নতুন দিল্লীঃ ২০১৪ চনত কেন্দ্ৰৰ ক্ষমতালৈ অহাৰ পিছতে নৰেন্দ্ৰ মোদী নেতৃত্বাধীন চৰকাৰে ব্যৱসায়িক উদ্যানৰ বাবে বনাঞ্চলসমূহ এৰি দিয়াৰ পৰিকল্পনা গ্ৰহণ কৰিছিল। অৱশেষত সেই পৰিকল্পনা ৰূপায়ণত একপ্ৰকাৰ সফলো হয় চৰকাৰ। ২০১৪ত ক্ষমতা দখলৰ কিছু সময়ৰ ভিতৰতে আৰম্ভ হৈছিল বনাঞ্চলসমূহৰ বাণিজ্যিকৰণৰ কাম। অৱশেষত জনজতীয় অধিকাৰক নস্যাৎ কৰা বন সংৰক্ষণ আইনখন শেহতীয়াকৈ সংশোধনীৰ জৰিয়তে চৰকাৰে ব্যৱসায়িক উদ্যানৰ বাবে বনাঞ্চল মুকলি কৰাৰ পৰিকল্পনাক বাস্তৱ ৰূপ প্ৰদান কৰে উন্মোচিত হৈছে চৰকাৰী তথ্যতো।

সংবাদ সংস্থা 'দ্য কালেকটিভ’ৰ অনুসন্ধানত চৰকাৰী নথি-পত্ৰৰ জৰিয়তে এই কথা স্পষ্ট হৈ পৰিছে যে ২০১৫ চনৰ পৰাই বনাঞ্চল মুকলি কৰাৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰৰ কুটিল প্ৰচেষ্টাই বাস্তৱ ৰূপ ল’বলৈ আৰম্ভ কৰিছিল। সেই সময়তে সেউজ ঋণ আঁচনি নিৰ্মাণৰ কামে প্ৰাধান্য লাভ কৰিছিল, আৰু ৰাষ্ট্ৰীয় বন নীতিৰ পৰৱৰ্তী পুনৰাবৃত্তিৰ জৰিয়তে ইয়াৰ বিকাশ অব্যাহত আছিল। বনাঞ্চলৰ বাণিজ্যিক পৰিসৰ বৃদ্ধি কৰিবলৈ বনাঞ্চলৰ মাটিত ব্যক্তিগত উদ্যানত স্থাপনৰ অনুমতি প্ৰদানৰ ওপৰত গুৰুত্ব আৰোপ কৰি ২০১৬ আৰু ২০১৮ চনত প্ৰস্তুত কৰা হৈছিল খচৰা।

বন নীতিৰ খচৰা দুবাৰকৈ বাতিল কৰিবলগীয়া হোৱাৰ পিছতো ব্যৱসায়িক মুনাফা প্ৰদানৰ পৰিকল্পনাৰ বাবে পৰিৱেশবিদসকলৰ তীব্ৰ সমালোচনাৰ সন্মুখীন হ’বলগীয়া হৈছিল মোদী চৰকাৰ। লগতে জনজাতীয় আৰু বনবাসীৰ অধিকাৰ খৰ্ব কৰাৰ বাবে জনজাতীয় মন্ত্ৰালয়ে আপত্তি দৰ্শোৱাৰ পিছতে ব্যৱসায়ৰ বাবে বনাঞ্চল হস্তান্তৰৰ নিয়মসমূহ চৰকাৰে সলনি কৰিবলৈ আৰম্ভ কৰে। অৱশেষত ১৯৮০ চনৰ বন সংৰক্ষণ আইনৰ শেহতীয়া সংশোধনীৰ জৰিয়তে ব্যক্তিগত পক্ষৰ বাবে বনভূমি মুকলি কৰি দিয়াৰ ক্ষেত্ৰত চৰকাৰে সাফল্য লাভ কৰে। ২০২৩ চনৰ আইনখনৰ সংশোধনে ব্যক্তিগত ভূমি আৰু চৰকাৰী নিয়ন্ত্ৰিত বনাঞ্চল দুয়োটাতে ব্যক্তিগত সত্তাই উত্থাপন কৰা বাণিজ্যিক বাগিচাসমূহত ব্যাপক শিথিলতা প্ৰদান কৰে।

