৫ দিন ধৰাৰ বুকুত কটাই অৱশেষত বিদায় মাগিলে শক্তিৰ অধিষ্ঠাত্ৰী দেৱী মা দুৰ্গাই। ষষ্ঠীত প্ৰতিষ্ঠা কৰাৰ পিছত ২৪ অক্টোবৰ অৰ্থাৎ দশমীৰ দিনাখন ধুমধামেৰে বিসৰ্জন দিয়া হয় দেৱী দুৰ্গাৰ প্ৰতিমা। ইয়াৰ লগে লগে অন্ত পৰে দেশৰ কোটি কোটি হিন্দুৰ বছৰযোৰা প্ৰত্যাশাৰ। আৰু এটা নতুন বছৰত দেৱীক ন-ৰূপত আদৰিবলৈ এতিয়া মাথো সকলোৰে মনত অধীৰ অপেক্ষা।

মূলতঃ পশ্চিম বংগ, বিহাৰ, অসম, ওড়িশা, ত্ৰিপুৰা, ঝাৰখণ্ড আৰু উত্তৰ প্ৰদেশৰ পূব প্ৰান্তত অতি উলহ মালহেৰে আয়োজন কৰা হয় মা দুৰ্গাৰ পূজা। ইয়াৰোপৰি বাংলাদেশ, শ্ৰীলংকা আৰু নেপালতো কৰা হয় দেৱী দুৰ্গাৰ পূজা-অৰ্চনা। অক্টোবৰ মাহত আয়োজন কৰা এই পৰম্পৰাগত উত্সৱক লৈ বছৰজোৰা প্ৰতীক্ষা চলে হিন্দু ধৰ্মাৱলম্বী লোকৰ মাজত।

দশমীৰ দিনা খাল, বিল, নদীত মা দুৰ্গাৰ প্ৰতিমা বিসৰ্জন দি প্ৰতীকাত্মকভাৱে ধৰাৰ পৰা বিদায় জনোৱা হয় দেৱীক। অতি উলহ-মালহেৰে দেৱীক বিদায় জনোৱাৰ সেই সময়ত ভক্তৰ চকুত ধৰা দিয়ে বিষাদ-আনন্দৰ এক সানমিহলি অনুভূতি। 

কিন্তু খাল, বিল, নদীত দেৱীৰ প্ৰতিমা ধুমধামেৰে বিসৰ্জনে বছৰ বছৰ ধৰি সৃষ্টি কৰি আহিছে এক শীতল বিতৰ্কৰ। প্ৰকৃতিপ্ৰেমী তথা পৰিৱেশবিদসকলে দাবী কৰা মতে, নদী, বিল আদিত প্ৰতিমা বিসৰ্জনৰ ফলত পানী প্ৰদূষণ, পৰিৱেশ প্ৰদূষণ বৃদ্ধি পাই আহিছে। কেৱল দুৰ্গা পূজাৰ সময়তে নহয়, গণেশ চতুৰ্থী আৰু হিন্দু ধৰ্মাৱলম্বীসকলে আয়োজন কৰা অন্য মূৰ্তি পূজাৰ সময়তো প্ৰতিমা বিসৰ্জনৰ পিছৰ সময়ছোৱাত নদী, বিল আদিত প্ৰদূষণৰ মাত্ৰা বৃদ্ধি পোৱাৰ লগতে পৰিৱেশৰ ওপৰতো ঋণাত্মক প্ৰভাৱ পেলাই অহাৰ অভিযোগ উত্থাপন হৈ আহিছে।  

অসমত দুৰ্গা পূজা উদযাপন

অসমত অতি উলহ মালহেৰে আয়োজন কৰা উত্সৱসমূহৰ ভিতৰত আছে শাৰদীয় দুৰ্গোত্সৱো। শৰতৰ শেৱালি ফুলা বতৰত অনুষ্ঠিত হোৱা দুৰ্গা পূজাত উবুৰি খাই পৰে ৰাজ্যখনৰ প্ৰতিগৰাকী লোক। অকল হিন্দুৱেই নহয়, মুছলমান আৰু অন্য ধৰ্মাৱলম্বীসকলৰ বাবেও শাৰদীয় দুৰ্গা পূজা যুগ যুগ ধৰি এক গুৰুত্বপূৰ্ণ উত্সৱ হৈ আহিছে। প্ৰতি বছৰে ৰাজ্যৰ বিভিন্ন প্ৰান্তত পেণ্ডেল সাজি উলহ-মালহেৰে কৰা হয় শক্তিৰ দেৱী মা দুৰ্গাৰ আৰাধনা।

