজৰ শোৱাৰ ব্যৱস্থা কৰি লৈছিল শ্ৰমিকসকলে। শৌচ-প্ৰস্ৰাৱ কৰিবলৈ পৃথকে এক স্থান নিৰ্ধাৰণ কৰি লৈছিল। একেদৰে উদ্ধাৰকাৰ্য চলি থকা সময়ত যাতে কাৰো ক্ষতিসাধন নহয়, তাৰ বাবেও পৃথক এক বহাৰ স্থান নিৰ্ধাৰণ কৰি লোৱা হৈছিল। আৱদ্ধ হৈ থকা শ্ৰমিক সকলৰ মানসিক চাপ দূৰ কৰিবলৈ চিনেমা চাবলৈ আৰু গেম খেলিবলৈ মোবাইল ফোন উপলব্ধ কৰা হৈছিল, শাৰীৰিক কচৰত তথা মনোৰঞ্জনৰ বাবে সুৰংগৰ ভিতৰতে বেডমিন্টন খেলিছিল শ্ৰমিকসকলে।

ঝাৰখণ্ডৰ আন এজন আৱদ্ধ শ্ৰমিক বিশ্বজিত কুমাৰে উদ্ধাৰৰ পিছত কয়, “মই অতি সুখী আৰু নিৰাপদ। সকলো শ্ৰমিক সুখী। এই মুহূৰ্তত আমি হাস্পতালত আছো। ধ্বংসাৱশেষ সুৰংগটোৰ মুখৰ ওচৰতে পৰিল। মই তাৰ সিপাৰে আছিলো। ভিতৰত প্ৰায় ডেৰ-দুই কিলোমিটাৰ এলেকা খালী আছিল। আমি সময় কটাবলৈ ভিতৰত আড্ডা মাৰিছিলোঁ।" বিশ্বজিতেও লগতে কয় যে আবদ্ধ হৈ পৰাৰ পিছত প্ৰাৰম্ভিক ঘণ্টাবোৰ বৰ অসুবিধাজনক আছিল। তেওঁ কয়, "আৰম্ভণিতে অলপ ভয় আছিল, কিন্তু যেতিয়া খাদ্য-পানী আহিল, আৰু পৰিয়ালৰ সদস্যৰ সৈতে কথা পতাৰ পিছত আমাৰ মনোবল বাঢ়ি গৈ থাকিল। আমি অতি সোনকালেই আত্মবিশ্বাসী হৈ পৰিলোঁ যে আমি বাহিৰৰ জগতখন চাব পাৰিম।"

এয়া গব্বৰ সিং নেগীৰ কাহিনী...

যিদিনা পুৱা ৫.৩০ বজাত উত্তৰকাশীৰ নিৰ্মীয়মান সুৰংগটো খহি পৰি ভিতৰত ৪১ শ্ৰমিক আৱদ্ধ হৈ পৰিছিল, সেই দিনাই সমগ্ৰ দেশে পালন কৰিছিল দিপাৱলী। কিন্তু সেই দিনটোৱেই সেইসকল শ্ৰমিকৰ বাবে জীৱনৰ ভয়াবহ দিনটো। এতিয়া উদ্ধাৰৰ পিছত একাংশ শ্ৰমিকে যদি তেওঁলোক জীৱন্তে পৰিয়ালৰ কাষলৈ উভতি অহাটোক অলৌলিক বুলি অভিহিত কৰিছে, আন একাংশই আকৌ মন্তব্য কৰিছে মৃত্যুক নিচেই ওচৰৰ পৰা দেখা পোৱা বুলি। সুৰংগৰ ভিতৰত বিগত ১৭ দিনত শ্ৰমিকসকলে যদি কেতিয়াবা মনোবল হেৰুৱাই পেলাইছিল, আন কেতিয়াবা আকৌ আশাৰ কিৰণে বিশ্বাস জগাইছিল সফল উদ্ধাৰৰ। 