২০১৫ৰ পৰাই আৰম্ভ হৈছিল এই প্ৰচেষ্টা

ভাৰতৰ পৰিৱেশ আইনসমূহ মূলতঃ অপৰাধ আৰু শাস্তিৰ সংহিতা নহয় বৰঞ্চ ইয়াৰ উদ্দেশ্য হৈছে পুনৰুদ্ধাৰৰ বিকল্প প্ৰদান কৰা। বন সংৰক্ষণ আইনখনে নিৰ্ধাৰণ কৰা তেনে এটা বিকল্প হ’ল ক্ষতিপূৰণমূলক বনানীকৰণ, য’ত বনাঞ্চল কটাৰ ক্ষতিপূৰণৰ বাবে অন্য ঠাইত গছ ৰোপণ কৰাটো জড়িত হৈ থাকে। কিন্তু মূলতঃ বনানীকৰণৰ বাবে মাটি বিচাৰি পোৱাত অসুবিধা, আৰু গছপুলিৰ প্ৰতি অৱহেলা হোৱাৰ বাবেই ই সফলতা লাভ কৰা নাই।

২০১৫ চনত পৰিৱেশ মন্ত্ৰালয়ে ক্ষতিপূৰণমূলক বনানীকৰণৰ উপায়ৰ বিষয়ে আলোচনা কৰিবলৈ আৰম্ভ কৰে। ইয়াৰ বাবে পৰিৱেশ মন্ত্ৰালয়ে ব্যক্তিগত বনানীকৰণক উপায় হিচাপে গ্ৰহণ কৰে। মন্ত্ৰালয়ে এনে এখন আঁচনি প্ৰস্তুত কৰে যিয়ে ব্যক্তিগত সংস্থাসমূহক অৱক্ষয়ী বনাঞ্চল আৰু বনভূমিত উদ্যান স্থাপনৰ বাবে আগবাঢ়ি আহিবলৈ উৎসাহিত কৰে, আৰু তাৰ পিছত এই ব্যক্তিগত উদ্যানসমূহক ক্ষতিপূৰণমূলক বনানীকৰণৰ বিপৰীতে সামঞ্জস্য স্থাপন কৰিবলৈ অনুমতি দিয়ে।

ইয়াৰ অৰ্থ আছিল যে নতুন ঠাইত গছপুলি ৰোপণৰ পৰিৱৰ্তে ইতিমধ্যে থকা ব্যক্তিগত উদ্যান এখনক বনাঞ্চল হিচাপে গণ্য কৰা হ’ব। এই উদ্যানখন পৰিচালনা কৰা ব্যক্তিগত প্ৰতিষ্ঠানসমূহক সেউজ ঋণ আঁচনিৰ জৰিয়তে অনুমোদন দিয়াৰ লগতে উদ্যানসমূহ বাণিজ্যিকভাৱে ব্যৱহাৰ কৰিবলৈ অনুমতি দিয়া হ’ব। এতিয়াও সফলতা লাভ নকৰা এই আঁচনিখনে বৃক্ষৰোপণৰ কাম হাতত লৈ একাংশ লোকক লাভান্বিত কৰাৰ পৰিকল্পনা কৰিছিল আৰু বাণিজ্যিক লাভালাভৰ জৰিয়তে ব্যক্তিগত উন্নয়নকাৰীসকলৰ সৈতে বনাঞ্চল কাটি পেলোৱাৰ ক্ষতিপূৰণৰ বাবে বনানীকৰণৰ পুঁজি আৱণ্টন বাধ্যতামূলক কৰা হৈছিল।

