বিহালীঃ পৰিৱৰ্তনৰ ফটা ঢোল বজাই ভোট ভিক্ষা কৰি শাসনৰ গাদীত বহা বিজেপি চৰকাৰৰ নিৰ্দেশত কৰ্মৰত এচাম কৰ্মীৰ বাবে নিতৌ ফাদিল হ’ব ধৰিছে প্ৰতিটো বিভাগৰ একো একোটা ফোপোলা স্বৰূপ ৷ ৰাজ্যৰ পৰিৱৰ্তনকামী চৰকাৰখনে নতুনকৈ কৰ্ম সংস্কৃতি গঢ়ি তুলিবলৈ যিমানেই নতুন নতুন নিৰ্দেশনা জাৰি কৰিছে কাৰ্যতঃ সকলোবোৰ যে ভেকোভাওনাত পৰিণত হৈছে সেয়া পুনৰবাৰ প্ৰমাণিত হৈছে নৱগঠিত বিশ্বনাথ জিলাৰ বিহালী শিক্ষা খণ্ডত ।

শিক্ষাৰ দৰে সমাজৰ এটা অতি গুৰুত্বপূৰ্ণ সেৱাৰ দায়িত্বত নিয়োজিত হৈ বিভাগটোৰ এটা গুৰুত্বপূৰ্ণ পদবীত থাকি কেনেকৈ মাহৰ পিছত মাহ ধৰি কাৰ্যালয়লৈ নোযোৱাকৈ বিহালী শিক্ষা খণ্ডৰ খণ্ড প্ৰাথমিক শিক্ষা বিষয়াৰ স্বাক্ষৰত মাহেকে অৰ্ধ লক্ষাধিক টকাৰ দৰমহা আদায় কৰি আছে, সিও এক অতি ৰহস্য জনক আৰু গুৰুত্বপূৰ্ণ বিষয় । 

উল্লেখ্য যে বিহালী শিক্ষা খণ্ডৰ পৰিসংখ্যা সহায়ক পদত নিয়োজিত হৈ থকা ৰাজীৱ কটকী নামৰ এজন কৰ্মচাৰীয়ে কাৰ্যালয়ত উপস্থিত নথকাকৈয়ে মাহেকীয়া দৰমহা নিয়মীয়াকৈ লাভ কৰি অহাৰ বাবে আচৰিত হৈ পৰিছে কাৰ্যালয়টোৰ অন্যান্য কৰ্মচাৰীসকল ।

জানিব পৰা মতে, ভোগালী বিহুৰ বন্ধৰ পিছৰ পৰা কাৰ্যালয়টোত অনুপস্থিত কৰ্মচাৰীজনে হঠাত বেংকৰ ঋণ পৰিশোধ নকৰাৰ ফলত দৰমহা বন্ধ হোৱাৰ বাবে মংগলবাৰে কাৰ্যালয়ত উপস্থিত হৈ পূৰ্বৰ কেইবাদিনৰো উপস্থিৰ স্বাক্ষৰ একেলগে কৰা বুলি এক বিশেষ সূত্ৰে গম পোৱা যায় ৷ 

তদুপৰি কৰ্মচাৰী গৰাকীৰ বিৰুদ্ধে আছে উৎকোচ সংগ্ৰহৰ বহু ন-পুৰণি অভিযোগ । অসম চৰকাৰে শেহতীয়াকৈ ৰাজ্যিক কৰ্মচাৰী সকলক কম সুদত ঋণ প্ৰদানৰ বাবে ৰূপায়ণ কৰা ‘‘আপোনঘৰ’’ শীৰ্ষক অভিলাষী ঋণ প্ৰদান আঁচনিখনৰ সুবিধালৈও বেংক সম্পৰ্কীয় নথি-পত্ৰ প্ৰস্তুত কৰি দিয়াৰ নামত খণ্ড প্ৰাথমিক শিক্ষা বিষয়াৰ বুজাবুজিত বহু শিক্ষকৰ পৰা সংগ্ৰহ কৰি আছে বুজন পৰিমাণৰ ধন।

কৰ্মচাৰীজনৰ এনে কাৰ্যৰ বাবে বিভাগীয় কাম-কাজ সম্পূৰ্ণ নোহোৱাৰ ভয়ত বহু শিক্ষকে কৰ্মচাৰীজনৰ বিৰুদ্ধে মুখ খুলিবলৈ সাহস কৰিব নোৱাৰাৰ সুযোগ লৈ শিক্ষা খণ্ডটোৰ বহু শিক্ষকৰ পৰা ভয়-ভাবুকি প্ৰদান কৰিও টকা আদায় কৰি থকাৰ কথা জানিব পৰা গৈছে ৷

উল্লেখ্য যে  পূৰ্বতেও শিক্ষকৰ ঋণ প্ৰদানৰ দৰে আন এক গুৰুত্বপূৰ্ণ কামত তদানীন্তন খণ্ড প্ৰাথমিক শিক্ষা বিষয়াৰ স্বাক্ষৰ জালিয়াতিৰ দৰে গুৰুতৰ অপৰাধ সংঘটিত কৰি বেংকৰ পৰিচালকৰ ধমকি খোৱা এই কৰ্মচাৰীজনে চলাই অহা কু-কাৰ্য্যৰ বাবে বিহালী অঞ্চলৰ বৃহত্তৰ শৈক্ষিক স্বাৰ্থৰ প্ৰতি লক্ষ্য ৰাখি অঞ্চলটোৰ সচেতন ৰাইজে কঠোৰ ব্যৱস্থা গ্ৰহণৰ দাবী জনোৱাৰ লগতে দুৰ্গম অঞ্চললৈ ধোদ কৰ্মচাৰীজনৰ শাস্তি মূলক হস্তান্তৰ বিচাৰিছে বিহালীবাসীয়ে ৷