ৰাজ্যত অনুষ্ঠিত হোৱা দুৰ্গা পূজাৰ সংখ্যাৰ নিৰ্দিষ্ট তথ্য নাথাকিলেও সংবাদ মাধ্যমৰ মতে, অসমৰ ইমূৰৰ পৰা সিমূৰলৈ কেইবা হাজাৰ দুৰ্গা পূজা এইবাৰ অনুষ্ঠিত হৈছে। পৰম্পৰাগত আৰ্হিৰ পৰা আধুনিকতাৰ পৰশ সানি আটক ধুনীয়াকৈ সজাই তোলা হৈছিল দুৰ্গা পূজাৰ পেণ্ডেলসমূহ। ষষ্ঠীৰ পৰা দশমীলৈকে দেৱীৰ আৰাধনাৰ উপৰিও বিভিন্ন কাৰ্যসূচীৰে আয়োজন কৰা হৈছিল এই পূজাসমূহ। বহু পূজা পেণ্ডেললৈ আমন্ত্ৰণ জনোৱা হৈছিল নামী-দামী শিল্পী তথা কলা-কুশলীক।  

মহানগৰ যানবাহন আৰক্ষীৰ তথ্য অনুসৰি এইবাৰ গুৱাহাটীতে অনুষ্ঠিত হৈছিল প্ৰায় ৫০০ খন সৰু-বৰ দুৰ্গা পূজা। পূজাসমূহ সুচাৰুৰূপে অনুষ্ঠিতকৰণৰ বাবে কেতবোৰ নিৰ্দেশনাও বান্ধি দিয়া হৈছিল প্ৰশাসনৰ তৰফৰ পৰা। ইয়াৰোপৰিও দুৰ্গা পূজাৰ সময়ত চান্দা সংস্কৃতি বন্ধ কৰাৰ উদ্দেশ্যে প্ৰতিখন যোগ্য পূজা সমিতিক ১০ হাজাৰ টকাকৈ আৰ্থিক সাহায্য প্ৰদানৰ ঘোষণা কৰিছিল ৰাজ্য চৰকাৰে। পূজা পেণ্ডেলসমূহত অপ্ৰীতিকৰ পৰিস্থিতি ৰোধ কৰাৰ লগতে চাফ-চিকুণতা বৰ্তাই ৰখাৰ উদ্দেশ্যে সমিতিসমূহক প্ৰদান কৰা হৈছিল কঠোৰ নিৰ্দেশনা।

বিসৰ্জনক লৈ কেবিনেটৰ বিশেষ সিদ্ধান্ত

২০ অক্টোবৰ, ২০২৩ত ষষ্ঠীৰ দিনা পূজা মণ্ডপত দেৱী দুৰ্গাৰ প্ৰতিমা স্থাপন কৰি চাৰিদিন মহা ধুমধামেৰে দেৱীৰ আৰধনা কৰাৰ পিছত ২৪ অক্টোবৰ, ২০২৩ৰ দশমীৰ দিনাখন দেৱীৰ প্ৰতিমা বিসৰ্জন দি প্ৰতীকাত্মকভাৱে ধৰাৰ পৰা বিদায় জনোৱা হয় মা দুৰ্গাক। সেই দিনটোত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ নৈৰ ঘাটত দেৱীক বিসৰ্জনৰ বাবে ভিৰ কৰে অগণন ভক্তই। নৃত্য-গীতেৰে পৰিৱেশ জীপাল কৰি বিদায় জনোৱা হয় দেৱীক।

দুৰ্গা পূজা আয়োজন আৰু প্ৰতিমা নিৰ্মাণ তথা বিসৰ্জনক লৈ ২০২৩ চনৰ ২৪ জুনত অনুষ্ঠিত কেবিনেট বৈঠকতে কেতবোৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল অসম চৰকাৰে। কেবিনেটৰ সেই সিদ্ধান্ত অনুসৰি, প্ৰতিমা নিৰ্মাণত কৃত্ৰিম ৰঙৰ ব্যৱহাৰত সম্পূৰ্ণৰূপে নিষেধাজ্ঞা আৰোপ কৰা হৈছিল। মন্ত্ৰীসভাই প্ৰতিমা নিৰ্মাণত প্লাষ্টাৰ অৱ পেৰিছ (পিঅ’পি) আৰু অন্যান্য ক্ষতিকাৰক উপাদান, যেনে ৰাসায়নিক পদাৰ্থ, বিষাক্ত ৰঙৰ ব্যৱহাৰ হ্ৰাস কৰাৰ বাবেও পদক্ষেপ গ্ৰহণৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল। তদুপৰি মূৰ্তি বিসৰ্জনৰ সন্দৰ্ভত বিহিত ব্যৱস্থা গ্ৰহণ কৰি নদীৰ পানীৰ গুণাগুণ উন্নত হোৱাতো নিশ্চিত কৰা হ’ব বুলিও ঘোষণা কৰিছিল কেবিনেটে।