২০১৫ চনৰ জানুৱাৰী মাহত পৰিৱেশ মন্ত্ৰালয়ে বন আৰু বিশেষ সচিব সঞ্চালক প্ৰধান (ডি জি এফ এণ্ড এছ এছ)ৰ অধীনত গ্ৰীণ ক্ৰেডিট আঁচনিৰ কাম কৰিবলৈ এখন সমিতি গঠন কৰে। লক্ষ্য আছিল অৱক্ষয় ঘটা বনাঞ্চলৰ লগতে আন ভূমিতো উদ্যান নিৰ্মানৰ ক্ষেত্ৰত ব্যক্তিগত সংস্থাসমূহক জড়িত কৰা। একে বছৰৰ ছেপ্টেম্বৰ মাহত মন্ত্ৰালয়ৰ বন বিভাগে “অৱক্ষিত বনাঞ্চলৰ ভূমিত বনানীকৰণৰ বাবে ব্যক্তিগত খণ্ডৰ অংশগ্ৰহণৰ নিৰ্দেশনা” জাৰি কৰিবলৈ বৈঠক অনুষ্ঠিত কৰে।

বৈঠকত কোৱা হয় যে ১০ শতাংশতকৈ অধিক বনাঞ্চল থকা অৱক্ষয়ী বনাঞ্চলসমূহ ব্যৱহাৰৰ বাবে কাঠ আৰু অন্যান্য বনজ সামগ্ৰীৰ প্ৰয়োজন হোৱা উদ্যোগসমূহৰ বাবে উপলব্ধ কৰা হ’ব। ইয়াৰ আৰম্ভণি হ’ব বনাঞ্চলৰ মাটিত ব্যক্তিগত অংশগ্ৰহণৰ সৈতে পাইলট প্ৰকল্পৰ পৰা। ব্যক্তিগত বাগিচা কোম্পানীক দিয়া এই মাটিসমূহৰ ভিতৰত মাত্ৰ ১০-১৫ শতাংশ অঞ্চলহে স্থানীয় জনগোষ্ঠী আৰু তেওঁলোকৰ কাঠবিহীন বনজ উৎপাদন (এন টি এফ পি) সংগ্ৰহৰ বাবে নিৰ্ধাৰণ কৰা হ’ব, যদিও তেওঁলোকে পূৰ্বে আইনগতভাৱে বৃহৎ অঞ্চলৰ পৰা এন টি এফ পি সংগ্ৰহ কৰিছিল।

বৈঠকৰ এই সিদ্ধান্তৰ পিছতে কেন্দ্ৰীয় জনজাতি পৰিক্ৰমা মন্ত্ৰালয়ে পৰিৱেশ মন্ত্ৰালয়ক লৈ তীব্ৰ ক্ষোভ প্ৰকাশ কৰে। কেন্দ্ৰীয় জনজাতি পৰিক্ৰমা মন্ত্ৰালয়ৰ এক বিবৃতিত কোৱা হৈছিল যে ব্যক্তিগত অংশগ্ৰহণৰ বাবে নিৰ্দেশিকাসমূহে বন অধিকাৰ আইন, ২০০৬ৰ অধীনত বন বাসিন্দাসকলৰ সামূহিক বন সম্পদ সুৰক্ষা, সংৰক্ষণ আৰু পৰিচালনাৰ বিধিগত অধিকাৰ প্ৰত্যক্ষভাৱে উলংঘা কৰে।

জনজাতীয় পৰিক্ৰমা মন্ত্ৰালয়ে কয় যে আৰু আগবাঢ়ি যোৱাৰ পূৰ্বে জনজাতীয় জনগোষ্ঠীৰ অধিকাৰ নিষ্পত্তি কৰিব লাগে আৰু ব্যক্তিগত অংশগ্ৰহণৰ অনুমতি গাঁওসভাই “নিজৰ বনাঞ্চল পৰিচালনাৰ ক্ষেত্ৰত ব্যক্তিগত খণ্ডক জড়িত কৰা”ৰ বাবে সন্মতি দিয়াৰ পিছতহে অনুমতি দিব লাগে।

