জয়পুৰঃ গোমাংসৰ অবৈধ ব্যৱসায় উৎখাত কৰাৰ বাবে ঝাৰখণ্ড, উত্তৰপ্ৰদেশৰ পিছত এইবাৰ পাল পৰিছে আন চাৰিখন ৰাজ্যৰ। বিজেপি শাসিত চৰকাৰখনে গোমাংসৰ অবৈধ ব্যৱসায় নিষিদ্ধ কৰাৰ বাবে উপৰোক্ত ৰাজ্য দুখনত চলোৱা মাৰাথন অভিযানৰ পিছতে এইবাৰ বিশেষ অভিযান চলিব ৰাজস্থান, উত্তৰাখণ্ড, ছত্তীশগড় আৰু মধ্যপ্ৰদেশত৷ 

৭২ ঘন্টাৰ ভিতৰত এই নিয়ম কাৰ্যকৰী কৰিবলৈ ঝাৰখণ্ড চৰকাৰক নিৰ্দেশ দিয়াৰ পিছতে আজি আন এক সিদ্ধান্তই কেউখন ৰাজ্যত খলকনি তুলিছে৷ 

জয়পুৰ প্ৰশাসনে দিয়া নিৰ্দেশমৰ্মে এপ্ৰিলৰ ১ তাৰিখৰপৰাই বন্ধ হ’ব অবৈধ কচাইখানা৷ ৪ হাজাৰ দোকানৰ ওপৰত চলাবলগা এই অভিযানৰ পূৰ্বে অনু্জ্ঞাপত্ৰ নৱীকৰণ কৰিবলৈ নিৰ্দেশ দিয়া হৈছে বৈধতা উকলি যোৱা কচাইখানাসমুহক৷