সুৰংগৰ ভিতৰৰ সেই দুৰ্বিসহ দিন কেইটাত প্ৰতিজন শ্ৰমিকৰ মনোবল বৃদ্ধি কৰিবলৈ চেষ্টা কৰিছিল আৱদ্ধ আন এজন শ্ৰমিকে। তেঁও হৈছে গব্বৰ সিং নেগী। এই দুৰ্ঘটনাস্থলীৰ পৰা ২৬০ কিলোমিটাৰ নিলগৰ পৌৰী গড়বাল জিলাৰ এই শ্ৰমিকজন ১২ নৱেম্বৰৰ দুৰ্ঘটনাৰ সময়ত সুৰংগটোত ফ’ৰমেন হিচাপে কৰ্তব্যৰত আছিল। কিন্তু আজি উদ্ধাৰ কৰা শ্ৰমিকসকলে ক’ব খোজে- নেগীৰ বাবেই তেওঁলোকৰ মনোবল কঠিন পৰিস্থিতিৰ মাজতো অটুত আছিল। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও উদ্ধাৰৰ পিছত শ্ৰমিকসকলৰ সৈতে পতা ফৌনিক কথা বতৰাত প্ৰশংসাৰে উপচায় পেলায় গব্বৰ সিং নেগীক।

৪০০ ঘণ্টাৰো অধিক সময় প্ৰায় ২০০ ফুট তলত আৱদ্ধ হৈ থকা শ্ৰমিকসকলক প্ৰতিদিনে যোগাসন আৰু ধ্যান শিকাইছিল গব্বৰ সিং নেগীয়ে। তেওঁলোক যাতে শাৰীৰিক আৰু মানসিকভাৱে সক্ৰিয় হৈ থাকে, তাৰ প্ৰতি বিশেষ গুৰুত্ব দিছিল নেগীয়ে। সহকৰ্মীসকলৰ মনোবল বৃদ্ধি কৰি তেওঁ কৈছিল, '‘প্ৰথমে আপোনালোকক উদ্ধাৰ কৰাৰ পিছতহে শেষত মই বাহিৰলৈ ওলাম।’’ কাৰ্যক্ষেত্ৰতো সেয়াই কৰিছিল এইগৰাকী শ্ৰমিকে। মঙলবাৰে সন্ধিয়া যেতিয়া এজন এজনকৈ ৪০ শ্ৰমিকক বাহিৰলৈ উলিয়াই অনা হৈছিল, তাৰ পিছত শেষত মুখত হাঁহি এটা লৈ ওলাই আহিছিল গব্বৰ সিং নেগী। 

গব্বৰ সিং নেগী আৰু অন্য শ্ৰমিকসকল সুকলমে ওলাই অহাৰ পিছত আনন্দেৰে ভাতৃ জয়মল নেগীয়ে কয়, "মই বৰ সুখী... পৰিয়ালটো বৰ সুখী। কেৱল পৰিয়ালটোৱেই নহয় গোটেই দেশখনেই আজি সুখী। সমগ্ৰ দেশে তেওঁলোকৰ বাবে প্ৰাৰ্থনা কৰিছিল। যেতিয়া তেওঁলোক ওলাই আহিছিল আৰু আমি তেওঁলোকক সুৰক্ষিত হোৱা দেখিছিলো, তেতিয়া আমি মিঠাই আৰু মালা বিতৰণ কৰিলো।" জয়মল নেগীয়ে আৰু কয়, "মই তেওঁৰ লগত দৈনিক কথা পাতিছিলোঁ। প্ৰথমে মাটিত ভৰোৱা পাইপৰ মাজেৰে কথা পাতিছিলো, পিছত তেওঁলোকক দিয়া ফোনত কথা পাতিবলৈ সক্ষম হ’লো। সেই সময়ত মই গব্বৰক যোগাসন কৰিবলৈ পৰামৰ্শ দিছিলো। তেতিয়া তেওঁ কৈছিল যে তেওঁ অকলেই নহয়, সকলোৱেই যোগাসন কৰি আছিল।’’