'দ্য ৰিপৰ্টাৰছ কালেকটিভ’ৰ অনুসন্ধানমূলক প্ৰতিবেদনৰ প্ৰথম খণ্ডত লিখাৰ দৰে ২০১৬ চনত পৰিৱেশ মন্ত্ৰালয়েও বন নীতিৰ খচৰা প্ৰস্তুত কৰিছিল, যিটো জনজাতীয় আৰু বননিৰ্ভৰশীল সম্প্ৰদায়ৰ বিনিময়ত ব্যক্তিগত উদ্যোগক অনুকূল কৰি তোলাৰ বাবে সমালোচনাৰ সন্মুখীন হোৱাৰ পিছত প্ৰত্যাহাৰ কৰিবলগীয়া হৈছিল।

পৰৱৰ্তী সময়ত কেন্দ্ৰীয় চৰকাৰে সংসদক আশ্বাস দিয়ে যে তেওঁলোকৰ বন নীতিৰ নতুন নীতি হ’ব। ২০১৮ চনত আন এক খচৰা প্ৰস্তুত কৰি ৰাজহুৱা ডমেইনত ৰখা হয়। কিন্তু ইও ইয়াৰ পূৰ্বৰ নীতিকেই প্ৰতিফলিত কৰিছিল, কাঠ উদ্যানৰ দৰে বনজ কাৰ্য্যকলাপত ব্যক্তিগত অংশীদাৰিত্বৰ অনুমতি দিয়াৰ লগতে সংৰক্ষণ আৰু বনাঞ্চলৰ ওপৰত নিৰ্ভৰশীল সম্প্ৰদায়সমূহক ম্লান কৰি পেলোৱাত গুৰুত্ব আৰোপ কৰিছিল। ইয়াত যুক্তি দিয়া হৈছিল যে কাঠৰ চাহিদা বৃদ্ধি পাইছে, যাৰ ফলত আমদানি বৃদ্ধি পাইছে।

এই কথা সঁচা। ভাৰতৰ কাঠৰ আমদানি বৃদ্ধি পাই আহিছে। কিন্তু, আন্তঃৰাষ্ট্ৰীয় ক্ৰান্তীয় কাঠ সংস্থাৰ তথ্যভিত্তিক প্ৰতিবেদন অনুসৰি ২০০৯ চনৰ পৰা ২০১৯ চনৰ ভিতৰত ভাৰতৰ গড় বাৰ্ষিক কাঠ উৎপাদনশীলতা আছিল প্ৰায় ৪.৬ কোটি ঘনমিটাৰ। ইয়াৰে প্ৰায় ৪৪ নিযুত ঘনমিটাৰ বা ৯৫ শতাংশ হাবি বা কাঠৰ উদ্যানৰ বাহিৰৰ গছৰ পৰা আহিছিল। ইয়াৰ বিপৰীতে চৰকাৰে ২০১৮ চনৰ বন নীতিৰ খচৰাত উল্লেখ কৰিছে যে “বনভিত্তিক উদ্যোগ খণ্ডত বৃদ্ধিৰ বাবে উদ্দীপিত” কৰাৰ প্ৰয়োজনীয়তা আছে আৰু “বন নিগম আৰু উদ্যোগ গোটসমূহে ঔদ্যোগিক বাগিচাসমূহৰ বৃদ্ধি বৃদ্ধি কৰাৰ প্ৰয়োজন আছে যাতে কেঁচামালৰ চাহিদা বৃদ্ধি পায়”। প্ৰতিবেদনত কোৱা হৈছে যে কাঠৰ ব্যৱহাৰক উৎসাহিত কৰিবলৈ বনাঞ্চলৰ উৎপাদনশীলতা বৃদ্ধি কৰিব লাগিব যাতে “অন্য উচ্চ কাৰ্বন ফুটপ্ৰিণ্ট কাঠৰ বিকল্পৰ ওপৰত নিৰ্ভৰশীলতা হ্ৰাস পায়”।