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন অসম কেবিনেটে ২৪ জুনত অনুষ্ঠিত বৈঠকত গ্ৰহণ কৰা সিদ্ধান্তৰ পিছতে ঘোষণা কৰিছিল যে সুৰক্ষিত প্ৰসাৰতা থকা নদীৰ পাৰৰ নিৰ্দিষ্ট আৰু স্থায়ী বিসৰ্জন ঘাট চিনাক্ত কৰা হ’ব। আনহাতে, নদীৰ ঘাটৰ খহনীয়া ৰোধ কৰিবলৈ বেৰিকেড স্থাপন কৰা হব। ইয়াৰোপৰি, জলসম্পদ বিভাগে মূৰ্তি বিসৰ্জনৰ বাবে ৰেম্প নিৰ্মাণ কৰিব। মূৰ্তি বিসৰ্জনৰ বাবে নদীৰ পাৰত মাটিৰ বান্ধ দি অস্থায়ী পুখুৰী নিৰ্মাণ কৰা হব বুলিও সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল কেবিনেটৰ বৈঠকত।

দুৰ্গা পূজাৰ পিছত দেৱীৰ প্ৰতিমা বিসৰ্জনৰ বাবে কামৰূপ (মঃ) জিলা প্ৰশাসনে গুৱাহাটীত ব্ৰহ্মপুত্ৰ নদীৰ দুটা ঘাট নিৰ্দিষ্ট কৰি দিছিল। সেই দুটা ঘাট হৈছে ফাঁচী বজাৰৰ কাছমাৰী আভ্যন্তৰীণ জল পৰিবহণ ঘাট আৰু পাণ্ডু পোৰ্ট। কামৰূপ মহানগৰ জিলাৰ জনসংযোগ বিষয়া চিদানন্দ শইকীয়াই জানিবলৈ দিয়া মতে, গুৱাহাটীত আয়োজিত দুৰ্গা পূজাৰ ১১০ খন পূজা সমিতিয়ে ২৫ অক্টোবৰৰ সন্ধিয়া ৬ বজালৈকে কাছমাৰী ঘাটত আৰু ১৭ খন পূজা সমিতিয়ে পাণ্ডু ঘাটত প্ৰতিমা বিসৰ্জন কৰে। প্ৰতিমা বিসৰ্জনৰ এই প্ৰক্ৰিয়া সেইদিনা নিশা ১১ বজালৈকে চলি আছিল বুলি জানিবলৈ দিয়ে শইকীয়াই।


উৎসঃ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ফেচবুক পেজ

পালন হ’ল নে কেবিনেটৰ সিদ্ধান্ত?

দুৰ্গা পূজাৰ প্ৰতিমা বিসৰ্জনক লৈ অসম চৰকাৰে কেবিনেটত সিদ্ধান্ত গ্ৰহণ কৰিলেও সময়ত সেই সিদ্ধান্ত সঠিকভাৱে পালন নকৰাৰ অভিযোগ উত্থাপন হৈছে। ইতিমধ্যে সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে দশমীৰ বিসৰ্জনৰ পিছত ব্ৰহ্মপুত্ৰ নদীৰ কদৰ্যময় ৰূপ। ষষ্ঠীৰ সন্ধ্যা মণ্ডপত প্ৰতিষ্ঠা কৰি পূজা-অৰ্চনা কৰা দেৱীৰ শ শ প্ৰতিমা এতিয়া উপঙি ৰৈছে নৈৰ বুকুত। পাণ্ডুঘাটত বহু প্ৰতিমা লুইতৰ বালিচৰত আৱদ্ধ হৈ পৰাৰ বাতৰিয়েও বহুতকে হতচকিত কৰি তুলিছে। অভিযোগ উঠিছে, এই প্ৰতিমাসমূহ নদীৰ পৰা উঠাই অনাৰ বাবে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই প্ৰশাসনে। যাৰ বাবে পৰিত্যক্ত হৈ পৰা প্ৰতিমাসমূহে এতিয়া ব্ৰহ্মপুত্ৰৰ সৌন্দৰ্য্য ম্লান কৰি তোলাৰ লগতে নৈখনৰ পানীও প্ৰদূষিত কৰিছে। 

লখিমপুৰৰ ৰঙা নদীৰো একেই কদৰ্যময় ৰূপে এতিয়া সামাজিক মাধ্যমত লাভ কৰিছে চৰ্চা। ৰাজ্যৰ আন আন নদীসমূহতো প্ৰতিমা বিসৰ্জনৰ পিছত দেখা পোৱা দৃশ্যই উদ্বিগ্ন কৰি তুলিছে প্ৰকৃতিপ্ৰেমীসকলক। প্ৰতিমাসমূহ নিৰ্মাণত ব্যৱহাৰ কৰা ৰাসায়নিক পদাৰ্থ, কৃত্ৰিম ৰং আদিয়ে এতিয়া নৈৰ পানী প্ৰদূষিত কৰাৰ লগতে পৰিৱেশৰ ওপৰত ঋণাত্মক প্ৰভাৱ পেলোৱাৰো অভিযোগ উত্থাপন হৈছে।


পাণ্ডুত বালিচৰত আৱদ্ধ বহু প্ৰতিমা, প্ৰাগ নিউজৰ সম্প্ৰচাৰৰ স্ক্ৰীণশ্বট

কি পৃথক পশ্চিম বংগত দেৱীৰ বিসৰ্জন?

