ডিজিটেল ডেস্কঃ এটি ভাষাই এটি জাতি-জনগোষ্ঠীক প্ৰতিনিধিত্ব কৰে। ভাষা অবিহনে যেন আধৰুৱা একো একোটা জাতি-জনগোষ্ঠী৷ ভাষাৰ গইনা লৈ জাতিটোৰ কৃষ্টি-সংস্কৃতি, পৰম্পৰা গঢ় লৈ উঠে৷ যদি ভাষাটোৱেই নাথাকে জাতি-জনগোষ্ঠীৰ চিন থাকিব ক’ত৷ এটি ভাষাৰ মুত্যু মানে সাহিত্য-সংস্কৃতিৰ মৃত্যু। ভাষাৰ যদি অপমৃত্যু হয় তেন্তে সেয়া সমাজৰ বাবে চিন্তাৰ হৈ পৰে৷

মাত্ৰ কেইহাজাৰ মান লোকে কোৱা দেশৰ কেইবাটাও ভাষা বিলুপ্ত হোৱাৰ দিশে আগবঢ়া বুলি শেহতীয়াকৈ প্ৰকাশ পাইছে এটি প্ৰতিবেদন৷ জনসংখ্যা গণনা নিৰ্দেশালয়ৰ এটি পিয়লত এই কথা ওলাই পৰে৷ দেশত ২২টা অনুসূচিত আৰু ১০০টা অন্যান্য ভাষা আছে।

তাৰ ভিতৰত ৪২টা ভাষা কোৱা লোকৰ সংখ্যা ১০০০০ জন তকৈও কম। এই ভাষাবোৰ লাহে লাহে বিলুপ্তি হোৱা দিশে আগবাঢ়িছে। বিলুপ্তিৰ দিশে গতি কৰা ভাষা সমূহৰ ১১টা আণ্ডামান নিকোবৰ দ্বীপ পুঞ্জৰ, ৭টা মনিপুৰৰ আৰু হিমাচল প্ৰদেশৰ ৪টা ভাষা সন্মিবিষ্ট হৈ আছে। লুপ্তপ্ৰায় ভাষা সমূহ সংৰক্ষণৰ বাবে ভাৰতীয় ভাষা সংস্থাপন কেন্দ্ৰীয় যোজনাৰ অধীনত সংৰক্ষণৰ বাবে কাম কৰি থকা হৈছে ।

ভাৰতীয় ভাষা সংস্থাপন যোজনাৰ অধিনত ব্যাকৰণৰ সম্বন্ধে জ্ঞান আহৰন, মূল্যাংকন আৰু দ্বি-ভাষিক অভিধান প্ৰস্তুত কৰাৰ বাবেও চিন্তা কৰা হৈছে৷ ভাষাসমূহৰ সাধু কথা সংগ্ৰহ, বিশ্বকোষ তৈয়াৰ কৰা আদি কাম কৰি থকা হৈছে।

বিশেষকৈ ১০,০০০ৰ তলৰ কোৱা লোক থকা ভাষা সমূহৰ ক্ষেত্ৰত এনে ব্যৱস্থা কৰি থকা হৈছে৷ ২২টা মুখ্য ভাষাৰ বাহিৰেও দেশত অন্য ৩১টা ভাষা বিভিন্ন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত ঠাইত চৰকাৰী ভাষাৰ মৰ্যদা দিয়া হৈছে। জনসংখ্যা গণনাৰ মতে দেশত থকা ১,৬৩৫টা মাতৃ ভাষাৰ ২৩৪ বহুল প্ৰচলিত আৰু ইয়াৰে ২২টা মুখ্য ভাষা।