কাঠ উদ্যোগক অগ্ৰাধিকাৰ দিয়া এই খচৰাখনেও বন অধিকাৰ আইন (এফ আৰ এ)ৰ অধীনত মানুহৰ অধিকাৰৰ ক্ষতিসাধন কৰাৰ আশংকা প্ৰকট কৰিছিল।

বন শাসনৰ ওপৰত কাম কৰা স্বতন্ত্ৰ গৱেষক তুষাৰ দশে কয় যে, ‘২০১৮ চনৰ বন নীতিৰ খচৰাৰ তীব্ৰ বিৰোধিতা কেৱল নাগৰিক সমাজৰ গোটেই নহয়, বৰং জনজাতীয় পৰিক্ৰমা মন্ত্ৰালয়েও জনজাতীয় অধিকাৰক আওকাণ কৰি বন উৎপাদনশীলতা বৃদ্ধিৰ নামত ব্যক্তিগত স্বাৰ্থক অনুকূল কৰি তোলা আৰু সামূহিক বন অধিকাৰ খৰ্ব কৰাৰ বাবে খচৰাখনৰ বিৰোধিতা কৰিছিল।

খচৰাখনৰ প্ৰতি সঁহাৰি জনাই জনজাতীয় মন্ত্ৰালয়ে কয় যে “নীতিখনত বিশদভাৱে উল্লেখ কৰা বনানীকৰণ আৰু কৃষি বনানীকৰণৰ বাবে ৰাজহুৱা ব্যক্তিগত অংশীদাৰিত্বৰ আৰ্হিসমূহে এফ আৰ এৰ অধীনত জনজাতীয় আৰু বনবাসীৰ আইনী অধিকাৰ থকা অঞ্চলসমূহ মুকলি কৰে।”

আনকি এই ৰাষ্ট্ৰীয় বন নীতিৰ খচৰাও ক’তো আলোচনা কৰা হোৱা নাছিল। কিন্তু চৰকাৰে সংসদৰ নিৰীক্ষণ অবিহনেই ২০১৫ চনৰ পৰা প্ৰণয়ন কৰিবলৈ সংগ্ৰাম কৰি অহা উদ্যোগ-বন্ধুত্বপূৰ্ণ পৰিৱৰ্তনসমূহ নিয়ম সলনি কৰি আৰু কাৰ্যবাহী আদেশ জাৰি কৰি বলৱৎ কৰে।

২০১৯ চনৰ জুলাই মাহত পৰিৱেশ মন্ত্ৰালয়ে স্থানীয় বন বিভাগ, সুপৰিচিত এন জি অ’ আৰু ব্যক্তিগত সত্তাৰ মাজত হোৱা ত্ৰিপাক্ষিক চুক্তিৰ জৰিয়তে অৱক্ষয় ঘটা বনাঞ্চলত বাণিজ্যিক উদ্যান স্থাপনৰ অনুমতিৰ নিৰ্দেশনাত অনুমোদন জনায়। যোৱা বছৰৰ জুলাই মাহত ১৯৮০ চনৰ বন সংৰক্ষণ আইনখনৰ অধীনতো নিয়ম সলনি কৰি চৰকাৰে জনজাতীয় আৰু বনাঞ্চলবাসী সম্প্ৰদায়ৰ সন্মতি লোৱাৰ পূৰ্বে বনভূমি ব্যক্তিগত উন্নয়নকাৰীক গতাই দিব পৰাৰ আইন প্ৰযোজ্য কৰে। অৱশেষত ২০২৩ চনত বন সংৰক্ষণ আইনখন সংশোধন কৰি বাণিজ্যিক ৰোপণকাৰীৰ প্ৰৱেশৰ বাবে এক শক্তিশালী আইনী কাঠামো প্ৰদান কৰা হয়।