দেশৰ ভিতৰতে সৰ্বাধিক দুৰ্গা পূজাৰ আয়োজন কৰা ৰাজ্যখনেই হৈছে পশ্চিমবংগ। তথ্য অনুসৰি পশ্চিমবংগত প্ৰতি বছৰে ৪৩ হাজাৰৰো অধিক সামূহিক দুৰ্গা পূজা আয়োজন কৰা হয়। কেৱল কলকাতাতে এইবাৰ প্ৰায় ৩০০০ খন দুৰ্গা পূজাৰ আয়োজন কৰিছিল বিভিন্ন পূজা সমিতিয়ে। চৰকাৰী তথ্য অনুসৰি, এইবাৰ ৰাজ্যখনত দুৰ্গা পূজা আয়োজনৰ বাবে পঞ্জীয়নভুক্ত সমিতিক ৭০ হাজাৰ টকাকৈ আৰ্থিক সাহায্য আগবঢ়াইছে মমতা বেনাৰ্জী চৰকাৰে। পূজা সমিতিৰ বাবে চৰকাৰে এইবাৰ মুঠ ৩০১ কোটি টকা আৱণ্টন কৰিছিল। ৰাজ্যখনৰ এই সৰ্ববৃহৎ ধৰ্মীয় উত্সৱটোত অনন্য থিম আৰু সজ্জাৰে সজাই তোলা হৈছিল প্ৰতিটো পূজা পেণ্ডেল। চন্দ্ৰযান ৩ৰ সাফল্যৰ পৰা ইজৰাইল-হামাছৰ যুদ্ধলৈকে বিভিন্ন ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় থিমেৰে নিৰ্মাণ কৰা হৈছিল পেণ্ডেলসমূহ।

২০১৭ চনত ৰাষ্ট্ৰীয় সেউজ ন্যায়াধিকৰণে (এন জি টি) জাৰি কৰা মূৰ্তি বিসৰ্জনৰ নিৰ্দেশনা অনুসৰি পশ্চিমবংগত পৰিৱেশ অনুকূল প্ৰতিমা বিসৰ্জনৰ বাবে প্ৰতি বছৰে কেতবোৰ নিয়ম বান্ধি দিয়া হৈছে। সেই অনুসৰি প্ৰাকৃতিক সামগ্ৰী ব্যৱহাৰ কৰি দুৰ্গা প্ৰতিমা বা আন যিকোনো প্ৰতিমা নিৰ্মাণ কৰিব লাগে। স্থানীয় কৰ্তৃপক্ষ, পৌৰসভাৰ সংস্থা, আৰক্ষী আদিৰ নিয়ন্ত্ৰণত থকা নিৰ্দিষ্ট স্থানতহে বিসৰ্জনৰ অনুমতি প্ৰদান কৰা হয়। ইয়াৰোপৰি প্ৰতিমা পানীত বিসৰ্জন কৰাৰ পূৰ্বে ফুল, পাত আৰু কৃত্ৰিম অলংকাৰ আদি “প্ৰতিমা”ৰ পৰা আঁতৰাই পেলোৱাৰ বাবে কঠোৰ নিৰ্দেশনা জাৰি কৰা হৈ আহিছে পশ্চিম বংগত। পৌৰসভাৰ সংস্থাসমূহে নিৰ্দিষ্ট সময়ৰ ভিতৰত নদীৰ তলৰ গঠন আৰু আৱৰ্জনা আঁতৰাই পৰিষ্কাৰ কৰাৰ দায়িত্ব ল’ব লাগে। এই নিয়ম উলংঘা কৰিলে প্ৰতি মূৰ্তিৰ বাবে ৫,০০০ টকা পৰ্যন্ত জৰিমনা বিহাৰ নিয়ম প্ৰণয়ন কৰা হৈছে।