সুংৰগত আৱদ্ধ হৈ থকা আন কেইবাগৰাকী শ্ৰমিকেও উদ্ধাৰৰ পিছত শলাগ লয় গব্বৰ সিং নেগীৰ। তেওঁলোকক সুৰক্ষিত আৰু সুখী কৰি ৰখাৰ ক্ষেত্ৰত সকলো সম্ভৱ প্ৰয়াস কৰিছিল নেগীয়ে। শ্ৰমিক সহকৰ্মীসকলৰ বাবে তেওঁ ডবা আৰু লুডু খেলৰ ব্যৱস্থা কৰিছিল। আনকি চোৰ-পুলিচ খেলিও মানসিক চাপ দূৰ কৰাৰ বাবে সহকৰ্মীসকলক সহায় কৰিছিল গব্বৰ সিং নেগীয়ে।

‘পাহাৰে নিজৰ কব্জাৰ পৰা মুকলি কৰি দিলে মোৰ ল’ৰাটোক’

বিগত ১৭ দিন কেৱল উত্তৰকাশীৰ সুৰংগত আৱদ্ধ শ্ৰমিকসকলৰ বাবেই দুৰ্বিসহ নাছিল, সেয়া দুৰ্বিসহ আছিল তেওঁলোক ঘৰলৈ উভতি অহালৈ বাট চাই ৰোৱা তেওঁলোকৰ পৰিয়ালৰ বাবেও। দিনৰ পিছত দিন ধৰি সুৰংগৰ বাহিৰতে অপেক্ষা কৰিছিল বহু আত্মীয়ই। তেনে এগৰাকী শ্ৰমিকৰ পিতৃয়ে এতিয়া পুত্ৰক ওভতাই পাই আনন্দৰে কয়, “আজিহে আমাৰ বাবে প্ৰকৃত দেৱালী।’’

উত্তৰ প্ৰদেশৰ লখিমপুৰ খেৰীৰ শ্ৰমিক মঞ্জিতৰ ঘৰখনত এতিয়া উখল-মাখল পৰিৱেশ। যি সময়ত মঞ্জিতক সুকলমে সুৰংগৰ পৰা বাহিৰলৈ উলিয়াই অনা হৈছিল, সেই সময়ত সুৰংগৰ বাহিৰতে হাতত পুত্ৰৰ বাবে নতুন কাপোৰ এযোৰ লৈ অপেক্ষা কৰিছিল পিতৃয়ে। বিগত দহ দিন ধৰি তেওঁ তাতেই আছিল। প্ৰতিদিনেই পুত্ৰৰ মুখখন দেখাৰ হেঁপাহেৰে অপেক্ষা কৰিছিল। মঙলবাৰে সন্ধিয়া পুত্ৰক লগ পাই প্ৰথমেই কপালত চুমা এটা যাঁচে তেওঁ। তাৰ পিছত আনন্দৰ চকুলো নিগৰাই কয়, “আজি আমাৰ বাবে প্ৰকৃত দেৱালী। পাহাৰে অৱশেষত মোৰ সন্তানটোৰ লগতে আন সকলক নিজৰ কব্জাৰ পৰা মুকলি কৰি দিলে। মই মোৰ ল’ৰাৰ বাবে এযোৰ নতুন কাপোৰ আনিছো।’’

প্ৰায় এবছৰ পূৰ্বে মুম্বাইত কৰ্মৰত সময়ত বিদ্যুতস্পৃষ্ট হৈ প্ৰাণ হেৰুৱাইছিল তেওঁৰ জ্যেষ্ঠ পুত্ৰই। তেওঁ কয়, “মই মঞ্জিতক হেৰুৱাব নিবিচাৰো। ইয়েই মোৰ সকলো।’’

