নগাঁওঃ শিক্ষক শব্দটোকেই পবিত্ৰ বুলি গণ্য কৰে একো একো খন সমাজে৷ শিক্ষকক সমাজৰ সবাতোকৈ উচ্চ আসন খন দিয়ে সমাজ খনে৷ শিক্ষক হৈছে এখন সমাজৰ মেৰুদণ্ড স্বৰূপ৷ কিন্তু একাংশ শিক্ষকৰ কৰ্ম-কাণ্ডই সমগ্ৰ শিক্ষক সমাজকে লজ্জিত কৰি আহিছে৷ নগাঁও জিলাত এগৰাকী শিক্ষকে দুগৰাকী ছাত্ৰক প্ৰহাৰ কৰাৰ ঘটনাৰ চাঞ্চল্য সৃষ্টি কৰাৰ সময়তে এইবাৰ মহাবিদ্যালয়ৰ শিক্ষকৰ বিৰুদ্ধে উত্থাপন হৈছে লাখ লাখ টকা আত্মাসাৎ কৰাৰ অভিযোগ উত্থাপন হৈছে৷

একাংশ শিক্ষকে শিক্ষকতাৰ দৰে পবিত্ৰ বৃত্তিত জৰিত থাকি ধন লুন্ঠন কৰাৰ গুৰুতৰ অভিযোগৰ সময়তে নগাঁও জিলাৰ পশ্চিম প্ৰান্তৰ এক অগ্ৰণী শিক্ষানুষ্ঠান কটহগুৰি কনিষ্ঠ মহাবিদ্যালয়ত লাখ লাখ টকা আত্মাসাৎ কৰাৰ অভিযোগ উত্থাপন হৈছে ভাৰপ্ৰাপ্ত অধ্যক্ষৰ বিৰুদ্ধে। কটহগুৰি কনিষ্ঠ মহাবিদ্যালয়ৰ পৰিচালনা সমিতিয়ে তদন্ত কৰি সমস্ত দুৰ্নীতিৰ তথ্য পোহৰলৈ আনে৷

জানিব পৰা মতে, বিগত বৰ্ষৰ ১ ডিচেম্বৰত মহাবিদ্যালয়খনৰ পৰিচালনা সমিতিৰ বৈঠকৰ অনুষ্ঠিত হয়৷ বৈঠকত পৰিচালনা সমিতিয়ে নিয়োগ কৰা হিচাৰ পৰীক্ষক নজৰুল ইছলাম আৰু আবুল হাচেন মিৰৰ্দাই দাখিল কৰে মহাবিদ্যালয় খনৰ বিভিন্ন শিতানত সংগৃহীত ধন আৰু ব্যয়ৰ বিতং তথ্য৷ প্ৰতিবেদন দাখিল কৰাৰ পিছতেই মহাবিদ্যালয় খনৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ ৰুস্তম আলীৰ বিৰুদ্ধে লাখ লাখ টকা আত্মসাৎ কৰাৰ অভিযোগ পোহৰলৈ আহে বুলি একাংশ লোকে সাংবাদিকক অৱগত কৰে৷

ভাৰপ্ৰাপ্ত অধ্যক্ষ ৰুস্তম আলীৰ বিৰুদ্ধে উত্থাপিত অভিযোগ মতে, দুখীয়া ছাত্ৰ-ছাত্ৰীৰ নামভৰ্তিৰ মাচুলৰ বাবদ অসম চৰকাৰে DSE LETTER NO.PC/SCE/118/2016/93ৰ এক পত্ৰ যোগে কটহগুৰি মহাবিদ্যালয়ক ১৯১২০০ টকা প্ৰদান কৰে যদিও ভাৰপ্ৰাপ্ত অধ্যক্ষ জনে বিগত বৰ্ষৰ ৩১ মাৰ্চৰ 11865082229 নম্বৰৰ SBI-ৰ একাউন্ট পৰা টকা খিনি উঠাই আনি মহাবিদ্যালয়ৰ কৰ্মচাৰীক দৰমহা দিয়া বুলি দেখুৱাই।

