বৰপেটা/বোকাজান/নগাঁও/মৰিগাঁও/কোকৰাঝাৰ/গোৱালপাৰাঃ শুকুৰবাৰৰ পৰা ৰাজ্যত অনুষ্ঠিত হৈছে হাইস্কুল শিক্ষান্ত পৰীক্ষা৷ পুৱাৰে পৰা ৰাজ্যজুৰি শান্তিত পৰীক্ষা অনুষ্ঠিত হৈ যায়৷ আনহাতে প্ৰথম দিনতোতেই ইংৰাজী বিষয়ৰ পৰীক্ষাত ৰাজ্যজুৰি কেইবাগৰাকী ছাত্ৰ-ছাত্ৰীক বহিস্কাৰ কৰাৰ খবৰ আহিছে৷ 

NNO কোকৰাঝাৰঃ প্ৰতিবছৰে নিম্নগামী ফলাফলেৰে ৰেকৰ্ড গঢ়া কোকৰাঝাৰ জিলাত এইবেলি ২৬টা পৰীক্ষা কেন্দ্ৰত মুঠ ১০ হাজাৰ ১৬গৰাকী মেট্ৰিক আৰু হাইমাদ্ৰাছা পৰীক্ষাৰ্থী অৱতীৰ্ণ হৈছে। পৰীক্ষা উপলক্ষে পৰীক্ষা কেন্দ্ৰসমুহত নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তুলিছে প্ৰশাসনে। তদুপৰি প্ৰতিটো পৰীক্ষা কেন্দ্ৰত চিচি কেমেৰাৰ সংলগ্ন কৰিছে।

প্ৰতিটো পৰীক্ষা কেন্দ্ৰত পৰীক্ষা সুকলমে অনুষ্ঠিত কৰাৰ বাবে জিলা শিক্ষা বিষয়া এচ গয়াৰীয়ে প্ৰতিটো পৰীক্ষা কেন্দ্ৰত উপস্থিত হৈ পৰীক্ষা ব্যৱস্থা বুজ লোৱাৰ লগতে নিৰীক্ষণ কৰিছে।

জিলা শিক্ষা বিষয়া এচ গয়াৰীয়ে কোকৰাঝাৰ জিলাৰ মেট্ৰিক পৰীক্ষাৰ ফলাফল নিম্নগামী হোৱাৰ কাৰণ সন্দৰ্ভত ছাত্ৰ ছাত্ৰীসকলকে দোষাৰোপ কৰি ছাত্ৰ-ছাত্ৰীসকল পঢ়া শুনাত অমনোযোগী নোহোৱাৰ বাবেই পৰীক্ষাৰ ফলাফল বিগত বৰ্ষসমুহত নিম্নগামী হোৱা বুলি উল্লেখ কৰে।

তদুপৰি জিলা শিক্ষা বিষয়াগৰাকীয়ে চলিত বৰ্ষত কোকৰাঝাৰে ভাল ফলাফল দেখুয়াবলৈ সক্ষম হব বুলি আশা প্ৰকাশ কৰি জিলাখনত পৰীক্ষা সুকলমে অনুষ্ঠিত হোৱা বুলিও সদৰি কৰিছে।

NNO নগাঁওঃ নগাঁও জিলাত পাঁচ জন ছাত্ৰ-ছাত্ৰীক অসৎ উপায় অৱলম্বন কৰাত তেওঁলোকক পৰীক্ষা কেন্দ্ৰৰ পৰা বহিষ্কাৰ কৰা হয়। প্ৰাপ্ত বাতৰি মতে, নগাঁও জিলাৰ অন্তৰ্গত বেছামাৰী এম আই উচ্চতৰ মাধ্যমিক বিদ্যালয় কেন্দ্ৰৰ পৰা অসৎ উপায় অৱলম্বন কৰাত ROLL-18-608 NO.0184 আশ্বাকুল ইছলাম, NO-0130 আব্দুল ৰাকিব, NO-0296 পাপিয়া দাসক বহিষ্কাৰ কৰা হয় বুলি অধ্যক্ষ বিল্লাল উদ্দিন  আহমেদে জানিবলৈ দিয়ে।

ইপিনে, জাজৰিৰ সমীপবৰ্তী বৰচিলাৰ উত্তৰ শিলপুখুৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰীক্ষা কেন্দ্ৰৰ পৰা ROLL-595. NO-0025 গৌতম বৰদলৈ, NO-0060 মানস জোতি দাসক অসৎ উপায় অৱলম্বন কৰাত পৰীক্ষা কেন্দ্ৰৰ পৰা বহিষ্কাৰ কৰা হৈছে বুলি উক্ত পৰীক্ষা কেন্দ্ৰৰ  নিৰীক্ষক মইনুল খানে জানিবলৈ দিয়ে৷ তদুপৰি জিলাখনৰ ৰূপহীহাট উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰীক্ষা কেন্দ্ৰৰ পৰাও তিনিজনকৈ পৰীক্ষাৰ্থীক অসৎ উপায় অৱলম্বন কৰাৰ অপৰাধত বহিস্কাৰ কৰা বুলি জানিব পৰা গৈছে৷ 

