ডিফুঃ সৰু-বৰ পাহাৰৰ নৈসৰ্গিক প্ৰাকৃতিক সমাহাৰেৰে ভৰপুৰ কাৰ্বি পাহৰত উখল মাখল পৰিৱেশ৷ কাৰ্বি য়ুথ ফেষ্টিভেলে গৌৰৱোজ্জল ৪৪ বৰ্ষত ভৰি দিলে৷ কাৰ্বি আংলং জিলাবাসীয়ে সগৌৰৱে বৃহস্পতিবাৰৰ পৰা ৫ দিনীয়া কাৰ্যসূচীৰে কাৰ্বি সকলৰ পৰাম্পৰাগত কাৰ্বি যুৱ মহোৎসৱ উৎযাপান কৰিছে৷ কাৰ্বি পৰাম্পৰাগত আৰ্হিৰ মণ্ডপ, পিনি, পেকক, ৱামকক পিন্ধি কাৰ্বি যুৱতী সকলে পৰাম্পৰাগত নৃত্যৰে দৰ্শকক মোহিত কৰিবলৈ সাজু হৈছে৷ জনজাতীয় পৰাম্পৰাগত সাজ-পোছাক, নৃত্যৰে মুখৰিত হৈ পৰিছে কাৰ্বি পাহাৰৰ চৌদিশ৷

প্ৰতি বছৰৰ দৰে এই বছৰো বৃহস্পতিবাৰৰ পৰা আৰম্ভ হৈছে পৰা ৫ দিনীয়া কাৰ্যসূচীৰে ৪৪ সংখ্যক কাৰ্বি যুৱ মহোৎসৱ৷ জিলা খনত বসবাস কৰা প্ৰতিটো জনগোষ্ঠীৰ পৰাম্পৰাগত কৃষ্টি সংস্কৃতিক অগ্ৰাধিকাৰ দি উদ্যোক্তা সকলে তাৰালাংচত সংস্কৃতিৰ পৃথিৱীখনত এক সকীয়া পৰিচয় লাভ কৰিবলৈ সক্ষম হৈছে৷ ৮২৭ বিঘাজোৰা মাটিকালিৰ তাৰালাংচৰ বাকৰিত শিল্পীগ্ৰাম, বিভাগীয় প্ৰদৰ্শনীস্থলী, বজাৰ গৃহ, ক্ৰীড়াংগন, জনগোষ্ঠীয় আৱাস গৃহ, জনগোষ্ঠীয় নৃত্য আৰু কলা প্ৰদৰ্শনীৰ বাবে (আচেথাই) মঞ্চসমূহ বিভিন্ন আলোক সজ্জাৰে ন-কইনাৰ দৰে সজাই পৰাই তুলিছে৷

১৯৭৪ চনৰ পৰাৰ পৰা ধাৰাবাহিক ভাবে অনুষ্ঠিত হৈ অহা যুৱ মহোৎসৱ উত্তৰ পূৰ্বাঞ্চলৰ অন্যতম পুৰণি যুৱ মহোৎসৱ হিচাপে পৰিগণিত হৈছে৷ এইবাৰ যুৱ মহোৎসৱত আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিব প্ৰায় ৭০ ফুট উচ্চতাৰ কাৰ্বি নথেংপি (প্ৰাসাদ)৷ কাৰ্যক্ৰমণিকা অনুসৰি বৃহস্পতিবাৰে ২বজাৰ পৰা শিল্পীৰ আগমন আৰু পঞ্জীয়ণকৰণ, সন্ধিয়া ৫বজাত কাৰ্বি পৰিষদৰ অধ্যক্ষ হৰেণচিং বে’ই শিল্পীগ্ৰাম উদ্ধোধন কৰে, ৭-৩০ বজাত বিষয় সমিতিৰ সভা, ১৬ ফেব্ৰুৱাৰী অৰ্থাৎ শুকুৰবাৰে পুৱা ৮-১৫ বজাত কাৰ্বি ডিভাইন মিউজিক গুৰু ৰাংচিনা চাৰপ'ক শ্ৰদ্ধাঞ্জলী জ্ঞাপন কৰা হ’ব, ৮- ৪৫ বজাত শিল্পী গ্ৰামৰ পৰা শিল্পীসকলৰ পতাকা উত্তোলন থলীলৈ বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা হ’ব৷

৯ বজাত কেচএছৰ প্ৰাক্তন সভাপতি লুণচে তিমুঙে পূৰ্ব পুৰুষৰ আত্মাক স্মৰণ কৰিব৷ ৯-৪৫ বজাত আদৰণি সমিতিয়ে কেচিএছৰ নৱনিযুক্ত সভাপতি সম্পাদকক সম্বৰ্ধনা জ্ঞাপন কৰিব৷ পুৱা ১০ বজাত কেচিএচৰ সভাপতি চন্দ্ৰচিং ক্ৰই ৪৪ সংখ্যক কাৰ্বি যুৱ মহোৎসৱৰ পতাকা উত্তোলন, ১০-৪৫ বজাত কাৰ্বি স্বায়ত্ত পৰিষদৰ মুখ্য কাৰ্যবাহী তুলিৰাম ৰংহাঙে হেম্ফু মুক্ৰাং ৰাচিংজা আৰ্নি আৰু ৪৪ সংখ্যক কাৰ্বি যুৱ মহোৎসৱৰ শুভ উদ্ধোধন কৰিব৷ বিশিষ্ট অতিথি হিচাপে কাৰ্বি ৰজা ৰংহাঙ ৰংবং ৰামচিং ৰংহাঙ সন্মানীয় আৰু আমন্ত্ৰিত অতিথি হিচাপে বহু গণ্যমান্য লোক আৰু বিভিন্ন দল-সংগঠনৰ সভাপতি-সম্পাদক