সংশোধিত বন সংৰক্ষণ আইন

২০১৬ আৰু ২০১৮ চনৰ ৰাষ্ট্ৰীয় বন নীতিৰ খচৰা দুয়োখনতে ব্যক্তিগত উদ্যোগীসকলে কাঠ খেতি আৰু অন্যান্য বাণিজ্যিক উদ্দেশ্যৰ বাবে বনাঞ্চলত প্ৰৱেশ কৰাত সহজ কৰি তুলিবলৈ চেষ্টা কৰা হৈছিল। ব্যক্তিগত উদ্যোগীৰ বাবে ৰঙা দলিচা পাৰি দিবলৈ পৰিৱেশ মন্ত্ৰালয়ে বনাঞ্চল আৰু বননিৰ্ভৰশীল লোকসকলৰ পৰম্পৰাগত বনাঞ্চলৰ ওপৰত আইনী অধিকাৰ সুৰক্ষিত কৰাৰ বাবে আইনসমূহৰ জৰিয়তে প্ৰচেষ্টা চলাইছিল।

১৯৮৮ চনৰ প্ৰচলিত বন নীতিত কোৱা হৈছিল যে বনভিত্তিক উদ্যোগে নিজাববীয়াকৈ “নিজৰ প্ৰয়োজনীয়তা পূৰণৰ বাবে প্ৰয়োজনীয় কেঁচামাল” উত্থাপন কৰিব লাগে আৰু ঋণ, কাৰিকৰী পৰামৰ্শ আৰু পৰিবহণ সেৱাৰ দৰে বিয়বোৰৰ সৈতে তেওঁলোকৰ বাবে কেঁচামাল বৃদ্ধিত সমৰ্থন কৰিব লাগে।

বন সংৰক্ষণ আইনতো এই কথা উল্লেখ কৰা হৈছিল। বন আইন অনুসৰি কোনো বনভূমি যদি কোনো ব্যক্তিগত খণ্ড বা কোম্পানীক লিজত দিয়া হয়, তেন্তে তেওঁলোকে প্ৰথমে কেন্দ্ৰীয় চৰকাৰৰ পৰা সেই বনাঞ্চলখন ব্যৱহাৰ কৰিবলৈ ক্লিয়াৰেন্স ল’ব লাগিব। এই অনুমোদনে অৰণ্যৰ ক্ষতি কম কৰিবলৈ, কাটিবলগীয়া গছৰ ক্ষতিপূৰণ (যাক নিকা বৰ্তমান মূল্য বুলি কোৱা হয়) দিয়াৰ লগতে সমান মাটিত নতুন গছ ৰোপণৰ বাবে কঠোৰ চৰ্ত প্ৰদান কৰিছিল।

কিন্তু সংশোধিত বন (সংৰক্ষণ) আইনখনে এতিয়া কেন্দ্রই ভৱিষ্যতে লিখা আদেশ অনুসৰি বনাঞ্চলৰ মাটি ব্যক্তিগত উদ্যোগীক লিজত দিয়াৰ অনুমতি দিছে৷ এই আদেশসমূহৰ বাবে সংসদৰ অনুমোদনৰ প্ৰয়োজন নহ’ব৷ খিলঞ্জীয়া জনগোষ্ঠী আৰু জনজাতীয় আৰু বনবাসী সম্প্ৰদায়ৰ অধিকাৰৰ ওপৰত কাম কৰি থকা উচ্চতম ন্যায়ালয়ৰ অধিবক্তা সুমনা খান্নাই কয়, ‘সংশোধিত আইনখনে সংসদীয় তদাৰকীৰ বাবে কোনো স্থান এৰি দিয়া নাই। কেন্দ্রীয় চৰকাৰে বনাঞ্চলৰ মাটি কেনেকৈ ব্যক্তিগত সংস্থাক লিজত দিয়া হ’ব, বন সংৰক্ষণ আইনৰ ২ নং ধাৰাত পূৰ্ব অনুমোদনৰ প্রয়োজন নথকা বন-উদ্দেশ্য হ’ব আৰু আনকি নিৰ্দেশনাও জাৰি কৰিব পাৰে৷” 