সাধাৰণ পুঁজিৰ পৰা 11865082229 নম্বৰৰ SBI-ৰ একাউন্টৰ পৰা তিনিটা কিস্তিত মুঠ ২১৪০৯৫ টকা চৰকাৰী আয় কৰ হিচাপে দেখুৱাই যদিও কলেজৰ সাধাৰণ পূঁজিৰ পৰা ব্যক্তিগত আয় কৰ দিয়াহে দেখুৱা তথ্য পোহৰলৈ আহে। আনকি ২০১৬ বৰ্ষৰ জানুৱাৰী মাহত অধ্যক্ষ জনে দিয়া কেছবুক মতে খৰচ ১২৩০৫ টকা, কিন্ত অধ্যক্ষ জনে সধাৰণ পূঁজিৰ 11865082229 নম্বৰৰ SBI-ৰ একাউন্টৰ পৰা মুঠ ২৫৫০০০ টকা উঠাই। প্ৰতিবেদন খনত প্ৰকাশ কৰা মতে, বিভিন্ন শিতানত সৰ্বমুঠ  ১১,০৭১২৯ টকা আত্মসাৎ কৰা বুলি অনুমান কৰা হৈছে৷

এই তথ্য পোহৰলৈ অহাৰ পিছত শিক্ষা সঞ্চালকক এক ন্যায়িক তদন্ত দাবী কৰি লিখিত অভিযোগ দাখিল কৰিছিল মহাবিদ্যালয়ৰ পৰিচালনা সমিতিয়ে। চলিত বৰ্ষৰ ১৩ ফেব্ৰুৱাৰীত মাধ্যমিক শিক্ষা সঞ্চালকে উক্ত বিষয়ৰ এক উচ্চ পৰ্যায়ৰ তদন্ত কৰিবলৈ এম এইচ লস্কৰ আৰু দেৱজিৎ বৰাকলৈ দুজনীয়া সদস্যৰে এখন সমিতি গঠন কৰে।

সেই মৰ্মে, এম এইচ লস্কৰ আৰু দেৱজিৎ বৰা বৃহস্পতিবাৰে উপস্থিত হৈছিল মহাবিদ্যালয়খনত। অভিযোগৰ তথ্য বিতং ভাৱে পৰীক্ষা নিৰীক্ষা কৰে দুয়োগাৰকী বিষয়াই। পৰিচালনা সমিতিয়ে দিয়া অভিযোগ অনুসৰি, ভাৰপ্ৰাপ্ত অধ্যক্ষ জনে শিক্ষা বিভাগৰ নীতি নিয়ম উলংঘা কৰি যোৱা ৬টা বছৰত এদিনো বুৰঞ্জী বিষয়ত পাঠদান কৰা নাই যদিও তেওঁ উক্ত বিষয়ৰ প্ৰৱক্তা।

পৰিচালনা সমিতিক অৱমাননা কৰা, কৰ্মচাৰীৰ উপস্থিতত বুজাবুজি কৰা, কৰ্মচাৰী নিয়ন্ত্ৰণত চৰম ব্যৰ্থ হোৱাৰ অভিযোগ উত্থাপন কৰে। দুৰ্নীতিৰ ক্ষেত্ৰত আপোচ নকৰা, স্বচ্ছতাৰে সকলো বিভাগ নিকা কৰিব বিচৰা মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, শিক্ষা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, স্থানীয় বিধায়িকা আঙুৰলতা ডেকা, মাধ্যমিক শিক্ষা সঞ্চালকে উক্ত বিষয়ক গুৰুত্ব দি তদন্ত কৰি দোষীক শাস্তি প্ৰদানৰ দাবী জনাই স্থানীয় ৰাইজে৷