২০২৩ চনত ২৩ অক্টোবৰত মহা নৱমীৰ দিনা কলকাতাত বিভিন্ন ঘাটত প্ৰায় ১১০০ টা দুৰ্গা প্ৰতিমা গংগা নদীত বিসৰ্জন দিয়া হৈছিল। অন্যহাতে এইবাৰো প্ৰতিবছৰৰ দৰেই কৰ্তৃপক্ষই গংগাৰ পানী প্ৰদূষণমুক্ত কৰি ৰখাৰ বাবে উদ্যোগ গ্ৰহণ কৰে। সেয়েহে প্ৰতিমাসমূহ পানীত বিসৰ্জন দিয়াৰ পিছতে ক্ৰেন-মেচিনৰ সহায়ত পুনৰ প্ৰতিমাবোৰ পাৰলৈ তুলি আনি নিৰ্ধাৰিত স্থানত ৰখা হয়। ইয়াৰ ফলত নদীৰ প্ৰদূষণ ৰোধ হোৱাৰ লগতে পৰিৱেশো পৰিস্কাৰ হৈ থাকে। মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়েও কিছু ঘাট পৰিদৰ্শন কৰি ব্যৱস্থা তদাৰক কৰি ৰাইজক সম্ভাষণ জনায়।


প্ৰতিদিনে একাধিক তথ্যসমৃদ্ধ তথা অনুসন্ধানমূলক বিতং বাতৰি প্ৰকাশ কৰিবলৈ আমাক প্ৰয়োজন মাহে ৫০ হাজাৰ টকাৰ। কিন্তু এতিয়া আমি শুভকাংক্ষীসকলৰ পৰা প্ৰতিমাহে সৰ্বমুঠ ১০-১২ হাজাৰ টকাকৈহে দান-বৰঙণি লাভ কৰিছো। ফলত আমি প্ৰতিদিনে মাত্ৰ এটা বাতৰিহে প্ৰকাশ কৰিবলৈ সমৰ্থ হৈছো। অনাগত সময়ত ৰাইজৰ স্বাৰ্থত আৰু অধিক বাতৰি প্ৰকাশ কৰিব পৰাকৈ আমি পঢ়ুৱৈসকলৰ পৰা সঁহাৰি লাভ কৰিব পাৰিম বুলি আশাবাদী। তলৰ ফটোখনত ক্লিক কৰি আমাক সাধ্যানুযায়ী সহায় কৰক।

Click to Read ►অনুগ্ৰহ কৰি আমাক 'বন্ধ হৈ পৰা' অথবা 'বিক্ৰী যাবলগীয়া' হোৱাৰ পৰা ৰক্ষা কৰক!


নদী আৰু পৰিৱেশৰ ওপৰত প্ৰতিমা বিসৰ্জনৰ প্ৰভাৱ

পূজাৰ পিছত প্ৰতিমা বিসৰ্জন হিন্দু পৰম্পৰাৰ এক অন্যতম নিয়ম। কিন্তু সময় যোৱাৰ লগে লগে প্ৰতিমা নিৰ্মাণত ৰাসায়নিক দ্ৰব্যৰ ব্যৱহাৰ বাঢ়ি অহা বাবে প্ৰতিমা বিসৰ্জনৰ ফলত নদী আৰু পৰিৱেশত যথেষ্ট প্ৰভাৱ পৰি অহাৰ অভিযোগ উত্থাপন হৈ আহিছে। প্ৰতিমা পানীত উটুৱাই দিয়াৰ ফলত পানী প্ৰদূষণ, পৰিৱেশৰ ভাৰসাম্যহীনতা আৰু স্বাস্থ্যজনিত বিপদৰ সৃষ্টি হোৱা বিষয়টোৱেও চৰ্চা লাভ কৰি আহিছে।

বিশেষজ্ঞসকলৰ মতে প্লাষ্টাৰ অৱ পেৰিছ বা চমুকৈ পিঅ’পি আৰু বেকড মাটিৰে তৈয়াৰী প্ৰতিমাসমূহ পানীত দ্ৰৱীভূত হৈ জিপচম, চালফাৰ, ফছফৰাছ আৰু মেগনেছিয়াম আদি ৰাসায়নিক পদাৰ্থ নিৰ্গত হ’বলৈ বহু সময় লাগে। প্ৰতিমা ৰং কৰিবলৈ ব্যৱহাৰ কৰা ৰংবোৰত পাৰা, সীহ, কেডমিয়াম, আৰ্ছেনিক আৰু কাৰ্বন আদি গধুৰ ধাতু থাকে, যাৰ ফলত পানীৰ অম্লতা আৰু বিষক্ৰিয়া বৃদ্ধি পায়। মূৰ্তি সজাবলৈ ব্যৱহাৰ কৰা প্লাষ্টিক আৰু থাৰ্মোকলৰ আনুষংগিক সামগ্ৰীসমূহ জৈৱ-বিঘ্নিত নহয় আৰু জলভাগ বন্ধ হৈ পৰে, যাৰ ফলত পানীৰ প্ৰাকৃতিক প্ৰবাহ আৰু অক্সিজেনৰ মাত্ৰাত প্ৰভাৱ পৰে। ফুল আৰু পাতৰ দৰে পূজাৰ সামগ্ৰীয়েও জৈৱিক বোজা বৃদ্ধি কৰে আৰু ইউট্ৰফিকেচনৰ সৃষ্টি কৰে, যাৰ ফলত শেলাই গজি উঠে আৰু দ্ৰৱীভূত অক্সিজেন হ্ৰাস পায়।