সংশোধিত আইনখনে ব্যক্তিগত সত্তাক লিজত দিয়া বনাঞ্চলত থকা এই কাঠ আৰু অন্যান্য উদ্যানসমূহক বনজ কাৰ্য্যকলাপ হিচাপে পঞ্জীয়ন কৰে, যাৰ ফলত ফলপ্ৰসূভাৱে ইয়াক সংৰক্ষণ আইনখনৰ পৰিসৰৰ বাহিৰত ৰখা হয়। ‘যদি কোনো বনাঞ্চলৰ মাটি বনাঞ্চলৰ কামত ব্যৱহাৰ কৰা হৈছে, তেন্তে কেন্দ্ৰীয় চৰকাৰৰ ‘নিৰ্দেশনা’ মানি চলিলেই ব্যক্তিগত কোম্পানীক লিজত দিব পাৰি আৰু সেই নিৰ্দেশনা কি হ’ব আমি নাজানো। সংশোধিত আইনখনত এই বিধানৰ ক্ষমতাৰ প্ৰতিনিধিত্ব কেনেকৈ ব্যৱহাৰ কৰিব লাগে তাৰ কোনো নিৰ্দেশনা নাই, যাৰ ফলত সকলো ধৰণৰ স্বেচ্ছাচাৰী হ’ব পাৰে।’-খান্নাই কয়।

সংশোধিত বন আইনখনৰ জৰিয়তে কাৰ্যকৰী কৰা অন্যান্য পৰিৱৰ্তনসমূহো ২০১৮ চনৰ বন নীতিৰ খচৰাৰ অংশ আছিল যিবোৰ বাদ দিয়া হৈছিল। বন্যপ্ৰাণী ব্যৱস্থাপনাৰ শিতানত আন এটা কাৰ্য্যকলাপ যিটোৰ বাবে বনাঞ্চল ব্যৱহাৰ কৰিবলৈ কেন্দ্ৰীয় অনুমোদনৰ প্ৰয়োজন নাছিল সেয়া হৈছে ২০১৮ চনৰ খচৰাত সন্নিৱিষ্ট কৰা “পৰিৱেশ পৰ্যটনৰ আৰ্হি” আৰু প্ৰাণীবিজ্ঞান উদ্যান। নতুন পৰিৱৰ্তনৰ লগে লগে চিৰিয়াখানা, ছাফাৰী আৰু পৰিৱেশ পৰ্যটনৰ সুবিধাসমূহো বন সংৰক্ষণ আইনখনৰ পৰিসৰৰ পৰা বাহিৰ কৰি দিয়া হৈছে।

(চৰকাৰে বনাঞ্চলৰ আইনী সংজ্ঞা সলনি কৰি ব্যক্তিগত উদ্যান আৰু বিশাল অঞ্চল সংৰক্ষণ আইনৰ পৰিসৰৰ বাহিৰত ৰাখিলে। 'দ্য ৰিপৰ্টাৰ্ছ কালেকটিভ’ৰ পৰৱৰ্তী খণ্ডত কেনেকৈ বনাঞ্চলৰ সংজ্ঞা সলনি হৈছে আৰু ভাৰতৰ বনাঞ্চলৰ আৱৰণ নিৰ্ণয় কৰাত চৰকাৰৰ বিতৰ্কিত ভূমিকা উন্মোচন কৰা হ’ব।)


The Reporters' Collective-ৰ এই প্ৰতিবেদন assamtimes.org ৰ সহযোগত প্ৰকাশ কৰা হৈছে The Reporters' Collective-ত প্ৰকাশিত তপস্য আৰু নীতিন ছেঠীৰ প্ৰতিবেদন A hollow assurance: How Modi govt turned its back on forest conservationৰ দ্বিতীয় খণ্ড NNOৰ বাবে অনুবাদ কৰিছে পংকজ তৰুণে।