মঙলবাৰে শিঁহৰণকাৰী উদ্ধাৰ অভিযানৰ সফলতাৰ পিছত সমগ্ৰ দেশেই এতিয়া পালন কৰিছে আনন্দ উত্সৱ। সামাজিক মাধ্যমতো উল্লাস ব্যক্ত কৰি বহুতেই লিখিছে শুভকামনা ভৰা লেখা। দেশৰ বহু প্ৰান্তৰ পৰা সাধাৰণ লোকে উদযাপন কৰা ছবি আৰু ভিডিঅ’ এতিয়া দেখিবলৈ পোৱা গৈছে। সকলোৱে একেমুখে ৪১ শ্ৰমিকৰ দৃঢ়তা আৰু উদ্ধাৰকাৰীৰ অদম্য প্ৰচেষ্টাৰ প্ৰশংসা কৰিছে।

সুৰংগৰটোৰ পৰা উদ্ধাৰ কৰা ৪১ জনৰ ভিতৰত সৰ্বাধিক ১৫ জন শ্ৰমিকেই হৈছে ঝাৰখণ্ডৰ। মঙলবাৰে সন্ধিয়া সুখবৰ লাভ কৰাৰ পিছতে ১৭ দিনৰ অন্তত ৰাঁচীৰ ওৰামঝিৰ খীৰাবেদা গাঁৱলৈ নামিছে আনন্দৰ বন্যা। এই গাঁওখনৰ তিনিজন ল’ৰা – ৰাজেন্দ্ৰ বেদিয়া, অনিল বেদিয়া আৰু সুখৰাম বেদিয়া উত্তৰকাশী সুৰংগৰ পৰা নিৰাপদে ওলাই অহাৰ খবৰ লাভ কৰি গাঁৱৰ ৰাইজে স্বস্তিৰ নিশ্বাস লৈছে। এতিয়া যুৱক কেইজন নিজৰ গাঁৱলৈ উভতি অহাৰ বাবে অপেক্ষা কৰিছে গাঁওবাসীয়ে। 

আনকি এই যুৱক কেইজনে অধ্যয়ন কৰা গাঁৱৰ প্ৰাথমিক বিদ্যালয়খনতো এতিয়া উঠিছে উলাহৰ ঢৌ। ঢোল-মৃদংগ বজাই সকলোৱে পালন কৰিছে আনন্দ উত্সৱ। ভতিজাৰ সফল উদ্ধাৰৰ খবৰ লাভ কৰি ভাতৃ গৃহলৈ ততাতৈয়াকৈ অহা ৰাজেন্দ্ৰ বেদিয়াৰ পেহীয়েকে কয়, “আমি আজি কিমান সুখী সেয়া ভাষাৰে বুজাব নোৱাৰিম। আমাৰ জীৱনৰ এয়াই আটাইতকৈ সুখৰ দিন। সি ঘৰলৈ ঘূৰি অহালৈ এতিয়া বাট চাইছো। মোৰ ভতিজাটোৰ লগতে আৱদ্ধ শ্ৰমিকসকলৰ উদ্ধাৰৰ বাবে সমগ্ৰ দেশে প্ৰাৰ্থনা জনাইছিল। সকলোৰে ওচৰত আমি কৃতজ্ঞ।’’

News Next One হৈছে 'Crowdfunding’ৰ জৰিয়তে পৰিচালিত নিউজ ৱেবছাইট। প্ৰতিদিনে একাধিক তথ্যসমৃদ্ধ তথা অনুসন্ধানমূলক বিতং বাতৰি প্ৰকাশ কৰিবলৈ আমাক প্ৰয়োজন মাহে ৫০ হাজাৰ টকাৰ। কিন্তু এতিয়া আমি শুভকাংক্ষীসকলৰ পৰা প্ৰতিমাহে সৰ্বমুঠ ১০-১২ হাজাৰ টকাকৈহে দান-বৰঙণি লাভ কৰিছো। ফলত আমি প্ৰতিদিনে মাত্ৰ এটা বাতৰিহে প্ৰকাশ কৰিবলৈ সমৰ্থ হৈছো। অনাগত সময়ত ৰাইজৰ স্বাৰ্থত আৰু অধিক বাতৰি প্ৰকাশ কৰিব পৰাকৈ আমি পঢ়ুৱৈসকলৰ পৰা সঁহাৰি লাভ কৰিব পাৰিম বুলি আশাবাদী। তলৰ ফটোখনত ক্লিক কৰি আমাক সাধ্যানুযায়ী সহায় কৰক।