NNO মৰিগাঁওঃ মৰিগাঁৱৰ হাতীবাট গোসাইগাঁৱৰ জুমি প্ৰভা দেৱী নামৰ এগাৰকী পৰীক্ষাৰ্থীৰ মৃত্যু হয়৷ মৰিগাঁৱৰ নগাবন্ধাৰ কলেজিয়েট মডেল ছেকেণ্ডাৰী স্কুলৰ ছাত্ৰীগৰাকী পুৱাই কোঠাত মৃতদেহ উদ্ধাৰ হয়৷ পুৱাই পৰিয়ালৰ লোকে পৰীক্ষা বাবে সাজু হ’বলৈ কোৱাৰ উদ্দেশ্যে কোঠাত প্ৰৱেশ কৰাত অচেতন অৱস্থাত উদ্ধাৰ কৰি কিশোৰীগৰাকীক চিকিৎসালয়লৈ নিয়ে যদিও চিকিৎসকে মৃত্যু হোৱা বুলি কয়৷

NNO গোৱালপাৰাঃ সমগ্ৰ ৰাজ্যৰ লগতে গোৱালপাৰা জিলাৰ ২৮টা কেন্দ্ৰত অনুষ্ঠিত হৈছে পৰীক্ষা৷ জিলাখনৰ ২৮টা কেন্দ্ৰত ১০,৬৩৯গৰাকী পৰীক্ষাৰ্থীয়ে অৱতীৰ্ণ হৈছে৷ ইংৰাজী বিষয়ৰ পৰীক্ষাত অসৎ উপায় অৱলম্বন কৰাত ১৫গৰাকী শিক্ষাৰ্থী সহ দুই গৰাকী নিৰীক্ষকক বহিস্কাৰ কৰা হয়৷

NNO বোকাজানঃ সমগ্ৰ ৰাজ্যৰ লগতে পাহাৰীয়া জিলা কাৰ্বি আংলঙটো দেখা গল এক উখল-মাখল পৰিবেশ৷ পৰীক্ষা কেন্দ্ৰ সমূহত ছাত্ৰ-ছাত্ৰীসকলৰ লগতে অভিভাৱকসকলকো দেখা গল যথেষ্ট ব্যস্ত৷ এক কথাত বিদ্যাৰ মন্দিৰত উৎসৱ মুখৰ পৰিবেশ৷ দল-সংগঠন তথা বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানৰ শুভেচ্ছা বাণীৰ বেনাৰ-পোষ্টাৰেৰে ভৰি পৰিল পৰীক্ষা কেন্দ্ৰ সমূহৰ চৌহদ৷ 

NNO বৰপেটাঃ অসৎ উপায় অৱলম্বন কৰি বৰপেটাত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ প্ৰথম দিনাই বহিস্কৃত হল তিনি পৰীক্ষাৰ্থী। বৰপেটাৰ পূব প্ৰান্তত অৱস্থিত নগাঁও শিক্ষা মন্দিৰ হাইস্কুল পৰীক্ষা কেন্দ্ৰত দুই গৰাকী আৰু বহৰি হাইস্কুল পৰীক্ষা কেন্দ্ৰত প্ৰথম দিনাই ইংৰাজী বিষয়ৰ পৰীক্ষাত অসৎ উপায় অৱলম্বন কৰি বহিস্কাৰ হল এগৰাকী মেট্ৰিক পৰীক্ষাৰ্থী।

বহিস্কৃত পৰীক্ষাৰ্থী তিনি গৰাকী ক্ৰমে গেলাবিলৰ জি অ চি হাইস্কুল, কুকাৰপাৰ হাইস্কুল আৰু পদ্মপাৰা হাইস্কুলৰ ছাত্ৰ বুলি জানিব পৰা গৈছে। পৰীক্ষা আৰম্ভ হোৱাৰ প্ৰায় ১ ঘণ্টা পিছত নগাঁও হাইস্কুল পৰীক্ষা কেন্দ্ৰৰ কেন্দ্ৰ নিৰীক্ষক ক্ৰমে শংকৰ-মাধব কলেজৰ সহকাৰী অধ্যাপক মহিৰুদ্দিন আৰু উত্তৰ বৰপেটা কলেজৰ সহকাৰী অধ্যাপক ছফিকুল ইছলাম খানে পৰীক্ষাৰ্থী দুগৰাকীয়ে অসৎ উপায় অৱলম্বন কৰি থকা অৱস্থাত হাতে লোটে ধৰি বহিস্কাৰ কৰে।

উল্লেখ যে নগাঁও শিক্ষা মন্দিৰ হাইস্কুল পৰীক্ষা কেন্দ্ৰত অৱতীৰ্ণ হব লগা জিলাখনৰ বিভিন্ন প্ৰান্তৰ  ৮ খন বিদ্যালয়ৰ পৰা মুঠ ৪৯৫ গৰাকী পৰীক্ষাৰ্থীৰ ভিতৰত ৭ গৰাকী পৰীক্ষাৰ্থী অনুপস্থিত থাকে। আজি হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ প্ৰথম দিনাই শৃংখলাবদ্ধভাৱে পৰীক্ষা চলি যোৱা বুলি জানিবলৈ দিয়ে।