মূৰ্তি বিসৰ্জনৰ ফলত হোৱা জল প্ৰদূষণে নদী আৰু বিলৰ জলজ জীৱ আৰু জৈৱ বৈচিত্ৰ্যৰ ওপৰত প্ৰভাৱ পেলায়। পানীত থকা ৰাসায়নিক পদাৰ্থ আৰু ধাতুবোৰ মাছ আৰু অন্যান্য জীৱৰ কলাত জমা হৈ মৃত্যু, বিকৃতি বা উৰ্বৰতা হ্ৰাসৰ সৃষ্টি কৰিব পাৰে। প্লাষ্টিক আৰু থাৰ্মোকলৰ আৱৰ্জনাবোৰে জলজ প্ৰাণীবোৰৰ বাবে মৃত্যু পৰ্যন্ত নমাই আনিব পাৰে। শেলাই গজাৰ ফলত জলজ উদ্ভিদৰ সূৰ্যৰ পোহৰৰ প্ৰৱেশ আৰু সালোক সংশ্লেষণ হ্ৰাস কৰি খাদ্য শৃংখল আৰু পৰিৱেশ তন্ত্ৰত প্ৰভাৱ পেলাব পাৰে।

পানী প্ৰদূষণৰ ফলত খোৱা পানী, জলসিঞ্চন, মাছ ধৰা বা বিনোদনৰ বাবে নদী আৰু বিলৰ ওপৰত নিৰ্ভৰশীল লোকসকলৰ স্বাস্থ্য আৰু জীৱিকাৰ ওপৰতো প্ৰভাৱ পৰে। প্ৰদূষিত পানীয়ে ছালৰ সংক্ৰমণ, গেষ্ট্ৰাইটিছৰ বিকাৰ, শ্বাস-প্ৰশ্বাসজনিত সমস্যা বা কেন্সাৰ আদি বিভিন্ন ৰোগৰ সৃষ্টি কৰিব পাৰে। প্ৰদূষিত পানীয়ে মাছ ধৰাৰ গুণগত মান আৰু পৰিমাণো হ্ৰাস কৰিব পাৰে, যাৰ ফলত মাছমৰীয়াসকলৰ আয় আৰু পুষ্টিৰ ওপৰত প্ৰভাৱ পৰে।

প্ৰতিমা নিৰ্মাণ কৰিবলৈ ব্যৱহাৰ কৰা ৰাসায়নিক পদাৰ্থ আৰু ইয়াৰ প্ৰভাৱ

অসমৰ এগৰাকী সুপৰিচিত ভাস্কৰ্য শিল্পী শিৱনাথ বাৰাইয়ে NNOৰ আগত কয় যে, সাধাৰণতে দীৰ্ঘম্যাদী মূৰ্তি বা প্ৰতিমা নিৰ্মাণৰ বাবে পিঅ’পি আৰু কৃত্ৰিম ৰঙৰ ব্যৱহাৰ কৰা হয়। অৱশ্যে সাধাৰণ পূজাৰ বাবে কম মূল্যত প্ৰতিমা নিৰ্মাণৰ বাবে পিঅ’পি ব্যৱহাৰ প্ৰায় নোহোৱাৰ দৰেই বুলিও মন্তব্য কৰে বাৰাইয়ে। তেওঁ লগতে কয় যে পিঅ’পি আৰু কৃত্ৰিম ৰঙে মানুহৰ স্বাস্থ্য আৰু পৰিৱেশৰ ওপৰতো বিৰূপ প্ৰভাৱ পেলাব পাৰে। পিঅ’পি সহজতে পানীত দ্ৰৱীভূত নহয়, যাৰ বাবে প্ৰতিমাত ইয়াৰ প্ৰয়োগ কৰিলে সম্পূৰ্ণৰূপে দ্ৰৱীভূত হবলৈ কেইবা মাহ বা বছৰৰ প্ৰয়োজন হ’ব পাৰে। ভাস্কৰ্য শিল্পীগৰাকীয়ে আৰু জানিবলৈ দিয়া মতে, পিঅ’পিয়ে পানীত চালফাৰ, ফছফৰাছ আৰু মেগনেছিয়াম নিৰ্গত কৰে, যিয়ে পানীৰ কঠিনতা আৰু ঘোলা বৃদ্ধি কৰে। পিঅ’পিয়ে পানীৰ পিএইছও হ্ৰাস কৰে, যাৰ ফলত ই অধিক এচিডিক হৈ পৰে।