Click to Read ►অনুগ্ৰহ কৰি আমাক 'বন্ধ হৈ পৰা' অথবা 'বিক্ৰী যাবলগীয়া' হোৱাৰ পৰা ৰক্ষা কৰক!

এয়া এক চমৎকাৰ!

ধ্বংসাৱশেষৰ মাজেৰে উদ্ধাৰ পথ নিৰ্মাণ কৰি সুৰংগটোৰ ভিতৰত আবদ্ধ হৈ থকা শ্ৰমিকসকলৰ ওচৰলৈ যাবলৈ সক্ষম হোৱা প্ৰথম লোকসকলৰ ভিতৰত আছিল এন ডি আৰ এফৰ জোৱান মনমোহন সিং ৰাৱট। তেওঁ কয়, “ভিতৰলৈ হাত আগবঢ়াই দিয়াৰ লগে লগে শ্ৰমিকসকলৰ মুখত স্বস্তি দেখা গ’ল। আমি ইতিমধ্যে তেওঁলোকক আশ্বাস দি আহিছো যে তেওঁলোকক অতি সোনকালে উদ্ধাৰ কৰা হ’ব।  ইয়ে তেওঁলোকৰ মানসিক অৱস্থা সুস্থিৰ কৰি ৰখাত সহায় কৰিছিল।”

এই উদ্ধাৰ অভিযানত সহায় কৰিবলৈ পৰামৰ্শদাতা হিচাপে নিয়োজিত আন্তঃৰাষ্ট্ৰীয় টানেলিং বিশেষজ্ঞ আৰ্নল্ড ডিক্সে কয় যে এই অভিযানত সহায় কৰিব পৰাটো তেওঁৰ বাবে সন্মানৰ বিষয়। তেওঁ কয়, "মই নিজেও এজন পিতৃ। এনে পৰিস্থিতিত পিতৃ-মাতৃৰ (যিসকল সুৰংগত আবদ্ধ হৈ আছিল) সন্তানক ঘৰলৈ পঠিয়াব পৰাটো মোৰ বাবে এক সন্মানৰ কথা। আপোনালোকৰ হয়তো মনত আছে যে আৰম্ভণিতে মই কথা দিছিলো যে খ্ৰীষ্টমাছৰ পূৰ্বেই শ্ৰমিকসকল নিজৰ ঘৰলৈ উভতিব পাৰিব। এইবাৰ খ্ৰীষ্টমাছ সোনকালে আহিল।"

উদ্ধাৰ অভিযান চলি থকাৰ সময়ত সুৰংগৰ বাহিৰৰ মন্দিৰত প্ৰতিদিনে প্ৰাৰ্থনা জনাইছিল আৰ্নল্ড ডিক্সে। এই সন্দৰ্ভত তেওঁ কয়, ‘মই নিজৰ বাবে একো বিচৰা নাছিলো, কেৱল ভিতৰত আবদ্ধ হৈ থকা ৪১ জন লোক আৰু তেওঁলোকক সহায় কৰা লোকসকলৰ বাবে প্ৰাৰ্থনা কৰিছিলো। আমি বিচৰা নাছিলো যে কাৰো কোনো ক্ষতি হওক।” তেওঁ পুনৰ কয়, “আমি শান্ত আছিলো আৰু জানিছিলোঁ যে আমি কি কৰিব লাগিব। আমি এটা দল হিচাপে কাম কৰিছিলো। ভাৰতত শ্ৰেষ্ঠ অভিযন্তা আছে আৰু এই সফল অভিযানৰ অংশ হোৱাটো বৰ সুখৰ কথা।"

এই উদ্ধাৰ এক চমতকাৰ বুলি অভিহিত কৰি আৰ্ণল্ড ডিক্সে কয়, “উদ্ধাৰ সফল হ’লে ঈশ্বৰক ধন্যবাদ দিবলৈ মই মন্দিৰলৈ যাম বুলি কথা দিছিলো। এতিয়া সেয়া মই কৰিম। আপোনালোকে দেখিছে নে নাই নাজানো, কিন্তু আমি এটা চমত্কাৰ দেখা পালো।”

আৰ্নল্ড ডিক্স কোন?

উত্তৰাখণ্ডৰ উত্তৰকাশীৰ সুৰংগত আৱদ্ধ হৈ থকা ৪১ গৰাকী শ্ৰমিকৰ সফল উদ্ধাৰৰ পিছত এতিয়া চৰ্চিত হৈ পৰিছে উদ্ধাৰ অভিযানত নিয়োজিত হৈ থকা এগৰাকী বিদেশী বিশেষজ্ঞ। বিগত ১৭ দিন নিৰৱিচিন্নভাৱে প্ৰচেষ্টা চলাই থাকি অৱশেষত আটাইকেইজন শ্ৰমিকক নিৰাপদে বাহিৰলৈ উলিয়াই আনিবলৈ সক্ষম হোৱা আৰ্নল্ড ডিক্সক আজি প্ৰকৃত নায়ক হিচাপে অভিহিত কৰিছে অনেকে। উল্লেখ্য যে, আৰ্নল্ড ডিক্স হৈছে আন্তঃৰাষ্ট্ৰীয় টানেলিং আৰু ভূগৰ্ভস্থ মহাকাশ সংস্থাৰ অধ্যক্ষ। নিজৰ কাৰ্যৰ বাবে ডিক্সক ২০১১ চনত ‘এলান নেইলেণ্ড অষ্ট্ৰেলিয়ান টানেলিং ছ’চাইটি’ৰ দ্বিবাৰ্ষিক বঁটাৰে সন্মানিতও কৰা হৈছিল। সুৰংগত অগ্নি নিৰাপত্তা বৃদ্ধিৰ বাবে তেওঁৰ প্ৰচেষ্টাক অতি গুৰুত্ব দিয়া হয়। ২০২২ চনত নেশ্যনেল ফায়াৰ প্ৰটেকচন এছ’চিয়েশ্যন অৱ আমেৰিকাৰ ‘কমিটি চাৰ্ভিচ এৱাৰ্ড’ৰে তেওঁক সন্মানিত কৰা হয়। এই বঁটা তেওঁক সুৰংগ সুৰক্ষাৰ বাবে সংহিতা আৰু মানদণ্ড প্ৰস্তুত কৰাৰ বাবে প্ৰদান কৰা হৈছিল।

উত্তৰকাশীৰ সুৰংগত আৱদ্ধ শ্ৰমিকৰ সফল উদ্ধাৰক লৈ যেতিয়াই আশা হেৰুৱাইছিল মানুহে, তেতিয়াই সাহস হৈ থিয় দিছিল আৰ্নল্ড ডিক্সে। উদ্ধাৰ অভিযানত ব্যস্ত হৈ থকাৰ সময়ত মন-মগজুক সুস্থিৰ কৰি ৰাখি তেওঁ কেৱল চিন্তা কৰিছিল কিদৰে শ্ৰমিকসকলক উদ্ধাৰ কৰিব পাৰি। এই উদ্ধাৰ অভিযানৰ সমছোৱাত প্ৰতিদিনেই সুৰংগৰ কাষত থকা মন্দিৰত প্ৰণিপাত জনাইছিল ডিক্সে। উদ্ধাৰ কাৰ্য্য চলি থকা সময়ত তেওঁ এটা ভিডিঅ’ যোগে কয়, ''আমি পৰ্বতৰ পৰা আমাৰ ল’ৰাকেইটাক ওভতাই বিচাৰিছোঁ। পৰ্বতে শেষ মুহূৰ্তলৈকে আমাৰ ৰং চালে, কিন্তু আমি আশা বৰ্তাই ৰাখিব লাগিব যে এদিন পৰ্বতে আমাৰ ল’ৰা কেইটাক আমাৰ হাতত গতাই দিব।’’ তেওঁ কয় যে প্ৰকৃতি আৰু পৰিৱেশৰ পৰা আমি এইটোৱেই শিকিব লাগিব।