অন্যহাতে প্ৰতিমাসমূহ উজ্জ্বল, চিকচিকিয়া আৰু মসৃণ কৰিবলৈ কৃত্ৰিম ৰং ব্যৱহাৰ কৰা হয়। কিন্তু কৃত্ৰিম ৰঙত ক্ষতিকাৰক ৰাসায়নিক পদাৰ্থ যেনে দ্রাৱক, ৰঞ্জক পদাৰ্থ, বাইণ্ডাৰ আৰু সংযোজক পদাৰ্থ থাকে, যিবোৰ মানুহ আৰু জীৱ-জন্তুৰ বাবে বিষাক্ত। কৃত্ৰিম ৰঙত পাৰা, সীহ, কেডমিয়াম, আৰ্ছেনিক আৰু কাৰ্বন আদি গধুৰ ধাতুও থাকে, যিবোৰ কাৰ্চিনোজেনিক, মিউটেজেনিক বা টেৰাট’জেনিক। এই ধাতুবোৰে জৈৱ সঞ্চয় বা জৈৱ বৃদ্ধিৰ জৰিয়তে খাদ্য শৃংখলত প্ৰৱেশ কৰি বিভিন্ন স্বাস্থ্যজনিত সমস্যা যেনে স্নায়ুজনিত বিকাৰ, বৃক্কৰ ক্ষতি, যকৃতৰ ক্ষতি বা জন্মগত বিসংগতিৰ সৃষ্টি কৰিব পাৰে।

পশ্চিমবংগৰ বনগা চহৰত ইছামতী নৈত বিসৰ্জনৰ পিছতে
যন্ত্ৰৰ সহায়ত প্ৰতিমা নিৰঞ্জন প্ৰক্ৰিয়া, ফটোঃ আনন্দবজাৰ পত্ৰিকা

শিৱনাথ বাৰাইয়ে কয়, “সাধাৰণ পূজা- যেনে ধৰক দুৰ্গা পূজা বা গণেশ পূজাৰ বাবে প্ৰতিমা বিসৰ্জনৰ সময়ত সাধাৰণতে ক্ষতিকাৰক ৰাসায়নিক পদাৰ্থ ব্যৱহাৰ কৰা নহয়। ইয়াৰ অন্যতম কাৰণ হৈছে তেনে প্ৰতিমাসমূহৰ মূল্য। কিন্তু পিঅ’পি ব্যৱহাৰৰ লগে লগে প্ৰতিমাসমূহৰ মূল্য চাৰিগুণ অধিক হৈ পৰে। এনে প্ৰতিমা দীৰ্ঘম্যাদি হয়। স্থায়ী পূজা মণ্ডপ, মন্দিৰ আদিৰ বাবে সাধাৰণতে পিঅ’পি ব্যৱাহৰ কৰা প্ৰতিমা নিৰ্মাণ কৰা হয়।“

“অৱশ্যে সকলো প্ৰতিমাই কম-বেছি পৰিমাণে হলেও পৰিৱেশৰ ওপৰত প্ৰভাৱ পেলায়, বিসৰ্জনৰ পিছত পানী অতি কম পৰিমাণে হলেও প্ৰদূষিত কৰে। তেনে প্ৰদূষণ ৰোধ কৰিবলৈ চৰকাৰেও পদক্ষেপ গ্ৰহণ কৰা উচিত। বিসৰ্জনৰ পিছতে প্ৰতিমাসমূহ পুনৰ পানীৰ পৰা তুলি আনি নিৰ্ধাৰিত স্থানত ৰাখিলে অন্ততঃ পানী প্ৰদূষণ ৰোধ কৰিব পৰা যাব।’’-ভাস্কৰ্য শিল্পী শিৱনাথ বাৰাইয়ে NNOৰ আগত এইদৰে কয়। 

প্ৰতিমা বিসৰ্জনে কেনেদৰে ক্ষতি কৰিছে গংগাৰ পানী?

ভাৰতৰ হিন্দু ধৰ্মাৱলম্বীসকলৰ অন্যতম পবিত্ৰ নদী গংগাৰ পানীও দিনক দিনে প্ৰদূষিত হৈ পৰাৰ অন্যতম এক কাৰণ প্ৰতি বছৰে এই পৱিত্ৰ নৈখনত হোৱা প্ৰতিমা বিসৰ্জন বুলি দাবী কৰিব খোজে পৰিৱেশবিদসকলে। দুৰ্গা পূজা, গণেশ চতুৰ্থী আদি উৎসৱৰ সময়ত গংগা নদীত প্ৰতি বছৰে হাজাৰ হাজাৰ প্ৰতিমা বিসৰ্জন কৰা হয়। ১৯৯৩-৯৫ চনত কেন্দ্ৰীয় প্ৰদূষণ নিয়ন্ত্ৰণ ব’ৰ্ডে (চিপিচিবি) কৰা এক অধ্যয়ন অনুসৰি দছেৰাৰ সময়ত গংগা নদীত তেল আৰু গ্রীজ প্ৰতি লিটাৰত ০.৯৯ মিলিগ্ৰাম বৃদ্ধি পায় আৰু গধুৰ ধাতুৰ ঘনত্ব ০.১০৪ মিলিগ্ৰাম প্ৰতি লিটাৰত বৃদ্ধি পায়। অধ্যয়নটোত এইটোও পোহৰলৈ আহিছে যে প্ৰতিমা বিসৰ্জনৰ ফলত ১৬.৮ টন বাৰ্নিচ আৰু গাৰ্জান তেল আৰু ৩২ টন ৰং পানীত নিৰ্গত হয়। এই ৰংবোৰত মেংগানিজ, সীহ, পাৰা আৰু ক্ৰ’মিয়ামৰ দৰে গধুৰ ধাতু থাকে, যিয়ে স্নায়ুজনিত বিকাৰ, বৃক্কৰ ক্ষতি, কেন্সাৰ, জন্মগত বিসংগতিৰ সৃষ্টি কৰিব পাৰে।

আনহাতে এছিয়াৰ অন্যতম বৃহৎ কৃত্ৰিম হ্ৰদ হায়দৰাবাদৰ হুছেইন সাগৰ হ্ৰদতো বছৰ বছৰ ধৰি প্ৰতিমা বিসৰ্জনে ঋণাত্মক প্ৰভাৱ পেলাই অহা পৰিলক্ষিত হৈ আহিছে। গণেশ চতুৰ্থী উৎসৱত প্ৰতি বছৰে প্ৰায় ৩০ হাজাৰ প্ৰতিমা এই বিলখনত বিসৰ্জন কৰা হয়। ২০০১ চনত অন্ধ্ৰ প্ৰদেশ প্ৰদূষণ নিয়ন্ত্ৰণ ব’ৰ্ডে (এপিপিচিবি) কৰা এক অধ্যয়ন অনুসৰি বিসৰ্জনৰ পিছত হ্ৰদৰ পানীৰ পি এইচ ৮.৫ৰ পৰা ৭.৮লৈ হ্ৰাস পাইছে, যিয়ে এচিডিটি বৃদ্ধিৰ ইংগিত দিয়ে। দ্ৰৱীভূত অক্সিজেনৰ মাত্ৰাও প্ৰতি লিটাৰত ৪.৫ মিলিগ্ৰাম পৰা প্ৰতি লিটাৰত ২ মিলিগ্ৰামলৈ হ্ৰাস পাইছে, যিয়ে জলজ জীৱৰ বাবে অক্সিজেনৰ উপলব্ধতা হ্ৰাস কৰাৰ ইংগিত দিয়ে। অধ্যয়নত এইটোও দেখা গৈছে যে নৈখনৰ পানীত সীহ, তাম, জিংক, ক্ৰ’মিয়াম, আৰু কেডমিয়াম আদি গধুৰ ধাতুৰ ঘনত্ব প্ৰতিমা বিসৰ্জনৰ পিছত যথেষ্ট বৃদ্ধি পায় আহিছে। এই ধাতুবোৰে মাছ আৰু অন্যান্য জলজ জীৱৰ বৃদ্ধি আৰু প্ৰজননত প্ৰভাৱ পেলাব পাৰে।

দুৰ্গা পূজা বা অন্য পূজাৰ পিছত মূৰ্তি বিসৰ্জন কৰাটো বহু লোকৰ বাবে সাংস্কৃতিক তাৎপৰ্য থকা এক ধৰ্মীয় অনুষ্ঠান। কিন্তু এই অনুষ্ঠানে পৰিৱেশ আৰু পানীৰ গুণাগুণৰ ওপৰতো নেতিবাচক প্ৰভাৱ পেলায়, কিয়নো ইয়াৰ ফলত পানী প্ৰদূষণ, পৰিৱেশৰ ভাৰসাম্যহীনতা আৰু স্বাস্থ্যজনিত বিপদৰ সৃষ্টি হয়। সেয়েহে ধৰ্মীয় আৱেগ আৰু পৰিৱেশৰ চিন্তাৰ মাজত ভাৰসাম্য ৰক্ষা কৰিব পৰা পৰিৱেশ অনুকূল মূৰ্তি বিসৰ্জন পদ্ধতি গ্ৰহণ কৰাৰ প্ৰয়োজন আছে বুলি মন্তব্য কৰি আহিছে পৰিৱেশবিদসকলে। চৰকাৰেও মূৰ্তি বিসৰ্জনৰ বাবে কঠোৰ নিৰ্দেশনা আৰু নিয়ম কাৰ্যকৰী কৰি সেইবোৰ পালনৰ ওপৰত নজৰ ৰখাৰ লগতে পূজা আয়োজক সমিতিয়েও প্ৰদূষণ ৰোধ আৰু পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ ওপৰত গুৰুত্ব প্ৰদান কৰা উচিত বুলি মন্তব্য কৰে সচেতন মহলে।