আইনী, ৰাজনৈতিক, নৈতিক আৰু কাৰিকৰী বিপদ আৰু ভূগৰ্ভস্থ নিৰ্মাণৰ সৈতে জড়িত পৰিৱেশৰ বিপদকে ধৰি বহু ক্ষেত্ৰতো বিশেষজ্ঞ আৰ্নল্ড ডিক্স। এগৰাকী পৰামৰ্শদাতা আৰু বিজ্ঞানী হিচাপে ইতিমধ্যেই তেওঁ অৰ্জন কৰিছে যোগ্যতা। ইয়াৰ উপৰিও তেওঁ অষ্ট্ৰেলিয়াৰ উচ্চ ন্যায়ালয়ৰ বেৰিষ্টাৰ হিচাপে পঞ্জীয়নভুক্ত অধিবক্তা। জীৱন যাত্ৰাই তেওঁক পৰিবেশ, বিজ্ঞান, আইন, নৈতিকতা, সুৰক্ষা, নিৰাপত্তা, জলবায়ু পৰিৱৰ্তন আৰু দুৰ্যোগ ব্যৱস্থাপনাৰ দৰে বহু ক্ষেত্ৰৰ লগতে অভিযান্ত্ৰিক আৰু ভূগৰ্ভস্থ নিৰ্মাণৰ জগতখনলৈ লৈ যায়।

তেওঁৰ লিংকডইন প্ৰফাইল অনুসৰি, ব্ৰিটেইনৰ হেলিবেৰীৰ পৰা স্কুলীয়া শিক্ষা সম্পূৰ্ণ কৰিছিল আৰ্নল্ড ডিক্সে। ইয়াৰ পিছত তেওঁ অষ্ট্ৰেলিয়াৰ মনাছ বিশ্ববিদ্যালয়ৰ পৰা আইনী পেছাদাৰী আৰু কৰ্পৰেট আইনত সংযুক্ত জিঅ’টেকনিকেল আৰু অভিযান্ত্ৰিক বিজ্ঞানত স্নাতক ডিগ্ৰী লাভ কৰে।

অধ্যাপক ডিক্সে উত্তৰকাশীৰ সুৰংগটোৰ মূল্যায়নৰ বাবে ২০ নৱেম্বৰত উত্তৰকাশীত উপস্থিত হৈছিল। প্ৰথম অৱস্থাত পাহাৰ ভাঙি যোৱাৰ আশংকা আছিল। সেইবাবেই তেওঁ সেই অঞ্চল পৰিদৰ্শন কৰিছিল। অনিশ্চয়তাৰ মাজতো ডিক্সে আৱদ্ধ শ্ৰমিক, তেওঁলোকৰ পৰিয়াল আৰু উদ্ধাৰকাৰীসকলক আশ্বাস প্ৰদান কৰিছিল যে বৰদিনৰ পূৰ্বে স্বগৃহলৈ উভতিব পাৰিব আৱদ্ধ ৪১ শ্ৰমিক। অৱশেষত মঙলবাৰে সেই প্ৰতিশ্ৰুতি পূৰণ কৰে ডিক্সে।